1. News

Cold Storage : মুকলি হ'ব ১০ মেট্ৰিকটন ক্ষমতাযুক্ত মৰিগাঁৱৰ প্ৰথমটো শীতল ভঁৰাল

KJ Staff
KJ Staff

ৰাজ্য চৰকাৰৰ উদ্যোগত অহা ১ মাৰ্চৰ পৰা ১০ মাৰ্চলৈ ৰাজ্যজুৰি আয়োজিত বিকাশ যাত্ৰা কাৰ্যসূচী মৰিগাঁও জিলাতো সফলতাৰে অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি সন্দৰ্ভত আজি জিলা আয়ুক্তৰ কাৰ্যালয় সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এই কাৰ্যসূচীৰ অধীনত বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত উদ্বোধন কৰিবলগীয়া আঁচনি, আধাৰশিলা স্থাপন আৰু ভূমিপূজন কৰিবলগীয়া আঁচনিসমূহৰ বিষয়ে সবিশেষ বুজ লয়।

উল্লেখ্য যে এই কাৰ্যসূচীৰ অধীনত মৰিগাঁও জিলাত চৰকাৰৰ কেইবাখনো গুৰুত্বপূৰ্ণ আঁচনিকে ধৰি ৫০ টাৰো অধিক পথ, ৪ খন দলং আৰু বিভিন্ন বিভাগৰ দ্বাৰা ৰূপায়িত ভালেমান আঁচনি উদ্বোধন, আধাৰশিলা আৰু ভূমিপূজন কৰা হ'ব। এই কাৰ্যসূচীৰ অধীনত জনস্বাস্থ্য কাৰিকৰী বিভাগ, স্বাস্থ্য বিভাগ, উদ্যোগ আৰু বাণিজ্য বিভাগ, মীন বিভাগ, লোকনিৰ্মাণ (পথ), লোকনিৰ্মাণ (গৃহ), জলসম্পদ, জলসিঞ্চন, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগ, সমাজ কল্যাণ বিভাগ আৰু মৰিগাঁও পৌৰসভাৰ ভালেমান আঁচনি উদ্বোধন, আধাৰশিলা আৰু ভূমিপূজন কৰা হ'ব।

লগতে পঢ়ক- 

MSP : ২ বছৰৰ পাছত আকৌ কিয় কৃষকৰ গৰ্জন! কি বিচাৰে কৃষকসকলে!

আঁচনিসমূহৰ ভিতৰত স্বাস্থ্য বিভাগৰ দ্বাৰা নেলীৰ ৰাজ্যিক চিকিৎসালয়ত নিৰ্মাণ কৰা তথা দুৰ্ঘটনা আদি জৰুৰী সেৱাৰ ক্ষেত্ৰত অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত ট্ৰ'মা কেন্দ্ৰটো অন্যতম। ৭৪.৩৩ লাখ টকা ব্যয়সাপেক্ষে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দ্বাৰা নিৰ্মাণ কৰা এই ট্ৰ'মা কেন্দ্ৰটো মুকলি হ'লে ৰাষ্ট্ৰীয় ঘাইপথত সঘনাই সংঘটিত পথ দুৰ্ঘটনা আৰু অন্য জৰুৰী সেৱাৰ ক্ষেত্ৰত জিলাখনৰ বাবে এটা বৃহৎ সকাহ হ'ব। ইয়াৰ উপৰি উদ্যোগ আৰু বাণিজ্য বিভাগৰ লাহৰীঘাটৰ গৰৈমাৰীৰ লাহৰীপামত নিৰ্মাণ কৰা সমূহীয়া সুবিধা কেন্দ্ৰ (Common Facility Centre) টোও অন্যতম গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে।

মৰিগাঁও জিলাত প্ৰথমবাৰৰ বাবে নিৰ্মাণ কৰা এই কেন্দ্ৰটো কৃষকৰ এটা গোট "মৰিগাঁও সংহত ফল-মূল আৰু শাক-পাচলি উদ্যোগ"ৰ দ্বাৰা পৰিচালিত হ'ব। এই কেন্দ্ৰটোত ১০ মেট্ৰিকটন ক্ষমতাযুক্ত এটা শীতল ভঁৰাল (Cold Storage) থাকিব। ৩.১৬ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই কেন্দ্ৰটোত শীতল ভঁৰালৰ উপৰি, মচলা প্ৰস্তুতকৰণ যন্ত্ৰ, খাদ্য সংশাধন যন্ত্ৰ আদিও থাকিব। জিলাখনৰ কৃষকসকলে নিজৰ উৎপাদিত ফল-মূল আৰু শাক-পাচলি এই শীতল ভঁৰালত ৰাখিব পাৰিব। সভাত অতিৰিক্ত জিলা আয়ুক্ত দ্যোতিভা বৰাই এই কাৰ্যসূচী সন্দৰ্ভত কয় যে অভিভাৱক মন্ত্ৰী তথা স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাই এই আঁচনিসমূহ মাৰ্চৰ প্ৰথম ১০ টা দিনৰ ভিতৰত উদ্বোধন, আধাৰশিলা আৰু ভূমিপূজন কৰিব।

লগতে পঢ়ক- 

Black rice : ধান খেতিৰে লাভান্বিত হ’বলৈ আমাৰ কৃষকেও কৰক এই খেতি

English Summary: Good news Marigaon Farmers,

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.