1. News

ফেচবুকৰ বন্ধুৰ অনুৰোধ ৰাখি যুৱকে সাজি উলিয়ালে কম খৰচী ইনকিউবেটৰ

Mrigakshi Phukan
Mrigakshi Phukan
Incubator machine made by innovator Abhijit Duwarah
Incubator machine made by innovator Abhijit Duwarah

নতুন নতুন উদ্ভাৱনেৰে চমক সৃষ্টি কৰা শিৱসাগৰৰ যুৱক অভিজিত দুৱৰা এতিয়া ৰাজ্যবাসীৰ বাবে এটা চিনাকি নাম। সীমিত উপাদানেৰে কেইবাটাও অভিনৱ যন্ত্ৰ আৰু অন্যান্য সামগ্ৰী তেওঁ সাজি উলিয়াইছে। জনকল্যাণমূলক উদ্দেশ্যক আগত ৰাখি অভিজিতে উদ্ভাৱন কৰা প্ৰতিটো সামগ্ৰীয়ে ব্যতিক্ৰমী আৰু উপযোগী। পশুপালক সকলৰ সহায় হোৱাকৈ তেওঁ সাজি উলিয়াইছে এটা কণী উমনি দিয়া যন্ত্ৰ। এই যন্ত্ৰটোত হাঁহ, কুকুৰা আদিৰ কণী উমনি দি পোৱালি জগাবলৈ সহজ।

আগতেই উল্লেখ কৰা হৈছে যে যুৱকজনে সাজি উলিওৱা প্ৰতিটো সামগ্ৰীৰ আঁৰত আছে একোটা মহৎ উদ্দেশ্য। যুৱকজনে জানিবলৈ দিয়া মতে লকডাউন চলি থকাৰ সময়তে তেওঁ এনেধৰণৰ এটা যন্ত্ৰ সাজি উলিওৱাৰ কথা ভাবিছিল। কিয়নো, যেতিয়াৰেপৰা লক ডাউন আৰম্ভ হৈছিল, তেতিয়াৰেপৰা বহু লোকৰ উপাৰ্জনৰ বাট বন্ধ হৈ পৰিছিল। সেই সময়ত বহু লোকে হাঁহ-কুকুৰাৰ ফাৰ্মৰ ব্যৱসায় আৰম্ভ কৰিছিল। কিন্তু ইনকিউবেটৰ মেচিনৰ দাম যথেষ্ট বেছি বাবে সেই সময়ত বহু হাঁহ-কুকুৰা পালকে এনে যন্ত্ৰ ক্ৰয় কৰিব পৰা নাছিল।

অভিজিত দুৱৰা যিহেতু এজন পৰিচিত উদ্ভাৱক আৰু বহুকেইটা মেচিন তেওঁ ইতিমধ্যে সাজি উলাইছে, তেওঁক বিভিন্ন যন্ত্ৰ-পাতি প্ৰস্তুত কৰি দিবলৈ বিভিন্ন লোকে অনুৰোধ জনায়। এদিন এগৰাকী মহিলাই অভিজিতক ফেচবুকৰ জৰিয়তে কম দামত Incubator মেচিন সাজি দিবলৈ অনুৰোধ কৰে। মহিলাগৰাকীৰ কথা ৰাখি অভিজিতে নিজৰ ধৰণেৰে সাজি উলিয়ালে এটা ইনকিউবেটৰ যন্ত্ৰ। এই যন্ত্ৰৰ জৰিয়তে নতুনকৈ সৰু ফাৰ্মৰ ব্যৱসায় কৰাসকল উপকৃত হ’ব বুলি আশা কৰে উদ্ভাৱক অভিজিত দুৱৰাই।

বৰ্তমান তেওঁ এই যনেত্ৰটো ব্যৱসায়িক ভিত্তিত বিক্ৰী কৰে। কম দামত ভাল মানৰ ইনকিউবেটৰ মেচিন বিচাৰি থকাসকলৰ বাবে ই এটা উতকৃষ্ট যন্ত্ৰ। যন্ত্ৰটোৰ নতুন মডেলো তেওঁ সাজি উলিয়াইছে যাৰ কেপাচিটী পূৰ্বতকৈ বেছি। এই যন্ত্ৰটোত বহু কেইটা সা-সুবিধা আছে। যন্ত্ৰটো সম্পূৰ্ণ স্বয়ংক্ৰিয় (automatic incubator machine), ই ২২০ ভল্ট কাৰৰেণ্টত চলে। আৰু ইয়াক সৌৰ শক্তিৰ সহায়তো চলাব পাৰিব। ইয়াত ভিতৰৰ সকলো বস্তু plug in plug হয়। যন্ত্ৰটো প্ৰয়োজনত নিজে মেৰামতি কৰিব পাৰি। ইয়াৰ এগছ কেপাচিটী (eggs capacity) ২০০-৩০০। বৰ্তমান Ramdhanu Eggs Incubator নামৰ মেচিনটো বিক্ৰীৰ বাবে উপলব্ধ।

লগতে পঢ়কঃ Integrated farming: সমন্বিত হাঁহ আৰু মাছ পালন

English Summary: Solar enabled incubator machine

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.