1. News

চলিত বৰ্ষত ৰঙালাও খেতিৰে ২কোটি টকা উপাৰ্জনৰ লক্ষ্য কৃষকসকলৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Pumpkin Farming
Pumpkin Farming

কৃষি বিভাগৰ সহযোগত বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ছগুৰি চাপৰিত ৩,০০০ বিঘা মাটিত বৃহংগম কৃষক উৎপাদক কোম্পানীৰ ১,০০০ৰো অধিক যুৱ কৃষকে কৰা ৰঙালাও খেতিৰে দৃষ্টি আকৰ্ষণ কৰিছে বহুজনৰ । তেওঁলোকে কৃষি বিভাগৰ পৰা উচ্চ উৎপাদনক্ষম- অৰ্জুন এফ-১, ই ডব্লিউ-১৩৭ নামৰ উন্নত প্ৰজাতিৰ ৰঙালাউৰ বীজৰ লগতে প্ৰয়োজনীয় কৃষি সঁজুলি লাভ কৰি কৃষি কৰ্মত মনোনিৱেশ সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। দেওবাৰে তেওঁলোকৰ কৃষিকাৰ্যক উতসাহ জনাবলৈ কৃষকসকলৰ কৃষি ফাৰ্মত উপস্থিত হয় কৃষিমন্ত্ৰী অতুল বৰা।

কৃষি ফাৰ্মখনত উপস্থিত হৈ কৃষিমন্ত্ৰী গৰাকীয়ে কয়- ‘কৃষি বিভাগৰ সহযোগত বোকাখাতৰ কুৰুৱাবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত ছগুৰি চাপৰিত ৩,০০০ বিঘা মাটিত বৃহংগম কৃষক উৎপাদক কোম্পানীৰ ১,০০০ৰো অধিক যুৱ কৃষকে কৰা ৰঙালাউৰ খেতিডৰা আজি পৰিদৰ্শন কৰি আপ্লুত হ'লোঁ। তেওঁলোকক বিভাগৰ তৰফৰপৰা উচ্চ উৎপাদনক্ষম-- অৰ্জুন এফ-১, ই ডব্লিউ-১৩৭ নামৰ উন্নত প্ৰজাতিৰ ৰঙালাউৰ বীজৰ লগতে প্ৰয়োজনীয় কৃষি সঁজুলিও প্ৰদান কৰা হৈছিল।’

লগতে পঢ়ক- 

এইবাৰ ৫ বিঘা মাটিত কৰক এই উন্নত জাতসমূহৰ ভেণ্ডিৰ খেতি

লগতে কৃষি মন্ত্ৰীগৰাকীয়ে- খেতিডৰাত উপস্থিত হৈ কৃষকসকলৰ সৈতে মত বিনিময় কৰিলোঁ। বিগত বছৰটোত কৃষক উৎপাদক কোম্পানীটোৱে ৰঙালাউ বিক্ৰী কৰি প্ৰায় ২ কোটি টকা উপাৰ্জন কৰিছিল। এই বছৰ তেওঁলোকে ৬ কোটি মূল্যৰ ৰঙালাউ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে। তেওঁলোকৰ এই প্ৰয়াসৰ সফলতা কামনাৰে কৃষক উৎপাদক কোম্পানীটোৰ প্ৰতিগৰাকী পৰিশ্ৰমী কৃষকক মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰোঁ।

উল্লেখ্য যে বৃহংগম কৃষক উতপাদক কোম্পানীটোৱে ৩,০০০ বিঘা মাটিত এইবাৰ ৰঙালাও খেতি কৰিছে। যোৱা দেওবাৰে তেওঁলোকৰ কৃষিফাৰ্মখন পৰিদৰ্শন কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। তেওঁলোকৰ FPO টোত ১ হাজাৰৰো অধিক কৃষক সদস্য আছে। বিগত বছৰটোত কৃষক উৎপাদক কোম্পানীটোৱে ৰঙালাউ বিক্ৰী কৰি প্ৰায় ২ কোটি টকা উপাৰ্জন কৰিছিল। এই বছৰ তেওঁলোকে ৬ কোটি মূল্যৰ ৰঙালাউ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে বিদেশলৈ প্ৰেৰণ কৰাৰ লক্ষ্য লৈছে।

লগতে পঢ়ক- 

পুখুৰীত পোনা মেলাৰ পূৰ্বে দেৱজিত বৰ্মনৰ এইকেইটা কথা মন কৰিব

English Summary: Pumpkin Farming in Bokahat

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.