1. News

Nghah Lou Dawr : মিজোৰামৰ দোকানী নথকা দোকানবোৰে বিশ্বাস আৰু সততাৰ পাঠ শিকায়

PANKAJ KHANIKAR
PANKAJ KHANIKAR

মিজোৰামৰ কিছুমান দোকানত দোকানী বিচাৰি নাপাব। সেই নিৰ্দিষ্ট দোকানসমূহ পৰা আপুনি কিদৰে ক্ৰয় কৰিব সামগ্ৰী! সম্প্ৰতি অত্যাধুনিক যন্ত্ৰ আবিস্কাৰৰ লগে লগে কিছুমান দোকানত বা শ্বপিং মলতো কোনো দোকানী অৰ্থাত শ্বপকিপাৰ নাথাকে। কিন্তু এই অত্যাধুনিক মলসমূহৰ দৰে নহয় মিজোৰামৰ এই দোকানসমূহ । অত্যাধুনিক মলসমূহে যন্ত্ৰক বিশ্বাস কৰে। কিন্তু মিজোৰামৰ এই দোকানদাৰসকলে বিশ্বাস কৰে মানুহক আৰু মানুহৰ সততাক।

মিজৰামৰ পথৰ কাষে কাষে দেখিবলৈ পাব এই দোকানীহীন দোকানসমূহ। মিৰ্জোসকলৰ মাজত ‘নঘাহ লৌ দাউৰ’ নামেৰে পৰিচিত এই দোকানসমূহ। এই দোকানসমূহত দোকানী বা কৃষকসকলে সামগ্ৰীৰ দাম লিখা এখন চাইন বৰ্ড আৰু গ্ৰাহকে পইচা থবৰ বাবে এটা বাকছ থাকে। গ্ৰাহকজনে বস্তুটো লোৱাৰ পাছতে দামটো বাকছত ভৰাই থৈ আহিব লাগে। কিন্তু এটা কথা থিক যে আপুনি নিৰ্দিষ্ট দামতেই আপুনি ক্ৰয় কৰিব লাগিব বস্তুটো। কাৰণ দাম-দৰ মাৰিবলৈ দোকানত কোনোৱেই নাথাকে।

লগতে পঢ়ক- 

হাইড্ৰপনিক পদ্ধতিৰে ছাগলী পালন কৰি কিদৰে লাভান্বিত হ’ব আপুনি!

সম্প্ৰতি বহু ঠাই আছে য’ত  মানুহে আপোনাৰ হাতৰ পৰা মবাইলটো, ডিঙিৰ পৰা সোণৰ চেইনডাল, ১০০ মিটাৰ আঁতৰৰ দোকানলৈ গ’লে ঘৰত তলাটো নামৰাকৈ পাহৰি আহিলে উভটি গৈ গডৰেজটো চুৰে ভঙা ঘটনাবোৰ অতি সূলভ। তেনেসময়ত মিজোৰামৰ এই দোকানীবিহীন দোকানসমূহে সকলোকে আচৰিত কৰি তুলিব।

উল্লেখ্য যে ভাৰতৰ মিজোৰামৰ লগতে কেৰালাটো এনে দোকানীবিহীন দুই এখন দোকান দেখিবলৈ পোৱা যায়। ইফালে নিউজিলেণ্ডৰ কিছুমান গ্ৰামাঞ্চলৰ ৰাষ্টাৰ কাষতো এনে কিছুমান দোকান থাকে যিবোৰক দোকানি নাথাকে। এই দোকানসমূহত থাকে সামগ্ৰীৰ লগতে সামগ্ৰীৰ দাম থকা এখন চাইনবৰ্ড আৰু গ্ৰাহকে ৰাখিবৰ বাবে থাকে এটা বাকচ। এই দোকানসমূহৰ পৰা যি মন যায় লৈ বাকচত টকা জমা কৰিব লাগে। এই দোকানসমূহ কেৱল বিশ্বাস আৰু মানুহৰ সততাৰ ওপৰত চলে। আৰু আপোনাক শিকাব বিশ্বাস আৰু সততাৰ পাঠ।

লগতে পঢ়ক- 

Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ

English Summary: Commercially Honest! Shops Without Shopkeepers In Mizoram Teach Lesson In Trust & Kindness

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.