1. News

লখিমপুৰত "ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি"ৰ শুভাৰম্ভ অতুল বৰাৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি
ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি

মঙলবাৰে "ইন্দিৰা মিৰি সাৰ্বজনীন বিধৱা পেঞ্চন আঁচনি"ৰ অধিনত ৰাজ্যখনৰ ১১,৩৪২ গৰাকী ৪৫ বছৰ অনূৰ্ধৰ হিতাধিকাৰীলৈ ২৫,০০০ টকাকৈ এককালীন আৰ্থিক সাহায্য আগবঢ়ায় ৰাজ্য চৰকাৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি তেজপুৰত এই আঁচনিৰ শুভাৰম্ভ কৰে।

ইফালে, এই আঁচনিৰ অংশস্বৰূপে কৃষিমন্ত্ৰী অতুল বৰাই অভিভাৱক মন্ত্ৰী হিচাপে লখিমপুৰত ৩৮০ গৰাকী স্বামীহাৰা মহিলাক বিধৱা পেঞ্চন প্ৰদান কৰে।

অনুষ্ঠানত উপস্থিত থাকি বৰাই কয়- ‘সমাজখনক আগুৱাই নিয়াত মহিলাসকলৰ ভূমিকা অতিকৈ গুৰুত্বপূৰ্ণ। সেয়েহে ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ দিশটোত বিশেষ গুৰুত্ব প্ৰদান কৰিছে। আমি গভীৰ আশাবাদী- এই আঁচনিৰদ্বাৰা স্বামীহাৰা মহিলাসকলে যথেষ্ট সকাহ লাভ কৰিবলৈ সক্ষম হ'ব।’

অনুষ্ঠানটোত লখিমপুৰৰ উপায়ুক্ত সুমিত সত্তাৱান, জিলা পৰিষদৰ অধ্যক্ষা মঞ্জু বৰগোহাঁই, পৌৰপতি নিবেদিতা দত্ত, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ত্ৰিপুৰেন্দ্ৰ পাটৰ, জিলা বিজেপিৰ সভাপতি শ্ৰী ফণীধৰ বৰুৱা ডাঙৰীয়া, অসম গণ পৰিষদৰ জিলা সভাপতি দীপক বৰদলৈ, ধেমাজি নগৰ উন্নয়ন অভিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ প্ৰমুখ্যে জিলা প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল, সংশ্লিষ্ট বিভাগৰ বিভিন্ন দায়িত্বত থকা বিষয়াসকল উপস্থিত থাকে।

লগতে পঢ়ক- পি এম কিষাণ আঁচনিৰ শেহতীয়া অগ্ৰগতি সন্দৰ্ভত অতুল বৰাৰ বৈঠক

English Summary: government schemes

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.