Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 7 August, 2022 2:58 PM IST

ৰবিশস্যই অসমৰ খেতিয়ক ৰাইজক বিশেষকৈ বানবিধ্বস্ত অঞ্চলৰ কৃষকসকলৰ প্ৰধান ভৰসা। কাৰণ ধান খেতি অসমৰ কৃষকসকলৰ প্ৰধান খেতি। ধান খেতি কৰিব নোৱাৰিলে সকলো মিছা।  কিন্তু বানে মৰা খেতিডৰাত বা পানীৰ বাবে কৰিব নোৱৰা মাটিখিনিত ৰবিশস্যৰ খেতি কৰিও আমি আৰ্থিকভাৱে স্বাৱলম্বণ হ’ব পাৰো।

যিবোৰ অঞ্চলৰ পথাৰত বালিৰ পাতলীয়া তৰপ পৰিছে বা পলস পৰিছে তেনে পথাৰত প্ৰধানকৈ শাকজাতীয় শস্য- লাই, পালেং, চুকা আদিৰ খেতি কৰিব পাৰিব। তদুপৰি ফুলকবি, বেঙেনা, জলকীয়া ইত্যাদিৰ খেতিও কৰিব পাৰি। লাউজাতীয় শস্য যেনে- ৰঙালাউ, তৰমূজ, জাতিলাউ, ছিৰাল আদি বানে বালি আৰু পলস পেলাই থৈ যোৱা পথাৰত যথেষ্ট ভাল হয়।

ৰঙালাও

শাক-পাচলিৰ খেতিৰ উপৰি অসমৰ প্ৰধান ৰবিশস্য সৰিয়হ, আলু, ঘেঁহু, মটৰ মাহ, মচুৰ মাহ আদিৰ খেতিতো কৃষক ৰাইজে মনোযোগ দিয়া উচিত। অঞ্চলবিশেষে বাদাম, ধেমচি আদি শস্য স্থানীয় চাহিদালৈ লক্ষ্য ৰাখি কৰিব পাৰি। তিচি, ধনিয়া, পিঁয়াজ, নহৰু আদিৰ খেতিও অঞ্চলবিশেষে কৰিব পাৰি।

ৰবিশস্যৰ ভিতৰত আন এবিধ লাভজনক শস্য হৈছে মটৰ মাহ। একোখন পথাৰৰ আটাইখিনি কৃষক লগ হৈ কৰিলেহে মটৰ মাহৰ খেতিডৰা পথাৰত সুৰক্ষিতভাৱে ৰাখিব পৰা যায়। সেয়েহে পথাৰ পৰিচালনা সমিতিৰ জৰিয়তে কৃষক ৰাইজ একত্ৰিত হৈ মটৰ মাহ বা আন মাহজাতীয় শস্যৰ প্ৰতি মনোযোগ দিব পাৰে। মাটিত ভালকৈ জীপ থাকিলে আৰু বৰ বেছি ঘাঁহ-বন নাথাকিলে মাত্ৰ এচাহ হাল মাৰিয়েই মটৰ মাহ সিঁচিব পাৰি।

মটৰমাহ

আজাদ পি-১ বৰ্তমান বজাৰত পোৱা মটৰ মাহৰ এবিধ উৎকৃষ্ট জাত। মাটি চহ নকৰাকৈ সিঁচিলে বিঘাই প্ৰতি ৮-ৰ পৰা ১০ কিলোগ্ৰাম বীজৰ আৱশ্যক। তদুপৰি ‘বিলে শস্যহিচাপে অৰ্থাৎ ধান চপোৱাৰ এসপ্তাহৰ আগেয়েই মটৰ মাহৰ বীজ ধাননি পথাৰত সিঁচিব পাৰি। ধান চপোৱাৰ পাছত এৰি অহা নৰাৰ ওপৰত মটৰ মাহ লহপহকৈ বাঢ়ি আহিব।

জাতিলাও

কাতিমাহৰ শেহলৈকে ওখ অথবা মজলীয়া ধৰণৰ মাটিত মচুৰ মাহৰ খেতি কৰিব পাৰি। মটৰ মাহৰ দৰে মচুৰ মাহো বিলে শস্য হিচাপে শালিধানৰ খেতিৰ মাজত পানী শুকুৱাৰ লগে লগে সিঁচিব পাৰি। বিঘাই প্ৰতি ৪ (চাৰি) কেজি বীজ সিঁচিব। আই পি এল-৮১ এবিধ মচুৰ মাহৰ উন্নত জাত। কৃষকে স্থানীয় জাতৰো ভাল মানৰ বীজ বীজ ব্যৱহাৰ কৰিব পাৰে।

আলু খেতি

ৰবিশস্য হিচাপে বেছ লাভজনক খেতি হৈছে আলু খেতি। পিছে আলু খেতিত লাভ যিদৰে বেছি, ঠিক সেইদৰে মূলধনো বেছিকৈ খটুৱাব লাগে। আলু খেতিত প্ৰতিপালন কৰাৰ আৱশ্যকতা তৈল বীজ বা মাহজাতীয় শস্যতকৈ বেছি। বালিচহীয়া আৰু পলসুৱা মাটি আলু খেতিৰ বাবে অতি উপযোগী। কাতিমাহৰ আৰম্ভণিৰ পৰা শেষ আঘোণলৈ আলু ৰোপণ কৰিব পাৰি। মজলীয়া আকাৰৰ আলু বীজ এবিঘাত ৩ (তিনি) কুইণ্টলৰ আৱশ্যক হয়। আলু বীজ ৰোপণৰ পাছতেই শুকান পানী মেটেকাৰে ঢাকি দিলে মাটিৰ জীপ ধৰি ৰখাত সহায় হয়। জলসিঞ্চনৰ ব্যৱস্থা থাকিলে আলুৰ উৎপাদন ভাল হয়।

বেঙেনা

বানপীড়িত অঞ্চলসমূহত এই খেতিসমূহ কৰি অসমৰ কৃষকসকল যথেষ্ট লাভাৱান্বিত হ’ব পাৰে।

লগতে পঢ়ক- বেঙেনা খেতিৰ A to Z

English Summary: Rabi crops that can be do flood area
Published on: 07 August 2022, 10:59 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now