1. News

প্ৰকৃত কৃষক হৈয়ো যদি PMKSAN ৰ ধন পোৱা নাই তেনেহ’লে এইকেইটা কাম কৰক

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Latest update of PMKSAN
Latest update of PMKSAN

প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি সন্দৰভত এক গুৰুত্বপূৰ্ণ খবৰ। প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ সুবিধা লাভৰপৰা এতিয়াও যিসকল যোগ্য কৃষক বঞ্চিত হৈ আছে, তেওঁলোকে নিজৰ আধাৰ কাৰ্ড, খেতি মাটিৰ তথ্য আৰু ৰেচন কাৰ্ডসহ যিকোনো গ্ৰাহক সেৱা কেন্দ্ৰত অনলাইন যোগে আৱেদন কৰিব পাৰিব।

আনহাতে, এন চি গাঁৱৰ অন্তৰ্গত যোগ্য খেতিয়কে এই আঁচনিখনত আৱেদন কৰিবলৈ 'Annexure I' পত্ৰ পূৰণ কৰি আধাৰ কাৰ্ড, খেতি মাটিৰ তথ্যসহ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ত জমাও দিব পাৰিব বুলি জিলা কৃষি বিভাগে জানিবলৈ দিছে। ইফালে যিসকল হিতাধিকাৰীৰ একাউণ্টত পি এম কিষাণ আঁচনিৰ ধন সোমোৱা নাই, সেইসকলক নিজৰ নিজৰ আধাৰ কাৰ্ড, বেংক একাউণ্ট নম্বৰসহ জিলা কৃষি বিষয়াৰ কাৰ্যালয়লৈ আহি নিজৰ নিজৰ স্থিতি পৰীক্ষা কৰিবলৈ জিলা কৃষি বিষয়াই আহ্বান জনাইছে।

লগতে পঢ়ক- 

Multilayer Farming : এই পদ্ধতিৰে ৪ বিধ শস্য একেলগে সিঁচি ৫ গুণ বেছি লাভ কৰিব

সেইদৰে হিতাধিকাৰীসকলে পূৰ্বে পিএম কিষান আঁচনিত আৱেদন কৰাৰ সময়ত যি একাউণ্ট নম্বৰ দিছিল, সেই একাউণ্ট নম্বৰত সংশ্লিষ্ট বেংকলৈ গৈ DBT Enable কৰিবলৈ আহ্বান জনোৱা হৈছে।

লগতে তেনেক্ষেত্ৰতো কিবা অসুবিধাৰ সন্মুখীন হ'লে Indian Post Payment Bank ত এটা জিৰ' বেলেঞ্চ একাউণ্ট আধাৰ লিংক কৰি খুলিবলৈ আহ্বান জনোৱা হ'ল। উল্লেখ্য যে, বৰ্তমান PM কিষানৰ ধনৰাশি যোগ্য হিতাধিকাৰীৰ আধাৰ নম্বৰ অনুসৰিহে পঠিয়াই দিয়া হয়। গতিকে বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক কৰাটো বাধ্যতামূলক।

লগতে পঢ়ক- 

আপোনাৰ একাউণ্টত PM KISAN ৰ ধন সোমোৱা নাই যদি কি কৰিব?

English Summary: Latest update of PMKSAN

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.