1. News

অসমত প্ৰয়োজন হোৱা ৯০ শতাংশ মটৰ মাহেই আহে বহিঃৰাজ্যৰ পৰা!

PANKAJ KHANIKAR
PANKAJ KHANIKAR
মটৰ মাহৰ খেতি
মটৰ মাহৰ খেতি

অসমৰ প্ৰায়বোৰ কৃষতে কম - বেছি পৰিমাণে মটৰ মাহৰ খেতি কৰে। কিন্তু ব্যবসায়িকভাৱে বৰ্তমানেও অসমৰ খেতিয়কসকলৰ মাজত জনপ্রিয় হৈ উঠা নাই। কিন্তু এই মটৰমাহৰ খেতি কৰি যথেষ্ট লাভান্বিত হ’ব পাৰে কৃষকসকল। অসমত প্ৰয়োজন হোৱা প্ৰায় ৯০ শতাংশ মটৰ মাহেই অসমৰ বাহিৰৰ ৰাজ্যৰ পৰা আহে।

ব্যবসায়িকভাৱে মাটিৰ মাহৰ খেতি কৰি প্রতি হেক্টৰত ১০- ১৫ কুইন্টল উৎপাদন কৰিব পাৰি । মটৰ মাহ যিকোনো ধৰণৰ মাটিতেই কৰিব পাৰি যদিও পানী নির্গমনৰ সুবিধা থকা বালিচহীয়া মাটিহে অধিক উপযুক্ত । অসমৰ জলবায়ুৰ বাবে স্বীকৃতিপ্ৰাপ্ত কেইবিধমান মটৰ মাহৰ জাত হ’ল-

  1. টি -১৩৬ ( ১১০-১২০ )
  2. বোনেভিলে ( ১০০-১২০ )  
  3. চি ইউ পি ( ১১৫-১২৫ )
  4. কে এফ পি ডি -১ ( ১০০-১০৫ )
  5. ৰাস্না ( ১২০-১২৫ )

আদি মটৰ মাহৰ সঁচ অসমৰ জলবায়ুৰ বাবে অনুমোদিত |

লগতে পঢ়ক ঃ 

ব্যবসায়িকভাৱে মটৰ মাহৰ খেতি কিদৰে কৰিব পাৰি!

বীজ সিঁচাৰ সময় : মটৰ মাহৰ বীজ সিঁচাৰ উপযুক্ত সময় হৈছে অক্টোবৰৰ মাজভাগৰ পৰা নৱেম্বৰৰ মাজভাগলৈ ।

বীজ সিঁচাৰ নিয়ম :

শোধন কৰাৰ পাছত ইতিমধ্যে প্ৰস্তুত কৰা পথাৰত শাৰী শাৰীকৈ বীজবোৰ সিঁচিব লাগে। দুটা শাৰী আৰু দুটা পুলিৰ ব্যৱধান হ'ব লাগে ক্ৰমে ৩০ চেণ্টিমিটাৰ আৰু ১০ চেণ্টিমিটাৰ।

বীজৰ পৰিমাণ বিঘাই পতি ৭-১০ কিলোগ্রাম । বীজ শোষনঃ মটৰ মাহৰ বীজবোৰ সিঁচাৰ আগতে প্রতিকিলো বীজ এক গ্ৰামকৈ থিৰাম বা কেপটান দৰবেৰে শোধন কৰিব লাগে।

পথাৰ প্রস্তুতি :

পথাৰখন তিনি - চাৰিবাৰকৈ ভালকৈ হাল বাই বিঘাইপতি ছয় কুইণ্টলকৈ পচন সাৰ বা শুকান গোবৰ প্ৰয়োগ কৰিব লাগে । ৰাইজ'বিয়াম কালচাৰ ব্যৱহাৰ নকৰিলে বিঘাই প্ৰতি ৬কিলোগ্রাম ইউৰিয়া আৰু ৪০ কিলোগ্ৰাম একক ফচফেট প্ৰয়োগ কৰিব লাগে। ।

জলসিঞ্চন :

প্ৰয়োজন অনুসৰি ৪০-৫০ দিনৰ মূৰে মূৰে জলসিঞ্চনৰ ব্যৱস্থা কৰিব লাগে।

শস্য ৰক্ষা :  মটৰ মাহবিলাক লাগিবলৈ ধৰোঁতে পোকে আক্ৰমণ কৰে। এই আক্ৰমণ প্ৰতিহত কৰিবলৈ নুভান ১০০ ই চি দৰব ৪০-৫০ মিলিমিটাৰ সমপৰিমাণৰ পানীত মিহলাই প্রতি বিঘা খেতিত প্ৰয়োগ কৰিলে সুফল পোৱা যায়। আনহাতে পাত খোৱা পোক, মোৱা পোক আদি নিয়ন্ত্ৰণৰ বাবে মালাথিয়ন ৫০ ই চি দাব ১৫০-২০০ মিলি ৮০-৯০ লিটাৰ পানীত মিহলাই বিঘাইপতি) স্প্ৰে কৰিব লাগে।                                       

লগতে পঢ়ক- অসমত দাম বৃদ্ধি হলেই হুলস্থুল লগা এবিধ পাচলি পিঁয়াজ

English Summary: Green peas cultivation

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.