
মঙলবাৰে কৃষি জাগৰণৰ মুখ্য কাৰ্যালয়ত আয়োজিত কে জে চৌপাল অনুষ্ঠানত মুখ্য অতিতি হিচাপে উপস্হিত থাকে ড্ৰোণ ফেডাৰেচন অৱ ইণ্ডিয়াৰ সভাপতি স্মিত শ্বাহ। অনুষ্ঠানটোৰ আলোচনাৰ মুখ্য বিষয় ড্ৰো'নৰ যোগেদি কৃষি পথাৰত সাৰ আৰু কীটনাশক দ্ৰব্য প্ৰয়োগ।
বিনিতা কুমাৰীয়ে আঁত ধৰা এই অনুষ্ঠানটোলৈ স্মিথ শ্বাহক কৃষি জাগৰণলৈ উষ্ম আদৰণি জনোৱা হয়। এই অনুষ্ঠানতে স্মিত শ্বাহৰ কেৰিয়াৰ যাত্ৰাৰ লগতে ১৯৯৬ চনত সাধাৰণ ভাৱে আৰম্ভ হোৱা কৃষিজাগৰণ আজি দেশৰ আগশাৰী মেডিয়া শাৰীত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল সেই গৌৰৱময় ২৬ বছৰ সফলতাৰ যাত্ৰা সম্বন্ধে এক প্ৰদৰ্শনী ভিডিঅ’ৰ জৰিয়তে সুন্দৰভাৱে উপস্হাপন কৰা হয়।
কৃষি জাগৰণ পৰিয়ালবৰ্গৰ সৈতে মত বিনিময় কৰি স্মিথ শ্বাহে ড্ৰোণৰ আকাৰ, প্ৰকাৰ, মূল্য আৰু কৃষি ক্ষেত্ৰত ইয়াৰ ব্যৱহাৰ সম্পৰ্কে কিছু গুৰুত্বপূৰ্ণ তথ্য শ্বেয়াৰ কৰে। ভাষণ প্ৰসংগত তেওঁ কয় যে বৰ্তমান কৃষি ক্ষেত্ৰত ড্ৰোণৰ ব্যৱহাৰ সময়োপযোগী। কৃষকসকলৰ উপাৰ্জন বৃদ্ধি কৰাত ড্ৰোণ ব্যৱহাৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব পাৰে। চুবাৰীয়া চীন অথবা ইউৰোপীয় দেশ যথেষ্ট আগবাঢ়ি গৈছে। ভাৰতৰ কৃষকসকলক এই ক্ষেত্ৰত প্ৰচাৰ আৰু প্ৰসাৰৰ যথেষ্ট প্ৰয়োজনীয়তা আছে। কৃষি ক্ষেত্ৰত ড্ৰোণৰ ব্যৱহাৰে কৃষিক্ষেত্ৰতলৈ বহুতো পৰিবৰ্তন আনিব পাৰে। সঠিক ফাৰ্ম বিশ্লেষণৰ বাবে দ্ৰুত ডাটা অধিগ্ৰহণ, সময় আৰু ব্যয় সঞ্চয়, উন্নত শস্যৰ উৎপাদনৰ লগতে সুৰক্ষিত উপায়েৰে শস্য স্প্ৰে কৰাৰ ড্ৰোণ প্ৰযুক্তিয়ে কৃষকসকলক বিশেষভাৱে সহায় কৰিব পাৰে বুলি উল্লেখ কৰে।
ড্ৰোণ ক্ৰয় কৰাৰ ক্ষেত্ৰত কৃষকসকলে চৰকাৰী ৰাজসাহাৰ্য কেনেদৰে সহজে প্ৰাপ্ত কৰিব সেই সন্দৰ্ভত কয় যে কৃষি ড্ৰোন ক্ৰয়ৰ ক্ষেত্ৰত কৃষি যন্ত্ৰ প্ৰশিক্ষণ আৰু পৰীক্ষা প্ৰতিষ্ঠান, আইচিএআৰ প্ৰতিষ্ঠান, কৃষি বিজ্ঞান কেন্দ্ৰ আৰু ৰাজ্যিক কৃষি বিশ্ববিদ্যালয়সমূহক ড্ৰোনৰ ব্যয়ৰ 100% বা 10 লাখ লৈকে অনুদান প্ৰদান কৰা হয়। কৃষক উৎপাদক সংগঠনবোৰক (FPO) কৃষকৰ ক্ষেত্ৰত ইয়াৰ প্ৰদৰ্শনৰ বাবে ড্ৰোন ক্ৰয়ৰ বাবে 75% অনুদান প্ৰদান কৰা হয়। আনহাতে উদ্যমী কৃষকসকলে মৌলিক ব্যয়ৰ 40% ৰাজসাহাৰ্য লাভ কৰাৰ সুযোগ লাভ কৰিব পাৰে বুলি তেওঁ উল্লেখ কৰে।
