1. News

চলি আছিল মধ্যাহ্ন ভোজন, দাইলৰ পাত্ৰত ওলাল প্ৰকাণ্ড সাপ!

KJ Staff
KJ Staff
mid day meal
mid day meal

খাবলৈ বহি খোৱাৰ পাতত যদি আপুনি ডাল সাপ উদ্ধাৰ কৰে তেতিয়া আপোনাৰ কেনে অনুভৱ হ’ব ককল্পনা কৰকচোন। এনে এক ঘটনা বাস্তৱতে সংঘটিত হৈছে পশ্চিমবংগত। এখন চৰকাৰী বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক মধ্যাহ্ন ভোজন পৰিৱেশন কৰি থকাৰ সময়তে দাইলৰ পাত্ৰত ওলাল এডাল প্ৰকাণ্ড সাপ। ঘটনাৰ বিৱৰণী অনুসৰি, পশ্চিম বংগৰ বীৰভূম জিলাত কেইবাজনো স্কুলীয়া শিশুক খাদ্য গ্ৰহণ কৰাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰাবলগদীয়া হয়। খাদ্য গ্ৰহণ কৰাৰ পাছতে অস্বাভিৱভাৱে অসুস্থ হৈ পৰিছিল ছাত্ৰ-ছাত্ৰীকেইজন। অভিযোগ অনুসৰি মধ্যাহ্ন ভোজনৰ খাদ্যৰ মাজত ওলাইছিল এডাল সাপ।

জিলাখনৰ মায়ুৰেশ্বৰ খণ্ডৰ এখন প্ৰাথমিক বিদ্যালয়ৰ প্ৰায় ৩০ জন শিক্ষাৰ্থীয়ে সোমবাৰে মধ্যাহ্ন ভোজনত পৰিৱেশন কৰা খাদ্য গ্ৰহণ কৰাৰ পাছতে অসুস্থ হৈ পৰে। আহাৰ প্ৰস্তুত কৰা বিদ্যালয়ৰ এজন কৰ্মচাৰীয়ে দাবী কৰা মতে দাইলভৰ্তি পাত্ৰ এটাত সোমাই আছিল এটা সাপ।

জিলা কৰ্তৃপক্ষই প্ৰকাশ কৰা মতে শিশুসকলে বমি কৰিবলৈ আৰম্ভ কৰাৰ বাবেই ৰামপুৰহাট চিকিৎসা মহাবিদ্যালয়লৈ নিব লগীয়া হৈছিল।

খণ্ড উন্নয়ন বিষয়া দীপঞ্জন জানাই সাংবাদিকৰ আগত কয় যে, মধ্যাহ্ন ভোজন খোৱাৰ পিছত শিশুসকল অসুস্থ হোৱাৰ বিষয়ে কেইবাজনো গাওঁবাসীৰ পৰা অভিযোগ পোৱা গৈছিল।

তেওঁ প্ৰাথমিক বিদ্যালয়সমূহৰ জিলা পৰিদৰ্শকক এই বিষয়ে অৱগত কৰাৰ পাছত আজি তেওঁ বিদ্যালয় পৰিদৰ্শন কৰিব বুলি জানাই কয়।

জানিব পৰা মতে সম্প্ৰতি এজনৰ বাহিৰে সকলো শিশুক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে। বিষয়াজনে তেওঁলোক বৰ্তমান বিপদমুক্ত বুলি অৱগত কৰে।

এজন আৰক্ষী বিষয়াই প্ৰকাশ কৰা মতে অভিভাৱকসকলে বিদ্যালয়খনৰ প্ৰধান শিক্ষকক ঘেৰাও কৰে আৰু তেওঁৰ দুচকীয়া বাহনখন ভাঙি চূৰমাৰ কৰে।

লগতে পঢ়কঃ উত্তৰ-পূৰ্বাঞ্চলৰ জৈৱিক কৃষিৰ বিকাশৰ বাবে যিমান লাগে সিমান পুঁজি দিব কেন্দ্ৰই

English Summary: Snake found in mid day meal

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.