1. News

MFOI-2024 : আহি আছে Millionaire Farmer of India 2024 কৃষক বঁটা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Coming Soon MFOI 2024
Coming Soon MFOI 2024

কৃষকসকলৰ বাবে ভাল খবৰ। কৃষি জাগৰণ মিডিয়া গ্ৰুপে দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনোৱাৰ উদ্দেশ্য মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষকতাত আয়োজন কৰিছে MFOI-2024 কৃষক বঁটা। ১-৫ ডিচেম্বৰলৈ অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানটোত দেশৰ কৃষকসকলক নতুন দিল্লীত সম্বৰ্ধনা জনোৱা হ’ব। কৃষক বঁটা অনুষ্ঠানটোত দেশৰ কেইবাজনো কেন্দ্ৰীয় মন্ত্ৰী উপস্থিত থাকিব।

MFOI-2024 কৃষক বঁটা অনুষ্ঠানটোত জিলা, ৰাজ্যিক, নেশ্যনেল পৰ্যায়ত কৃষকসকলক সম্বৰ্ধনা জনোৱা হ’ব কেইবাটাও  শিতানত। প্ৰায় ১৫০ টা শিতানত কৃষকসকলক বঁটা প্ৰদান কৰিব। এক কথাত কৃষি খণ্ডৰে জড়িত সকলো দিশক সামৰি বঁটা প্ৰদান কৰিব কৃষকসকলক। কেৱল কৃষি বুলিয়েই নহয়, পশুপালন, মীন পালন, সমবায় সমিতি, কৃষক উতপাদক কোম্পানীসমূহকো প্ৰদান কৰিব MFOI-2024ত। গতিকে কৃষকসকলক MFOI  বঁটাৰ বাবে নিজৰ নাম পঞ্জীয়ন কৰিবলৈ আহ্বান জনাইছে MFOI ৰ উদযাপন সমিতিয়ে। জানিবলৈ পৰা মতে, দুই এদিনতে নামপঞ্জীয়নৰ বাবে পৰ্টেল মুকলি কৰিব কৃষি জাগৰণে।

লগতে পঢ়ক- 

MSP : ২ বছৰৰ পাছত আকৌ কিয় কৃষকৰ গৰ্জন! কি বিচাৰে কৃষকসকলে!

উল্লেখ্য যে MFOI জৰিয়তে দেশৰ প্ৰগতিশীল কৃষকসকলক সন্মান জনাই কৃষিখণ্ডত লুকাই থকা সম্ভাৱনাসমূহক লোকচক্ষুৰ সন্মুখত তুলি ধৰিবলৈ কৃষি জাগৰণ মিডিয়া গ্ৰুপে মহিন্দ্ৰা টেক্টৰছৰ পৃষ্ঠপোষতাত আয়োজন কৰিছে MFOI 2024।

এই গোটেই কাৰবাৰটোৰ মূল মানুহজন কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ প্ৰতিষ্ঠাপক তথা মুখ্য সম্পাদক এম চি ডমিনিক। তেওঁৰ লগত হোৱা কথা-বতৰাত তেওঁ কয় যে MFOI  তেওঁৰ এটা ২৬ বছৰীয়া সপোন। দেশৰ সকলোখণ্ডতে কাম কৰা লোকসকলক সন্মান জনোৱা হয় কিন্তু সন্মান জনোৱা নহয় কৃষকসকলকহে। কিন্তু কৃষকসকলক সন্মান জনাম বুলি কৃষি জাগৰণ মিডিয়া গ্ৰুপৰ মুখ্য সম্পাদক এম চি ডমিনিকে।

লগতে পঢ়ক- 

Watermelon Farming- কৃষকসকল তৰমুজৰ খেতিৰ বতৰ আহি আছে

English Summary: Coming Soon MFOI 2024

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.