1. News

Pusa Krishi Vigyan Mela 2023: কাইলৈ পৰা আৰম্ভ হ’ব পুচা কৃষি বিজ্ঞান মেলা-২০২৩

RAHUL ALI
RAHUL ALI
Pusa Krishi Vigyan Mela 2023
Pusa Krishi Vigyan Mela 2023

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠান পুচা  (ICAR) আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদে (IARI)  য়ে প্ৰতি বছৰে আয়োজন কৰি আহিছে কৃষি বিজ্ঞান মেলা ২০২৩। মাজত মাথো এটা দিন বাকী। ২ মাৰ্চৰ পৰা এইবেলি তিনিদিনীয়াকৈ দিল্লীৰ পুচা গ্ৰাউণ্ডত আয়োজন হ’বলৈ গৈ আছে এই বৃহৎ কৃষি বিজ্ঞান মেলা। সমগ্ৰ দেশৰ কৃষকসকলে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে এই মেলাৰ। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰে ২ মাৰ্চত উদ্বোধন কৰিব এই মেলা।

পুচা কৃষি বিজ্ঞান মেলা 2023

পুচা কৃষি বিজ্ঞান মেলা ২০২৩, ২ ৰ পৰা ৪ মাৰ্চ ২০২৩ লৈ দিল্লীৰ মেলা গ্ৰাউণ্ড পুচাত অনুষ্ঠিত হ’ব। এইবাৰ পুচা কৃষি বিজ্ঞান মেলা মুখ্যতঃ "মোতা আনাজ দ্বাৰা পুষ্টি, খাদ্যশস্য আৰু পৰিৱেশ সুৰক্ষা" বিষয়বস্তুৰ ওপৰত আধাৰিত হ'ব।

প্ৰতিটো সমস্যাৰ সমাধান পাব কৃষকসকলে

পুচা মেলাত, প্ৰতিষ্ঠানটোৱে বিকশিত কৰা বিভিন্ন শস্যৰ উন্নত প্ৰমাণিত বীজ কেৱল কম দামত উপলব্ধ কৰা হ’ব এনে নহয়,  কৃষকসকলক কৃষি আৰু সম্পৰ্কিত ক্ষেত্ৰৰ নতুন প্ৰযুক্তিৰ বিষয়েও অৱগত কৰা হব। একে সময়তে, কৃষিক্ষেত্ৰত কৃষকসকলে সন্মুখীন হোৱা সমস্যাবোৰো কৃষি বিজ্ঞানী সকলৰ দ্বাৰা সমাধান পাব।

পুচা কৃষি বিজ্ঞান মেলাৰ বিষয়ে

এইটো এটা বাৰ্ষিক অনুষ্ঠান আৰু প্ৰতি বছৰে অতি উৎসাহেৰে উদযাপন কৰা হয়। ইয়াত বৃহৎ সংখ্যক বিজ্ঞানী, ব্যক্তিগত প্ৰতিষ্ঠান, সংগঠন আৰু কৃষকে অংশগ্ৰহণ কৰে। এই মেলাৰ উদ্দেশ্য হৈছে কৃষিৰ ক্ষেত্ৰত ৰূপায়ণ কৰা নতুন উন্নত প্ৰযুক্তিৰ বিষয়ে কৃষকসকলৰ মাজত সজাগতা বিয়পোৱা।

ইয়াৰ উদ্দেশ্য হৈছে কৃষকসকলক বহনক্ষম কৃষি পদ্ধতি আৰু তেওঁলোকে স্বাস্থ্যকৰ শস্য খেতি কৰিবলৈ ইয়াক কেনেদৰে ব্যৱহাৰ কৰিব পাৰে তাৰ বিষয়ে শিক্ষিত কৰা। মেলাখনে কৃষি ৰাসায়নিক পদাৰ্থ আৰু তেওঁলোকক লাভান্বিত কৰা বিভিন্ন আঁচনিৰ ব্যৱহাৰৰ বিষয়েও শিক্ষিত কৰিব বুলি আশা কৰা হৈছে।

পুচা কৃষি বিজ্ঞান মেলাত অংশগ্ৰহণ

যদি আপুনি আধুনিক কৃষি, কৃষিৰ আধুনিক প্ৰযুক্তি, মোটা শস্য, সুৰক্ষিত কৃষি সম্পৰ্কীয় তথ্যৰ সৈতে নিজকে আপডেট কৰিব বিচাৰে,  তেন্তে নিশ্চিতভাৱে 2 ৰ পৰা 4 মাৰ্চ 2023 লৈ দিল্লীৰ মেলা গ্ৰাউণ্ড পুচাত অনুষ্ঠিত হ'বলগীয়া "পুচা কৃষি বিজ্ঞান মেলা-2023"ত অংশগ্ৰহণ কৰিব পাৰিব।

 লগতে পঢ়ক-আপোনাৰ একাউণ্টত PM KISAN ৰ ধন সোমোৱা নাই যদি কি কৰিব?

English Summary: Pusa Krishi Vigyan Mela 2023

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.