1. এগ্ৰিপেডিয়া

এইবাৰ ৫ বিঘা মাটিত কৰক এই উন্নত জাতসমূহৰ ভেণ্ডিৰ খেতি

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Best variety of Ladyfinger
Best variety of Ladyfinger

 

আহি আছে ভেণ্ডি খেতিৰ বতৰ। গতিকে এইবাৰ আমাৰ কৃষকসকলে নিজৰ মাটি থকা কৃষকসকলে পাঁচ বিঘা মানত ভেণ্ডি কৰক। আগতীয়াকৈ কৰিলে সেই মাটিত কৃষকসকলে শাওন মাহত ধান খেতি কৰিব পাৰিব। এনেদৰে ভেণ্ডি খেতি কৰা মাটিত ধান খেতি কৰিলে কৃষকজনৰ ধানৰ খেতিও ভাল হ’ব। আৰু যিসকলৰ কম মাটি আছে তেওঁলোকে এবিঘামান মাটিত কৰক ভেণ্ডিসমূহৰ খেতি।

ভেণ্ডি খেতি কৰিব বিচৰা কৃষকসকলৰ বাবে লৈ আহিছো ৫ উন্নত জাতৰ ভেণ্ডিৰ সঁচ। যিকেইটা জাতৰ ভেণ্ডি খেতি কৰি আমাৰ কৃষকসকলে ভাল উপাৰ্জন কৰিব পাৰিব।

জাতকেইটা এনেধৰণৰ-

১।পুছা ছাৱানী : গা-গছ আৰু পাতবোৰত মজলীয়াকৈ শুঙ্ থাকে ৷ ওপৰৰ পাতবোৰ বেঙুনীয়া, গা গছজোপাও পাতলীয়াকৈ বেঙুনীয়া ৰঙৰ৷ ভেণ্ডিবোৰ মিহি আৰু সেউজীয়া ৰঙৰ, প্ৰায় সকলো সময়তে খেতি কৰিব পৰা ৷

২। আৰ্কা অনামিকা : গছবোৰ ওখ (১৮০ চে:মিটাৰ), আৰু থিয়, ভেণ্ডিবোৰ দীঘল (২০ চে:মিটাৰ), সেউজীয়া আৰু কোমল হয় ৷ ১২০-১৩০ দিনৰ ভিতৰত ইয়াৰ কৃষিকাল সমাপ্ত হয় ৷ উত্পাদন ১৭৫-২৫০ কুইন্টল প্ৰতি হেক্টৰত পোৱা যায় ৷ হালধীয়া পৰা ভাইৰাচ বেমাৰ প্ৰতিৰোধ কৰিব পৰা ক্ষমতা আছে ৷

৩। পাৰভানি ক্ৰান্তি : উচ্চ উত্পাদন ক্ষমতা থকা আৰু হালধীয়া পৰা ভাইৰাচ বেমাৰ প্ৰতিৰোধৰ ক্ষমতা থকা ৷

৪। ৰেড অণ্ডাৰ : উত্পাদন ক্ষমতা গড় হিচাবত ১২৫ কুইন্টল প্ৰতি হেক্টৰত ৷

৫। পঞ্চশিৰা : গছবোৰ ১৫৮ চে:মিটাৰ মান ওখ হয়, ভেণ্ডিবোৰ ১৯ চে:মিটাৰ মান দীঘল হয় ৷ গড় হিচাবত প্ৰতি হেক্টৰত ১৫০ কুইন্টল মান উত্পাদন পাব পাৰি ৷

লগতে পঢ়ক- 

Assam village business idea : গাঁৱত থাকি আৰম্ভ কৰক এই ৩ টা ব্যৱসায়

এই জাত কেইটাৰ উপৰি শেহতীয়াকৈ বজাৰলৈ আহিছে আন এটা ভেণ্ডিৰ সঁচ। সেইটো হ’ল- ৰঙা ভেণ্ডি বা Red ladyfinger বা কুমকুম ভেণ্ডি। ৰঙা ভেণ্ডিৰ খেতিৰে কৃষকসকলে বৰ্তমান সময়ত অধিক উপাৰ্জন কৰাৰ স্থল আছে। কাৰণ এই ভেণ্ডি সাধাৰণ ভেণ্ডিতকৈ স্বাস্থ্যসন্মত যাৰবাবে বজাৰত দাম অধিক। কিন্তু এই খেতি কৰিবলৈ বিনিয়োগ আৰু শাৰীৰিক পৰিশ্ৰমৰ পৰিমাণ সাধাৰণ ভেণ্ডিৰ খেতিৰ দৰেই।

ভেণ্ডি খেতিৰ বাবে মাটি আৰু উপযুক্ত সময় :

ভেণ্ডি খেতিৰ বাবে বালিচহীয়া মাটি সৰ্বোত্তম বুলি বিবেচিত হয়। ভাল উৎপাদন আৰু গুণগত ফলৰ বাবে পথাৰত পানী নিষ্কাশন সঠিক হ’ব লাগে আৰু মাটিৰ পি এইচ মান ৬.৫ৰ পৰা ৭.৫ৰ ভিতৰত হ’ব লাগে। বীজ সিঁচাৰ সময় ফেব্ৰুৱাৰী মাহৰ আৰম্ভণিৰ পৰা এপ্ৰিল মাহৰ দ্বিতীয় সপ্তাহলৈ।

মাটিৰ প্ৰস্তুতি ঃ

কুমকুম ভেণ্ডিৰ খেতি কৰিবলৈ পথাৰত ২ৰ পৰা ৩ বাৰ হাল বাব লাগে, তাৰ পিছত পথাৰখন কিছুদিন শুকাবলৈ দিব লাগে। ভেণ্ডি খেতিৰ বাবে প্ৰতি প্ৰতি বিঘাত এক-দুই টেক্টৰ গোবৰকৰি পুনৰ ১ ৰ পৰা ২ বাৰকৈ পথাৰখন হাল বোৱা, তাৰ পিছত পথাৰত পানী প্ৰয়োগ কৰি পুনৰ এচাহ দুচাহ হালবাই দুই তিনিদিনৰ মৈয়াই  মাটি সমান কৰি বীজ ৰোপন কৰিব লাগে।

লগতে পঢ়ক- 

Kumkum Ladyfinger : কুমকুম ভেণ্ডিৰ খেতিত আচৰিত লাভ, বহিঃৰাজ্যতো আছে চাহিদা

English Summary: What is the Best variety of Ladyfinger

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.