1. Government Schemes

অৰুণোদয় আঁচনি কি? কোনে লাভ কৰিব এই আচঁনিৰ সুবিধা?

KJ Staff
KJ Staff
Orunodoi  Scheme
Orunodoi Scheme

2020 চনৰ অক্টোবৰ মাহৰ 2 তাৰিখে অসম চৰকাৰে অৰুণোদয় নামৰ এখন নতুন আঁচনি উন্মোচন কৰে।

সুবিধা

অৰুণোদয় আঁচনিৰ অধীনত DBT (Direct Benefit Transfer) ব্যৱস্থাৰ মাধ্যমেৰে ৰাজ্যখনৰ প্ৰায় 17 লাখ লোকক প্ৰতিমাহে 830 টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়োৱা হ'ব। 2020 চনৰ অক্টোবৰ মাহৰপৰা আৰম্ভ কৰি প্ৰতি মাহৰ প্ৰথম দিনটোত তেওঁলোকে ধনৰাশী লাভ কৰিব। পৰিয়ালৰ প্ৰাথমিক তত্ত্বাবধায়ক হিচাপে মহিলাসকলক এই আঁচনিৰ সুবিধাভোগী হিচাপে ৰখা হয়।

অসম চৰকাৰে যোগ্য হিতাধিকাৰীক ঔষধ, দাইল আৰু চেনি কিনিবৰ বাবে প্ৰতিমাহে আৰ্থিক সাহাৰ্য প্ৰদান কৰিব। আৱশ্যক অনুসৰি স্বাস্থ্যৰ যতন ল'বৰ বাবে প্ৰতিটো পৰিয়ালক ঔষধ কিনিবৰ বাবে মাহে 400 টকা, এটা পৰিয়ালত এমাহত ব্যৱহাৰ হোৱা 4 কে.জি দাইলৰ 50% ৰেহাই দিবৰ বাবে প্ৰতিমাহে 200 টকাকৈ আৰু এমাহত ব্যৱহাৰ হোৱা 4 কে.জি চেনিৰ 50% ৰেহাই দিবৰ বাবে প্ৰতিমাহে 80 টকাকৈ আৰ্থিক সাহাৰ্য আগবঢ়াব। ইয়াৰ উপৰিও, তেওঁলোকৰ ঘৰুৱা কৃষিভূমিত নোহোৱা ফলমূল আৰু শাক-পাচলি কিনিবৰ বাবে প্ৰতিটো পৰিয়ালক মাহে 150 টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান কৰিব। চিকিৎসা আৰু পুষ্টিৰ সহায়তা সকলোবিলাক একেলগ কৰি এটা পৰিয়ালক প্ৰতি মাহে 830 টকাৰ আৰ্থিক অনুদান দিয়া হ'ব।  

হিতাধিকাৰী 

  • অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব। 

  • বৰ্তমান অসমত বসবাস কৰি থকা হ'ব লাগিব । 

  • যোগিক বছেৰেকীয়া আয় 2 লাখ টকাৰ কম হ'ব লাগিব। 

  • বৈধ বেংক একাউন্ট থাকিব লাগিব। 

নিৰ্দেশাৱলী অনুযায়ী জিলা স্তৰৰ মনিটৰিং কমিটিয়ে যোগ্য হিতাধিকাৰীৰ তালিকা প্ৰস্তুত কৰিব। যোগ্য/অযোগ্য চৰ্ত্তৰ ভিত্তিত গাঁও পঞ্চায়ত (GP), গ্ৰাম পৰিষদ উন্নয়ন কমিটি (VCDC) আৰু আৰবান লোকেল বডী (ULB)স্তৰত হিতাধিকাৰীৰ প্ৰাথমিক বাছনি সম্পন্ন কৰা হ'ব। 

হিতাধিকাৰীৰ ষ্টেটাচ চাবৰ বাবে, click here 

Information Source-Vikaspedia

English Summary: What is Orunodoi Scheme

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.