অসমৰ জনসংখ্যাৰ প্রায় ৭৫ শতাংশই পৰোক্ষভাৱে নির্ভৰ কৰে কৃষিৰ ওপৰতে৷ অথচ ৰাজ্যখনত প্ৰয়োজনীয় কৃষিজাত সামগ্ৰীৰ মাত্র ২৫ শতাংশহে অসমৰ কৃষকৰ দ্বাৰা উতপাদিত। তদুপৰি এই ২৫ শতাংশ কৃষিজাত সামগ্ৰী উতপাদন কৰা অধিকাংশই সন্দেহযুক্ত বাংলাদেশী বুলি ভয় আৰু সন্ত্ৰাসৰ মাজত থকা এখিনি মানুহ। অসমীয়া মানুহৰ প্ৰতিসাঁজ খাদ্যতে প্ৰয়োজন হোৱা দালি, আলু, পিয়াঁজ, মিঠাতেলৰ পৰা আদি কৰি লগতে নগৰীয়াসকলে চাউলকেইটালৈকে নিৰ্ভৰ কৰিব লগা হয় বহিঃৰাজ্যৰ কৃষকৰ ওপৰত। এয়া নিতান্তই উদ্বেগজনক কথা৷ তদুপৰি অসমৰ সকাম-নিকাম বা অন্যান্য ধৰ্মীয় অনুষ্ঠানবোৰত বুটমাহ-বুট মগুৰ বিৰাট প্ৰচলন আছে। বছৰটোত হাজাৰ হাজাৰ টন বুট-মগুৰ প্ৰয়োজন হয় অসমত। আৰু এই বুট-মগুৰ পথাৰখন আৰু বজাৰখন আছে পাঞ্জাৱ-হাৰিয়ানা, গুজৰাট আদি অঞ্চলত।
ইফালে, অসমৰ বাণিজ্যৰ ক্ষেত্ৰখন আছে বহিঃৰাগত লোকৰ হাতত। ইয়াৰ পৰা ব্যতিক্ৰম নহয় উদ্যোগখণ্ডটো। ইয়াৰ প্ৰমাণ হিচাপে অসমৰ যিকোনো এখন চহৰলৈ গৈ আপুনি পানী বটল কিনিবলৈ গৈ আপুনি অসমীয়া-হিন্দি খিচিৰে পানী বটলটো খুজিলেই গম পাই যাব। অসমীয়া মানুহৰ হাতত সম্প্ৰতি আছে গৈ গাহৰি- ব্ৰয়লাৰ ফাৰ্ম কেইখনৰ লগতে কেইটামান পুখুৰী। ইয়াৰ মাজতে মৰা-জীয়াকৈ কৃষিক্ষেত্ৰখনক এখিনি মানুহে জীয়াই ৰাখিছে। ইয়াৰ মাজতে এখিনিয়ে আকৌ ধৰ্মৰ নামত, পৰম্পৰাৰ নামত, জাত-পাতৰ নামত ব্ৰয়লা, গাহৰি ফাৰ্মসমূহক ধ্বংস কৰিবলৈ চেষ্টা কৰি আছে।
অসমত অসমীয়াৰ গিৰি চলিব। নিৰ্দিষ্ট অঞ্চলটোত এটাত অতিজৰে পৰা বসতি কৰি অহা মানুহখিনি অধিকাৰ বা তেওঁলোকৰ কৰ্তৃত্ব চলাটো সকলোৱে বিচাৰে। নতুনকৈ অহা খিনিয়ে পুৰণাখিনিক দমন কৰাতো খিলঞ্জীয়া হিচাপে কাৰো সহ্য নহয়। কিন্তু গোজেই গঁজালি হ’বলৈ দিয়াৰ দুখটো কিন্তু অসমীয়াৰ। অসমলৈ ব্যৱসায় সংক্ৰান্তত বহিঃৰাজ্যৰ পৰা অহা মানুহখিনি আজি অসমৰ হৰ্তা-কৰ্তা। অন্য ৰাজ্যৰ পৰা আহি ইয়াত ব্যৱসায় কৰি থকাৰ সময়ত অসমৰ মানুহখিনি ক’ত মৰিছিল! আনে বিদেশৰ পৰা আহি ইয়াত ব্যৱসায় কৰিলেহি আৰু অসমৰ লোকসকলে বিদেশীক সকলো গতাই শুই থাকিল। অসমৰ অসমীয়াসকল শুই থকাৰ সময়ত বহিঃৰাজ্যৰ পৰা অহা লোকসকলে কিন্তু সাৰে ৰাতিক দিন কৰি কাম কৰিলে। তাৰ ফল তেওঁলোকে আজি ভোগ কৰি আছে। আৰু অসমীয়াসকলে কামৰ সময়ত শুই থকাৰ কৰ্মফল।
এতিয়া দেখা গৈছে যে কাছই গৈ নিৰ্দিষ্ট লক্ষ্য পালে গৈ। ইয়াৰ বাবে শহাপহুৱে কাছক আক্ৰমণ কৰাৰ সলনি নিজৰ ভুলবোৰ বিবেচনা কৰাৰহে অতি প্ৰয়োজন। এইক্ষেত্ৰত অসমৰ অসমীয়া কৰ্মসংস্কৃতিৰ মাজৰে গঢ়ি তুলিব লাগিব জাতীয়তাবাদ। অসমৰ মানুহে যিদিনা মাৰোৱাৰী পৰা আলু নিকিনি ঘৰতে কুইণ্টল, কুইন্টল আলু উতপাদন, হ’ব, বুট-মগু-দালিৰ উতপাদন ঘৰতে হ’ব। অসমীয়া ডেকা-বুঢ়াই নিজ কামত জড়িত হৈ পৰিব তেতিয়া নিজেই নিজেই এখিনি মানুহ অসমৰ পৰা পলাব লাগিব। অসমৰ পৰা বহিঃৰাগত কৰ্তৃত্ব আঁতৰাবলৈ কৰ্মসংস্কৃতি অবিহনে নিতান্ত নাই। ইয়াৰ বিপৰীতে বহিঃৰাগত জাতীয়তাবাদ প্ৰতিষ্ঠা কৰিবলৈ বহিঃৰাগতৰ ব্যৱসায়ীৰ পৰা দান-বৰঙনিৰে ৰাজপথত আন্দোলন কৰিলে অসমত জাতীয়তাবাদ প্ৰতিষ্ঠা নহয়। ইয়াৰ বিপৰীতে আমি পঞ্জাৱ লাহি আৰু বোম্বাই আলুগুটি খাই থাকিলে জাতীয়তাবাদ নামি নাহে ধোঁৱা চাঙৰ পৰা।
লগতে পঢ়ক- কৃষকসকলে ধান খেতিৰ বিকল্প কথা চিন্তা কৰক এতিয়াৰ পৰাই