1. News

JJBY : ১ টকাত ২ লাখ টকাৰ বীমা ৰিক্সাচালক, দিনমঞ্জুৰসকললৈ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
প্ৰধানমন্ত্ৰী জীৱন  জ্যোতি বীমা যোজনা
প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা

এই আঁচনিখন আৰ্থিকভাৱে স্বচ্ছলসকললৈ নহয়, ঠেলাচালক, ৰিক্সাচালক, শ্ৰমিকসকলৰ বাবে। সাধাৰণতে দেখা যায় এজন লোকেই একোটা পৰিয়ালৰ উপাৰ্জনৰ প্ৰধান মানুহ। আৰু এই মানুহজনৰ বেমাৰ হলে বা মানুহজনৰ কিবা দুৰ্ঘটনাত পতিত বা মৃত্যু হ’লে পৰিয়ালটোৰ অৱস্থা নাইকীয়া হয়। এই দিশটোৰ প্ৰতি লক্ষ্য ৰাখিয়েই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ঘোষণা কৰিছে এই বীমা আঁচনিখনৰ।

প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ অধীনত বীমা কৰোঁতাজনে দৈনিক এটকাকৈ জমা কৰিব লাগিব। এই আঁচনিৰ অধিনত আপুনি বীমা কৰিবলৈ বেংকলৈ গৈ বেংক বিষয়াৰ লগত কথা পাতিব। তেওঁলোকে আপোনাক ফৰ্মখন পুৰাই দিব। ইয়াৰ বাবে আন একো নালাগে মাত্ৰ বেংকত আপোনাৰ নামত এখন একাউন্টত থাকিব লাগিব। তাতে তেওঁলোকে আপোনাক এখন ফৰ্ম দিব যিখন ফৰ্ম ফিলাপ কৰিলে আপোনাৰ ছেভিংচ একাউন্টাৰ পৰা বছৰি ৩৩০ টকা কাটি নিব। আপুনি বেলেগকৈ আকৌ বীমাৰ বাবে প্ৰতিদিনে এটকাকৈ জমা কৰিব নালাগে।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত আৰম্ভ কৰক ফেব্ৰুৱাৰী-এপ্ৰিলৰ ভিতৰত

এনেকৈ বছৰি ৩৩০ টকা বীমাৰ নামত জমা কৰাৰ বাবদ আপোনাৰ কিবা ডাঙৰ বেমাৰ হ’লে বা দুৰ্ঘটনাত পতিত হ’লে  বা মৃত্যু হ’লে আপুনি বা আপোনাৰ পৰিয়ালে ২ লাখ টকা লাভ কৰিব। এই পলিচিৰ ধন লাভ কৰিবলৈ কোনো ধৰণৰ মেডিকেল টেষ্টৰ প্ৰয়োজন নাই। বীমা পলিচীৰ সন্মতি পত্ৰত কিছুমান বিশেষ ৰোগৰ কথা উল্লেখ আছে। আবেদন কৰোতে ক’ব লাগিব যে আপুনি সেই ৰোগত আক্ৰান্ত ।

পঞ্জীয়নৰ চৰ্তসমূহ

  • যদি আপুনি ভাৰত চৰকাৰৰ এই আঁচনিৰ অধীনত বীমা কৰে তেন্তে আপোনাক লাগিব আধাৰ কাৰ্ড, পৰিচয় পত্ৰ, বেংক একাউণ্টৰ পাছবুক,  মোবাইল নম্বৰ আৰু পাছপৰ্টৰ আকাৰৰ ফটো ।
  • আপুনি আপোনাৰ বেংক একাউণ্ট নম্বৰ আধাৰ নম্বৰৰ সৈতে লিংক কৰিব লাগিব কাৰণ আপোনাৰ পৰিচয় আধাৰৰ জৰিয়তে পৰীক্ষা কৰা হয়।
  • পলিচি বৰ্ষ ১ জুনৰ পৰা ৩১ মে’লৈ। এককালীন বিনিয়োগ এবছৰৰ বাবে।
  • যদি আপুনি স্বয়ংক্ৰিয় নবীকৰণ বাছি লৈছে, তেন্তে প্ৰতি বছৰে ২৫ মে’ৰ পৰা ৩১ মে’ৰ ভিতৰত পলিচীৰ ৪৩৬ টকা স্বয়ংক্ৰিয়ভাৱে আপোনাৰ একাউণ্টৰ পৰা কৰ্তন কৰা হয়।
  • আপুনি প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনাৰ সুবিধা ল'ব পাৰিব কেৱল আপোনাৰ একমাত্ৰ বেংক একাউণ্টৰ জৰিয়তে। ইয়াৰ সৈতে এই নীতি আন কোনো একাউণ্টৰ সৈতে সংযোগ কৰিব নোৱাৰিব।
  • এই বীমা কভাৰৰ সুবিধা পলিচি লোৱাৰ ৪৫ দিনৰ পিছতহে পোৱা যায়।

লগতে পঢ়ক-

Republic Day 2023 : মেড ইন ইণ্ডিয়াৰে এইবাৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

English Summary: Pradhan Mantri Jeevan Jyoti Bima Yojana(PMJJBY)

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.