Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 July, 2022 4:41 PM IST

মূল্যবৃদ্ধিৰ অশ্বমেধ যজ্ঞৰ ঘোঁৰা এতিয়া বান্ধিব কোনে! কেন্দ্ৰীয় চৰকাৰে মুকলি কৰা অশ্বমেধ ঘোঁৰা অতপালিত এতিয়া টোপনি হৰিছে দেশৰ মধ্যবিত্ত আৰু সাধাৰণ জনতাৰ। কিন্তু এই প্ৰভাৱ পৰা নাই দেশৰ কোটিপতিসকলৰ মাজত। প্ৰতিদিনে তেওঁলোকৰ টকাৰ পৰিমাণৰ পাছত যোগ হৈছে এটাৰ পাছত আন এটা শূণ্য। কিন্তু বিপৰীতে দেশৰ সাধাৰণ জনতাৰ প্ৰতিদিনে হাড় ছাল ওলাব ধৰিছে।  

অভিলেখ ভংগ কৰি বিজেপি চৰকাৰে বৃদ্ধি কৰিছে অত্যাৱশ্যকীয় সামগ্ৰীৰ কৰ বৃদ্ধিয়ে জুৰুলা কৰিছে দেশৰ অগণন জনতাক। ইয়াৰ বিৰুদ্ধে কৰা  জনতাৰ প্ৰতিবাদক, সমালোচনাক গুৰুত্ব দিয়া নাই চৰকাৰে। ইফালে চৰকাৰৰ বিৰুদ্ধে মাত মাতি অহা দেশৰ বিশিষ্ট অৰ্থনীতিবিদসকলক শাসকপক্ষই চৰকাৰবিৰোধী, বাওঁপন্থী, কংগ্ৰেছী আদি নানা অভিধাৰে অভিহিত কৰি তেওঁলোকৰ বিচাৰ-বিশ্লেষণক একপ্ৰকাৰ নস্যাৎ কৰি দিয়াৰ ব্যৱস্থা কৰি আহিছে।

কিন্তু বিদেশৰ কলা ধন দেশলৈ ঘূৰাই আনি দেশৰ জনতাৰ মাজত বিলাই দিয়াৰ প্ৰতিশ্ৰুতিৰে শাসনলৈ আহিছিল বিজেপি। সেই বিজেপিয়ে এতিয়া জনতাৰ কঁপালৰ ঘাম মাটিত পেলাই কৰা উপাৰ্জনৰ  ধনেৰে বৰসবাহ পাতি অহাৰ অভিযোগ বিভিন্ন মহলৰ । মূল্যবৃদ্ধিৰ এই বোজা দাঙিব নোৱৰা হৈ থকাৰ মাজতে আজিৰ পৰা পুনৰ দামবৃদ্ধি পাব কেইবাবিধো সা-সামগ্রীৰ মূল্য।

যাৰ ফলত বহু খাদ্য, ঘৰুৱা সামগ্রীৰ বাঢ়িব দাম বৃদ্ধি পাব। দামবৃদ্ধি পাব দৈ, পনীৰ, গুড়, মৌ, মুড়ী, চিৰা, চাউল, আটা আদিৰ দাম। খাদ্য সামগ্ৰীৰ উপৰি ১৮ জুলাইৰ পৰা দাম বাঢ়িব LED লাইট, চামৰাৰ সামগ্রী, হাস্পতালৰ কোঠাৰৰ লগতে বাঢ়িব হোটেলৰ কোঠাৰ ভাড়া। মন কৰিব লগীয়া যে দৈ, পনীৰ, গুড়, মৌ, মুড়ী, চিৰা, চাউল, আটা আদিৰ দামবৃদ্ধি হ’লে কৃষকসকল একপ্ৰকাৰে লাভাৱান্বিত হোৱাৰ স্থল থাকে। কিন্তু আমাৰ দেশত তেনে কোনো স্থল নাথাকে।

লগতে পঢ়ক-The New York Times কাকতত প্ৰকাশিত অসমৰ বান সমস্যাৰ সঁচা ছবিখন আজি জীবন্ত!

English Summary: PRICE HIKE
Published on: 18 July 2022, 04:41 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now