আধুনিক কৃষিত বিশেষকৈ বাণিজ্যিক কৃষকসকলে কৃষিক্ষেত্ৰত ড্ৰোনৰ প্ৰৱেশ উষ্মভাৱে গ্ৰহণ কৰা বুলি তেওঁ উল্লেখ কৰে। শস্য নিৰীক্ষণ, ফিল্ড মেপিং, কীটনাশক ছটিয়াই দিয়া, ছবি তোলা, শস্যৰ স্বাস্থ্য মূল্যাঙ্কন কৰা আৰু অধিক সহ আকাশী জৰীপৰ বাবে ড্ৰোন ব্যৱহাৰৰ জড়িয়তে ভৱিষ্যত কৃষি ক্ষেত্ৰলৈ এক যুগান্তকাৰী দিশ হিচাপে বিবেচিত হ’ব বুলি তেওঁ উল্লেথ কৰে।

সাধাৰণ কৃষক এগৰাকীয়ে কৃষি ক্ষেত্ৰত ড্ৰোণৰ লেখীয়া এক উন্নতমানৰ ব্যৱহাৰ কিদৰে সম্ভৱ বুলি সাংবাদকে সোধা এক প্ৰশ্নৰ উত্তৰত স্মিথে কয় যে এয়া একেবাৰে সহজ। ইয়াৰ বাবে কৃষকসকলক কেৱল মাত্ৰ দশম শ্ৰেণী উত্তীৰ্ণ হলেই যথেষ্ট। মাত্ৰ ৫ দিনৰ প্ৰশিক্ষণৰ জৰিয়তে এগৰাকী কৃষকে ড্ৰোণ প্ৰযুক্তি ব্যৱহাৰ কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ উল্লেথ কৰে। সম্প্ৰতি দেশত ২৯ টা প্ৰশিক্ষণ কেন্দ্ৰ আছে। শীঘ্ৰেই দেশজুৰি ১০০ টা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব বুলি তেওঁ উল্লেখ কৰে। ইপিনে অনলাইন আবেদনৰ যোগেদি কৃষকসকলে সহজে ড্ৰোণ উৰুৱাৰ অনুজ্ঞাপত্ৰ লাভ কৰিব পাৰিব বুলি তেওঁ উল্লেখ কৰে।
নিত্য নতুন কৃষি প্ৰযুক্তি সমূহ কৃষকৰ ওচৰলৈ লৈ যোৱাৰ ক্ষেত্ৰত সংবাদ মাধ্যমৰ যথেষ্ট অৰিহণা আছে। এই ক্ষেত্ৰত কৃষি জাগৰণ ভূমিকাক কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে আগন্তক সময়ত কৃষি জাগৰণক মুখ্য ভূমিকা পালন কৰিবলৈ আহ্বান কৰে।
উল্লেখ্য যে এই অনুষ্ঠানটোত লগতে উপস্হিত থাকে কৃষি জাগৰণৰ মুখ্য সম্পাদক এম চি ডমিনিক, ডাইৰেক্টৰ ছাইনি ডমিনিক, অপাৰেটিং অফিটাৰ ড০ পি কে পাণ্ট, কণ্টেন্ট হেড সঞ্জয় কুমাৰ, কনটেণ্ট প্ৰবন্ধক পংকজ খান্না, ছ'চিয়েল মিডিয়াৰ জিএম নিশান্ত তাক আৰু কৃষি জাগৰণৰ সকলো কৰ্মচাৰী।
Share your comments