Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 19 September, 2022 4:56 PM IST
কে জে চৌপালৰ মুখ্য অতিথি হ’ল দেশৰ ৩ গৰাকী প্ৰগতিশীল কৃষক!

এইবাৰ কৃষি জাগৰণৰ কে জে চৌপালত (KJ Choupal) মুখ্য অতিতি হিচাপে উপস্হিত হ’ল দেশৰ আগশাৰীৰ তিনিগৰাকী প্ৰগতিশীল কৃষক। সোমবাৰে দিনৰ 2:00 বজাত নতুন দিল্লীৰ কৃষি জাগৰণৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় এই কে জে চৌপাল অনুষ্ঠানটোৰ। অনুষ্ঠানটোত উপস্হিত থকা অতিথি ক্ৰমে কৃষক তথা হাৰিয়ানা কিষাণ ক্লাৱৰ অধ্যক্ষ বিজেন্দ্ৰ সিং দালাল, পালৱালৰ প্ৰগতিশীল কৃষক (Mint grower) ৰমেশ চৌহান আৰু চাৰদাৰ ঔমবিৰ সিং (Innovative Farmer)।

ষ্টুটি শুক্লাই আঁত ধৰা এই অনুষ্ঠানটোলৈ আটাইকেইগৰাকী অতিথিক কৃষি জাগৰণলৈ উষ্ম আদৰণি জনোৱা হয়। এই অনুষ্ঠানতে ১৯৯৬ চনত সাধাৰণ ভাৱে আৰম্ভ হোৱা কৃষিজাগৰণ আজি দেশৰ আগশাৰী মেডিয়া শাৰীত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হ’ল সেই গৌৰৱময় ২৬ বছৰ সফলতাৰ যাত্ৰা সম্বন্ধে এক প্ৰদৰ্শনী ভিডিঅ’ৰ জৰিয়তে সুন্দৰভাৱে উপস্হাপন কৰা হয়।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰি প্ৰগতিশীল কৃষক  ৰমেশ চৌহান আৰু চাৰদাৰ ঔমবিৰ সিঙে এক দীঘলীয়া সময়জুৰি কৃষি জাগৰণে কৃষক সম্প্ৰদায়লৈ আগবঢ়াই অহা অৰিহণাক কৃতজ্ঞতা প্ৰকাশ কৰে। হাৰিয়ানাৰ কৃষক ৰমেশ চৌহানে প্ৰাথমিক পৰ্যাত তেওঁ কিদৰে কণ্টকময় যাত্ৰা অতিক্ৰম কৰি আজি দেশৰ ভিতৰতে এগৰাকী সফল পদিনা উৎপাদক হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হ’ল সেই ৰসাল যাত্ৰা সম্পৰ্কে কে জে মঞ্চত শ্বেয়াৰ কৰাৰ লগতে কৃষি জাগৰণৰ ডাইৰেক্টৰ ছাইনি ডমিনিকক পদিনা গছপুলি উপহাৰ দিয়ে। ইপিনে কৃষক ঔমবিৰ  সিঙে হাৰিয়ানাৰ এখন কৃষি মেলাত কিদৰে কৃষি জাগৰণৰ সৈতে চিনাকী হৈছিল, কৃষি জাগৰণ পত্ৰিকাৰ পৰা লাভ কৰা তথ্যৰে নিজ কৃষিকাৰ্য কৰি আগবাঢ়ি গৈছিল সেই কথা উল্লেখ কৰে।

কৃষকে নিজ হাতেৰে প্ৰস্তুত কৰা লাড়ু

আনহাতে হাৰিয়ানা কিষাণ ক্লাৱৰ অধ্যক্ষ বিজেন্দ্ৰ সিং দালালে আজিৰ পৰা কেইবাবছৰ পূৰ্বে কৃষি জাগৰণ পত্ৰিকা পঢ়ি নিজকে এগৰাকী প্ৰগতিশীল কৃষক হিচাপে প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে বুলি দাবী কৰে। নিযমিতভাৱে পত্ৰিকাত প্ৰকাশিত কৃষি প্ৰবন্ধসমূহ পঢ়ি সেইবোৰৰ পৰা ন ন তথ্য লাভ কৰি কৃষি কাৰ্যত ব্যৱহাৰৰ জড়িয়তে যথেষ্ট লাভৱান হৈছে বুলি তেওঁ উল্লেখ কৰে। কেৱল পত্ৰিকাই নহয় কৃষি জাগৰণ পৰ্টেল, চছিয়েল মেডিয়া, ইউটিউবৰ তথা কৃষি মেলা আৰু ইভেণ্টৰ জৰিয়তে কৃষি জাগৰণে নিৰৱিচ্ছিন্নভাৱে কৃষকৰ হৈ কাম কৰা কাৰ্যক দালালে প্ৰশংসা লগতে কৃতজ্ঞতা প্ৰকাশ কৰে। তেওঁ বৰ্তমান কৃষিকাৰ্য আৰু সংবাদ মাধ্যমৰ ভূমিকা সম্পৰ্কেও উল্লেখ কৰে।

উল্লেখ্য যে এই অনুষ্ঠানটোত মুখ্য সম্পাদক এম চি ডমিনিকৰ লগতে উপস্হিত আছিল কৃষি জাগৰণৰ ডাইৰেক্টৰ ছাইনি ডমিনিক, অপাৰেটিং অফিটাৰ ড০ পি কে পাণ্ট, কণ্টেন্ট হেড সঞ্জয় কুমাৰ, কনটেণ্ট প্ৰবন্ধক পংকজ খান্না, ছ'চিয়েল মিডিয়াৰ জিএম নিশান্ত তাক আৰু কৃষি জাগৰণৰ সকলো কৰ্মচাৰী।

লগতে পঢ়ক-কে জে চোপালত উপস্হিত IFAJ সভাপতি লেনা জনছন

English Summary: Progressive Farmer is at KJ Choupal
Published on: 19 September 2022, 04:56 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now