1. News

The New York Times কাকতত প্ৰকাশিত অসমৰ বান সমস্যাৰ সঁচা ছবিখন আজি জীবন্ত!

RAHUL ALI
RAHUL ALI
The New Work Times কাকতত প্ৰকাশিত অসমৰ বান সমস্যাৰ সঁচা ছবিখন আজি জীবন্ত!
The New Work Times কাকতত প্ৰকাশিত অসমৰ বান সমস্যাৰ সঁচা ছবিখন আজি জীবন্ত!

২০১৬ চনৰ ১৩ জানুৱাৰী দিনটোত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকসকলৰ প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিখনৰ শুভাৰম্ভ কৰিছিল। আঁচনিখনৰ প্ৰধান উদ্দেশ্য আছিল কোনো প্ৰাকৃতিক দুৰ্যোগৰ ফলত যদি কৃষকসকলৰ শস্য ক্ষতিগ্ৰস্ত হয়,  তেন্তে চৰকাৰৰ এই আঁচনিয়ে কৃষকসকলক সহায়ৰ হাত আগবঢ়াই কৃষকসকলে সন্মুখীন হোৱা লোকচানৰ সমভাগী হোৱা। সম্প্ৰতি চলিত বৰ্ষৰ দুটাকৈ প্ৰলয়ংকৰী বানত ৰাজ্যখনৰ ৩৩খন জিলাৰ আঢ়ৈ লাখ হেক্টৰ কৃষিভূমিৰ শস্য বানত বুৰ গৈছে। যাৰফলত কৃষকৰ অৱস্থা পানীত হাঁহ নচৰা হৈছে। ধাৰ-ঋণৰ লগতে সাঁচতীয়া পইচাকেইটাৰে কৰা খেতিডৰা বান আৰু খহনীয়াত জাহ যোৱাত এতিয়া সন্মুখত একো নেদেখা হৈ পৰিছে অসমৰ কৃষকসকলে

অসমৰ কৃষকসকলৰ এই জীৱন-মৃত্যুৰ সন্ধিক্ষণত অতি প্ৰাসংগিক হৈ পৰিছে প্রধানমন্ত্রী শস্য বীমা যোজনা। উল্লেখ্য যে, প্রধানমন্ত্রী শস্য বীমা যোজনাৰ অধীনত ২০১৯-২০ আৰু ২০২০-২১ বৰ্ষত ক্ষতিগ্রস্ত কৃষকে ক্ষতিপূৰণ হিচাপে দাবী কৰা প্ৰায় ১৪৬ কোটি টকাৰ বিপৰীতে মুঠ ১২৭ কোটি টকা কৃষকৰ বেংক একাউণ্টত জমা হৈছে । ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ২,২৬,৩৭৭ গৰাকী কৃষক উপকৃত হৈছে । কিন্তু এইবাৰ কি হয় সেয়া সময়তেহে লক্ষ্যণীয় হব।

অৱশ্যে ইতিমধ্যো চৰকাৰে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা আৰু দুর্যোগ ব্যৱস্থাপনা আঁচনিৰ অধীনত ৰাজ্যখনৰ ৩৩ খন জিলাত স্থাপন কৰা সমূহীয়া কঠীয়াতলীৰ জৰিয়তে ২২,৩৩৮ হেক্টৰ কৃষিভূমিত শালি ধান খেতি কৰাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। এই আঁচনি দুখনৰ জৰিয়তে ৫৪,৩৮০ টা কৃষকৰ পৰিয়াল উপকৃত হ'ব । আনহাতে, অধিক উৎপাদনক্ষম জাতৰ ধানৰ বীজ বিতৰণৰ ব্যৱস্থা কৰা হৈছে। ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনা, দুর্যোগ ব্যৱস্থাপনা আঁচনি আৰু ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা অভিযানৰ জৰিয়তে মুঠ ৭২,০১৬ হেক্টৰ কৃষিভূমিত শালি ধানৰ খেতি কৰিব পৰাকৈ ২৮,৮০৬ কুইণ্টল অধিক উৎপাদনক্ষম জাতৰ ধানৰ বীজ বিতৰণৰ কাম ৰাজ্যত অব্যাহত আছে।

ইয়াৰ জৰিয়তে ৰাজ্যখনৰ ১,৪৬,৬১৫টা কৃষক পৰিয়াল উপকৃত হ'ব। সেইদৰে বানাক্ৰান্ত কৃষকৰ ক্ষতিৰ জোৰা মৰাৰ উদ্দেশ্যে আহি থকা ৰবি বতৰৰ গ্ৰীষ্মকালীন ধান, মাকৈ, মাহজাতীয় শস্য, তেলজাতীয় শস্য, বিভিন্ন মছলাজাতীয় শস্য, আলু, শাক-পাচলি আদি বিভিন্ন শস্যৰ বীজ যোগান ধৰিবলৈ বিস্তৃত আঁচনি যুগুত কৰিছে কৃষি বিভাগে।

লক্ষ্যণীয় কথাতো হল প্ৰত্যেক বছৰে প্ৰাকৃতিক দুৰ্যোগত ৰাজ্যৰ বিশাল শস্যভূমি ক্ষতিগ্ৰস্ত হয়। কিন্তু ইয়াৰ বাবে চৰকাৰে গ্ৰহণ কৰা নাই কোনো স্থায়ী সমাধানৰ পদক্ষেপ। ভঙা জেওৰা জোৰা মৰাৰ দৰেই পদক্ষেপ গ্ৰহণ কৰি আহিছে ৰাজ্য চৰকাৰখনে। কিন্তু প্ৰতিবছৰেই বাৰিষাৰ বানত বিস্তৰ ক্ষতিৰ সন্মুখীন হৈ আহিছে অসমৰ কৃষকসকল। স্থায়ী সমাধানৰ পৰিৱৰ্তে ক্ষতিগ্ৰস্ত কৃষকসকলক বিভিন্ন সময়ত সহানুভূতিমূলক আচৰণ কৰি আহিছে ৰাজ্যখনৰ বিভাগীয় কৰ্তৃপক্ষৰ লগতে মন্ত্ৰী-এমএলএসকলে।

উল্লেখনীয় যে চলিত বৰ্ষটোতে আমেৰিকা যুক্তৰাষ্ট্ৰ এখন কাকতত বানত ক্ষতিগ্ৰস্ত অসমৰ এজন কৃষকৰ ছবি প্ৰকাশ পাইছিল। ছবিখনত ঋণ লৈ কৰা খেতিডৰাৰ বানত ডুব যোৱা দেখি কৃষকজন মূৰ্চা গৈছে। এই ছবিখনে সম্প্ৰতি অসমৰ কৃষকসকলৰ দুৰ্দশাক প্ৰতিনিধিত্ব কৰিছে। অসমৰ প্ৰতিজন কৃষক আৰ্থিকভাৱে খুব দুৰ্বল। ধাৰ-ঋণ, সাঁচতীয়া টকাৰে টেক্টৰ লগাই খেতি কৰিছিল অসমৰ কৃষকসকলে। কিন্তু চকুৰ সন্মুখতে সকলো তচনচ কৰি গ’ল বানে। এনে সন্ধিক্ষণত কৃষকসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে প্ৰধানমন্ত্ৰী শস্য বীমা আঁচনিখনলৈ।

লগতে পঢ়ক-ABM AGRI INDUSTRY & RESEARCH PVT. LTD ৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ!

English Summary: The New York Times coverage on Assam Flood badly affected farmer

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.