Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 17 July, 2022 12:43 PM IST
Turmeric seed business worth crores of rupees in Panbari by Bodofa

প্রায় ৫০০ হেক্টৰ খেতিপথাৰত হালধিৰ বীজ উৎপাদনৰে চিৰাং জিলাৰ পানবাৰীত উপেন্দ্র বড়ো আৰু তেওঁৰ সতীৰ্থই আলোড়ন সৃষ্টি কৰিছে। কোম্পানী স্থাপনৰে হালধিৰ বীজ উৎপাদন কৰি প্ৰচুৰ লাভ কৰাৰ লগতে অসংখ্য খেতিয়কক আত্মনির্ভৰশীল হোৱাৰ পথ দেখুৱাইছে। কোম্পানীটোৱে ২০২১-২২ চনত ২৪৬ মেট্রিকটন হালধিৰ বীজ উৎপাদন কৰিছে। উৎপাদিত বীজ অসম চৰকাৰ আৰু অন্যান্য খেতিয়কৰ ওচৰত বিক্ৰী কৰি বছৰটোত ২ কোটি ৪০ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে।

চলিত ২০২২-২৩ বিত্তীয় বৰ্ষত প্ৰায় তিনি কোটিৰো অধিক টকাৰ হালধিৰ বীজ উৎপাদনৰ ব্যৱস্থা কৰা হৈছে। উল্লেখ্য যে চিৰাং জিলাৰ পানবাৰীত 'বডোফা এগ্ৰো অৰ্গেনিক প্রডিউচাৰ কোম্পানী লিমিটেড' নামৰ এটা প্ৰতিষ্ঠানৰ জৰিয়তে অঞ্চলটোত জৈৱিক কৃষিকর্ম কৰা হয়। বডোফা এগ্রো অৰ্গেনিক প্রতিষ্ঠানটোৰ মুখ্য কাৰ্যবাহী বিষয়া উপেন্দ্র বড়োৱে কয় যে প্রতিষ্ঠানটোৱে কেন্দ্ৰীয় চৰকাৰৰ লগতে অসম চৰকাৰৰো স্বীকৃতি লাভ কৰিছে। মদন বসুমতাৰীক অধ্যক্ষ হিচাপে লৈ প্রতিষ্ঠানটোত সঞ্চালক হিচাপে কাটিনাথ বসুমতাৰী, জিতেন বৰুৱা, কমলী বড়ো, বাফা বসুমতাৰী, পূর্ণকান্ত বড়ো, ছবিন বসুমতাৰী আছে। সকলো মিলি খেতিয়কৰ জৰিয়তে জৈৱিক খেতি, নেমু, আদা, হালধিৰ বীজ আদি উৎপাদন কৰোৱা হয়। ২০১৭ চনৰ পৰা প্রতিষ্ঠাটোৱে কৃষি কর্ম আৰু উৎপাদিত সামগ্রী বিক্ৰীৰে আত্মনির্ভশীল হৈছে।

উপেন্দ্ৰ বড়োৱে কয়-পানবাৰীত প্রায় ১,৫০০ হেক্টর কৃষিভূমিত খেতিয়কৰ জৰিয়তে অঞ্চলটোত বৈপ্লৱিক পৰিবর্তন কৰাৰ চেষ্টা কৰা হৈছে। হালধিৰ বীজৰ প্ৰচুৰ চাহিদা আছে। কেঁচা হালধিৰ বীজ উৎপাদন কৰি আমি ওচৰৰ খেতিয়কতো সহায় কৰিবলৈ চেষ্টা কৰোঁ। তেওঁ কয়- আমাৰ পৰা অসম চৰকাৰে ২৪৬ মেট্রিকটন হালধিৰ বীজ ক্ৰয় কৰাত দুই কোটি ৪০ লাখ টকাৰ ব্যৱসায় হৈছে। বীজ উৎপাদন কৰি আমি সমগ্ৰ অসমতেই বিতৰণ কৰাৰ সংকল্প গ্রহণ কৰিছোঁ। বড়োফা কোম্পানীৰ জৰিয়তে নেমু টেঙাও উৎপাদন কৰা হয়। ২০২১-২২ চনত ৪,০০০ কিলোগ্রাম নেনু উৎপাদন কৰা হৈছিল। তাকে ২,৫০০ কিলোগ্রামেই যোৱা জুলাই মাহত লণ্ডনলৈ ৰপ্তানি কৰা হৈছে। লণ্ডনত নেমুৰ চাহিদা বেছি। অধিক উৎপাদনৰে লাখ লাখ টকা উপার্জনৰ আশা কৰিব পৰা যায়।

