
ৰবিশস্যই অসমৰ খেতিয়ক ৰাইজক বিশেষকৈ বানবিধ্বস্ত অঞ্চলৰ কৃষকসকলৰ প্ৰধান ভৰসা। কাৰণ ধান খেতি অসমৰ কৃষকসকলৰ প্ৰধান খেতি। ধান খেতি কৰিব নোৱাৰিলে সকলো মিছা। কিন্তু বানে মৰা খেতিডৰাত বা পানীৰ বাবে কৰিব নোৱৰা মাটিখিনিত ৰবিশস্যৰ খেতি কৰিও আমি আৰ্থিকভাৱে স্বাৱলম্বণ হ’ব পাৰো।
যিবোৰ অঞ্চলৰ পথাৰত বালিৰ পাতলীয়া তৰপ পৰিছে বা পলস পৰিছে তেনে পথাৰত প্ৰধানকৈ শাকজাতীয় শস্য- লাই, পালেং, চুকা আদিৰ খেতি কৰিব পাৰিব। তদুপৰি ফুলকবি, বেঙেনা, জলকীয়া ইত্যাদিৰ খেতিও কৰিব পাৰি। লাউজাতীয় শস্য যেনে- ৰঙালাউ, তৰমূজ, জাতিলাউ, ছিৰাল আদি বানে বালি আৰু পলস পেলাই থৈ যোৱা পথাৰত যথেষ্ট ভাল হয়।

শাক-পাচলিৰ খেতিৰ উপৰি অসমৰ প্ৰধান ৰবিশস্য সৰিয়হ, আলু, ঘেঁহু, মটৰ মাহ, মচুৰ মাহ আদিৰ খেতিতো কৃষক ৰাইজে মনোযোগ দিয়া উচিত। অঞ্চলবিশেষে বাদাম, ধেমচি আদি শস্য স্থানীয় চাহিদালৈ লক্ষ্য ৰাখি কৰিব পাৰি। তিচি, ধনিয়া, পিঁয়াজ, নহৰু আদিৰ খেতিও অঞ্চলবিশেষে কৰিব পাৰি।
ৰবিশস্যৰ ভিতৰত আন এবিধ লাভজনক শস্য হৈছে মটৰ মাহ। একোখন পথাৰৰ আটাইখিনি কৃষক লগ হৈ কৰিলেহে মটৰ মাহৰ খেতিডৰা পথাৰত সুৰক্ষিতভাৱে ৰাখিব পৰা যায়। সেয়েহে পথাৰ পৰিচালনা সমিতিৰ জৰিয়তে কৃষক ৰাইজ একত্ৰিত হৈ মটৰ মাহ বা আন মাহজাতীয় শস্যৰ প্ৰতি মনোযোগ দিব পাৰে। মাটিত ভালকৈ জীপ থাকিলে আৰু বৰ বেছি ঘাঁহ-বন নাথাকিলে মাত্ৰ এচাহ হাল মাৰিয়েই মটৰ মাহ সিঁচিব পাৰি।

আজাদ পি-১ বৰ্তমান বজাৰত পোৱা মটৰ মাহৰ এবিধ উৎকৃষ্ট জাত। মাটি চহ নকৰাকৈ সিঁচিলে বিঘাই প্ৰতি ৮-ৰ পৰা ১০ কিলোগ্ৰাম বীজৰ আৱশ্যক। তদুপৰি ‘বিলে শস্য’ হিচাপে অৰ্থাৎ ধান চপোৱাৰ এসপ্তাহৰ আগেয়েই মটৰ মাহৰ বীজ ধাননি পথাৰত সিঁচিব পাৰি। ধান চপোৱাৰ পাছত এৰি অহা নৰাৰ ওপৰত মটৰ মাহ লহপহকৈ বাঢ়ি আহিব।

কাতিমাহৰ শেহলৈকে ওখ অথবা মজলীয়া ধৰণৰ মাটিত মচুৰ মাহৰ খেতি কৰিব পাৰি। মটৰ মাহৰ দৰে মচুৰ মাহো বিলে শস্য হিচাপে শালিধানৰ খেতিৰ মাজত পানী শুকুৱাৰ লগে লগে সিঁচিব পাৰি। বিঘাই প্ৰতি ৪ (চাৰি) কেজি বীজ সিঁচিব। আই পি এল-৮১ এবিধ মচুৰ মাহৰ উন্নত জাত। কৃষকে স্থানীয় জাতৰো ভাল মানৰ বীজ বীজ ব্যৱহাৰ কৰিব পাৰে।

ৰবিশস্য হিচাপে বেছ লাভজনক খেতি হৈছে আলু খেতি। পিছে আলু খেতিত লাভ যিদৰে বেছি, ঠিক সেইদৰে মূলধনো বেছিকৈ খটুৱাব লাগে। আলু খেতিত প্ৰতিপালন কৰাৰ আৱশ্যকতা তৈল বীজ বা মাহজাতীয় শস্যতকৈ বেছি। বালিচহীয়া আৰু পলসুৱা মাটি আলু খেতিৰ বাবে অতি উপযোগী। কাতিমাহৰ আৰম্ভণিৰ পৰা শেষ আঘোণলৈ আলু ৰোপণ কৰিব পাৰি। মজলীয়া আকাৰৰ আলু বীজ এবিঘাত ৩ (তিনি) কুইণ্টলৰ আৱশ্যক হয়। আলু বীজ ৰোপণৰ পাছতেই শুকান পানী মেটেকাৰে ঢাকি দিলে মাটিৰ জীপ ধৰি ৰখাত সহায় হয়। জলসিঞ্চনৰ ব্যৱস্থা থাকিলে আলুৰ উৎপাদন ভাল হয়।

বানপীড়িত অঞ্চলসমূহত এই খেতিসমূহ কৰি অসমৰ কৃষকসকল যথেষ্ট লাভাৱান্বিত হ’ব পাৰে।
লগতে পঢ়ক- বেঙেনা খেতিৰ A to Z
Share your comments