
ৰাষ্ট্ৰীয় পশু ধন অভিযানৰ অধীনত কামৰূপ মেট্ৰ' জিলাৰ জিলা পশুপালন ও পশু চিকিৎসা বিভাগৰ উদ্যোগত বিজ্ঞানসন্মত পশু পালন প্ৰশিক্ষণ কৰ্মশালা। আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে চেনীকুঠিস্থিত কাৰ্য্যালয়ত বিজ্ঞানসন্মত গাহৰী, ছাগলী আৰু কুকুৰা পালন সম্পৰ্কীয় প্ৰশিক্ষণ কৰ্মশালা আৰম্ভ হয়।
কামৰূপ মেট্ৰ' জিলা ন'ডেল বিষয়া ডাঃ চাহানা বেগমৰ তত্ত্বাৱধানত আয়োজিত উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে কামৰূপ জিলা পশুপালন পশু চিকিৎসা বিষয়া ডাঃ অনুপ তালুকদাৰ, গুৱাহাটী মহকুমাৰ মহকুমা পশুপালন ও পশু চিকিৎসা বিষয়া ডাঃ গুৰু তালুকদাৰ আৰু লগতে বিভাগৰ তথ্য সম্প্ৰসাৰণ বিষয়া ডাঃ বিমল ভট্টাচাৰ্য্য।
লগতে পঢ়ক-
অসমত বাণিজ্যিক ফুলৰ খেতিৰ বাবে ১৫০ কোটি টকাৰ উদ্যানশস্য অভিযান
অনুষ্ঠানটো আঁত ধৰি সুচাৰুৰূপে পৰিচালনা কৰে পশু চিকিৎসা বিষয়া তথা সহকাৰী ন'ডেল বিষয়া ডাঃ প্ৰদীপ শৰ্মাই। এই কৰ্মশালা ৬/২/২৩ তাৰিখৰ পৰা ২৩/০২/২৩ তাৰিখলৈ সৰ্বমুঠ ৪৮০ জন হিতাধিকাৰীয়ে অংশ গ্ৰহণ কৰিব। বিভাগৰ তৰফৰ পৰা নিৰ্বাচিত কৰি দিয়া সমল ব্যক্তি সকলে কৰ্মশালাত পাঠদান কৰি কৰ্মশালা খন সাফল্য মণ্ডিত কৰি তুলিব।
কৰ্মশালাখন আনুষ্ঠানিকভাৱে মুকলি কৰে কামৰূপ জিলা পশুপালন আৰু পশু চিকিৎসা বিষয়া ডাঃ অনুপ তালুকদাৰে। অনুষ্ঠানত বিভাগৰ কেইবাগৰাকীও পশু চিকিৎসা বিষয়া উপস্থিত থাকি সভাৰ সৌষ্ঠৱ বৃদ্ধি কৰে।
লগতে পঢ়ক-
Share your comments