আগন্তুক সময়ত আমি আৰু অধিক নেমু লণ্ডনলৈ ৰপ্তানি কৰাৰ পৰিকল্পনা কৰিছোঁ। সমান্তৰালকৈ আদাও উৎপাদন কৰি থকা হৈছে। লক্ষণীয় যে বডোফা এগ্ৰো অৰ্গেনিক কোম্পানীয়ে চিৰাং জিলাৰ সমগ্ৰ পানবাৰীত কৃষকৰ মাজত জাগৰণৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। জৈৱিক কৃষিৰ সম্পৰ্ক সজাগতাৰ সৃষ্টি কৰি কৃষকক উৎসাহ দিছে। কৃষকক বিভিন্ন জৈৱিক খেতি কৰাৰ পৰামৰ্শ দি উৎপাদন বৃদ্ধি কৰিছে। কৃষি উৎপাদন, কৃষি উৎপাদিত সামগ্রী অসমৰ লগতে বিদেশত বিক্ৰীৰে হোৱা উপার্জনে অঞ্চলটোত আশাৰ সঞ্চাৰ কৰিছে। পানবাৰীত ১,৫০০ থেতিয়াকে আত্মনির্ভৰশীল হ'বলৈ নতুন নতুন পদ্ধতি গ্রহণ কৰিছে। সেইসকল খেতিয়কক বডোফা এগ্রো কোম্পানীয়ে কৃষি সম্পর্কীয় পৰামর্শ দিয়াত পাচলিৰ লগতে অন্যান্য কৃষি উৎপাদনত জড়িত হৈছে।

উপেন্দ্র বড়োৱে লগতে কয় যে কোম্পানীয়ে সজাগতা সৃষ্টি কৰাৰ বাবেই কেইবাশ হেক্টৰ ভূমিত খেতিয়কে বছৰি ১০ টন মালভোগ কল উৎপাদন কৰিছে। এই কলেৰে কৃষকে প্ৰচুৰ ব্যৱসায় কৰিবলৈ ধৰিছে। প্ৰতিটো কলৰ থোকত কৃষকে গড়ে ৩৫০ টকাকৈ উপাৰ্জন কৰে। বড়োৱে আৰু কয় যে কোম্পানীতে নিজাববীয়াকৈ ৫ হেক্টৰ মাটিত অমিতাৰ খেতি কৰিছে। এক বিঘাত ২০০ জোপা অমিতা ৰোপণ কৰিছে। বিঘাত গড়ে এবাৰত ৬০-৮০ কিলোগ্রামকৈ অমিতা উৎপাদন হয়। অমিতা বিক্ৰী কৰিও কোম্পানীয়ে অধিক উপার্জনৰ পথ মুকলি কৰিছে। কৃষিৰে অধিক উপার্জনৰ বাবে নিবনুৱাসকলে ঐক্যবন্ধ হৈ প্রচেষ্টা চলাব লাগে। যাতে বিদেশত অসমৰ উৎপাদিত সামগ্ৰী ৰপ্তানি কৰি ৰাজ্যৰ জি ডি পি বঢ়াব পাৰোঁ। জি ডি পি বাঢ়িলেহে অসমে শ্রেষ্ঠ ৰাজ্য হিচাপে প্রতিষ্ঠা লাভ কৰিব।

লগতে পঢ়ক-মুকুতা খেতিৰে চমকপ্ৰদ সফলতা নলবাৰীৰ যুৱক সঞ্জীৱ দত্তৰ!

লেখকঃ জিতেন্দ্ৰ কুমাৰ চৌধুৰী

ফোন-৯৮৬৪০৩৭৪১৬

English Summary: Sirang's 'Bodofa Company' trades crores of rupees with turmeric seed production
Published on: 16 July 2022, 09:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now