1. News

বজাৰত জুই ছাই দাম শাক-পাছলিৰ, অথচ উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে

PANKAJ KHANIKAR
PANKAJ KHANIKAR
বজাৰত জুই ছাই দাম শাক-পাছলিৰ, অথচ উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে - কৃষক নৱনিধি গগৈ
বজাৰত জুই ছাই দাম শাক-পাছলিৰ, অথচ উচিত মূল্য পোৱা নাই প্ৰকৃত কৃষকে - কৃষক নৱনিধি গগৈ

বজাৰত জুই ছাই দাম শাক-পাছলিৰ । ফলত সৰ্বসাধাৰণ জনতাই ত্ৰাহি মধুসুধন দেখিছে । ক্ৰমান্বয়ে বৃদ্ধি পাই থকা শাক-পাছলিৰ দাম ৰোধ কৰাত বা নিয়ন্ত্ৰণ কৰাত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে অসম চৰকাৰৰ কৃষি বিভাগ । লক্ষ্যনীয় ভাৱে বজাৰত শাক-পাছলিৰ এই জুই ছাই দাম সত্ত্বেও প্ৰকৃত কৃষকে পোৱা নাই  উচিত  মূল্য।

এচাম  মধ্যভোগীয়ে  কৃষকৰ কষ্টোপাৰ্জিত কৃষিজাত সামগ্ৰী কম মূল্যত উৎপাদিত ক্ষেত্ৰৰ পৰা কম মূল্যত ক্ৰয় কৰি বজাৰত সেই সমূহ সামগ্ৰী ৪০ ৰ পৰা ৬০ শতাংশ অধিক দামত বিক্ৰী কৰি আহিছে । মধ্যভোগী এনে ব্যৱসায়ীয়ে অত্যাধিক দামত শাক-পাছলি বিক্ৰী কৰা কাৰ্যত ক্ষোভ প্ৰকাশ কৰিছে প্ৰকৃত  কৃষকে । এই ক্ষেত্ৰত চৰকাৰৰ কৰণীয় আছে যদিও চৰকাৰৰ নিষ্ক্ৰিয়তাৰ সুযোগ গ্ৰহণ কৰি অধিক দামত বজাৰত মধ্যভোগী ব্যৱসায়ীয়ে শাক-পাছলি বিক্ৰী কৰি আছে।

লগতে পঢ়ক- 

Millet Market : মিলেট শস্যসমূহ বিক্ৰিৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্যৰ কৃষি বিভাগে

ইপিনে বৰ্তমান প্ৰতিকূল বতৰৰ বাবেও শাক পাচলিৰ উৎপাদন প্ৰয়োজনতকৈ কমি গৈছে যদিও এয়া ৰাসায়নিক সাৰ প্ৰয়োগৰ বাবে শাক পাচলিৰ গছবোৰৰ ক্ষতি সাধনা হৈছে বুলি মন্তব্য কৰিছে চৰকাৰীভাৱে সন্মানিত আদৰ্শ যুৱ কৃষক নৱনিধি গগৈয়ে।

ইপিনে জৈৱিক পদ্ধতিৰে খেতি কৰি প্ৰতিকূল বতৰতো তেওঁৰ উৎপাদন হ্ৰাস হোৱা নাই বুলিও সদৰি কৰি সকলোকে জৈৱিক পদ্ধতিৰে খেতি খোলা  কৰি স্বাৱলম্বীতাৰ পথ সুগম কৰিবলৈ আহ্বান জনাইছে যুৱ কৃষকগৰাকীয়ে। লগতে অত্যাধিক মূল্য বৃদ্ধি ৰোধৰ ক্ষেত্ৰত চৰকাৰ বা কৃষি বিভাগক প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰি ৰাইজে উচিত মূল্যত শাক পাচলি পোৱাৰ ব্যৱস্থা কৰিবলৈ আহ্বান জনাইছে।

লগতে পঢ়ক- 

মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই

English Summary: Vegetable Price Hike In Assam

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.