1. News

Republic Day 2023 : মেড ইন ইণ্ডিয়াৰে এইবাৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

PANKAJ KHANIKAR
PANKAJ KHANIKAR
74th Republic Day
74th Republic Day

আজি গণতন্ত্ৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস। পূৰ্বতকৈ এইবাৰ পৃথক হৈছে গণৰাজ্য দিৱসৰ কাৰ্যসূচী। এইবাৰ ৭ দিনীয়াকৈ অনুষ্ঠিত হৈছে গণৰাজ্য দিৱস ! ২৩ জানুৱাৰীৰ পৰাই এইবাৰ আৰম্ভ হোৱা গণৰাজ্য দিৱসৰ কাৰ্যসূচী ৩০ জানুৱাৰীত অন্ত পৰিব। নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিনৰ পৰাই আৰম্ভ হোৱা এইবাৰৰ গণৰাজ্য দিৱসৰ সকলো কাৰ্যসূচী অন্ত পৰিব মহামানৱ মহাত্মা গান্ধীৰ মৃত্যু দিৱসৰ দিনটোত। আজি কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত দিল্লীৰ কৰ্তব্য পথৰ বৃহত্‍ গণৰাজ্য দিৱসৰ পেৰেডত প্ৰধানমন্ত্ৰী মোদী উপস্থিত থাকে আৰু ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে কৰ্তব্য পথত ১০:৩০ বজাত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব। ইয়াৰ লগে লগে গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচীৰো আৰম্ভ হয়। উল্লেখ্য যে এইবাৰৰ গণৰাজ্য দিৱসৰ মুখ্য অতিথি হিচাপে উপস্থিত থাকে ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাত্তাহ এল-চিচি।

গণতন্ত্ৰ দিৱসৰ পেৰেড পুৱা ১০:৩০ বজাত আৰম্ভ হোৱাৰ লগে লগে দেশৰ সামৰিক শক্তিৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্যৰ এক অনন্য মিশ্ৰণ দেখা যায়। এইবাৰ দেশৰ বৰ্ধিত থলুৱা সামৰ্থ্য, মহিলা শক্তি আৰু 'নতুন ভাৰত'ৰ উত্থানৰ ছবি দেখুওৱা হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক পৰিদৰ্শন কৰাৰ লগে লগে অনুষ্ঠান আৰম্ভ হয়। পেৰেডত ভাৰতীয় সেনা, বায়ু সেনা, নৌ সেনা আৰু অৰ্ধসামৰিক বাহিনীৰ লোকসকলে অংশগ্ৰহণ কৰে। ভাৰতীয় বাহিনীৰ উপৰিও, ইজিপ্তৰ সেনাৰ মাৰ্চিং স্কোৱাডকো অন্তৰ্ভুক্ত কৰা হৈছে। ১৭ খন ৰাজ্যৰ ২৩ খন টেবুলোৱেও পেৰেডত অংশগ্ৰহণ কৰে। এই ট্যাবল'বোৰে দেশৰ সমৃদ্ধ সাংস্কৃতিক ঐতিহ্য, অৰ্থনৈতিক আৰু সামাজিক প্ৰগতি আৰু আভ্যন্তৰীণ আৰু বাহ্যিক সুৰক্ষা প্ৰদৰ্শন কৰিব। এইবাৰ কেৱল মেড ইন ইণ্ডিয়া অৰ্থাৎ থলুৱা অস্ত্ৰসমূহ পেৰেডত প্ৰদৰ্শন কৰা হয়। আনকি গোলাবাৰুদো থলুৱা ।

লগতে পঢ়ক- 

বাঁহৰ প্ৰয়োজনীয়তা নাই বুলি ভবাৰ সময়তে বাঁহ খেতিয়ে কঢ়িয়াই আনিছে নতুন সম্ভাৱনা

পেৰেডত কে-৯ বজ্ৰ হাউইটজাৰ, এম বি টি অৰ্জুন, নাগ এণ্টি-টেংক গাইডেড মিছাইল, ব্ৰহ্ম'ছ চুপাৰচনিক ক্ৰুজ মিছাইল, আকাশ এয়াৰ ডিফেন্স মিছাইল আৰু কুইক ৰিএক্সন ফাইটিং ভেহিকেল অন্তৰ্ভুক্ত আছে।উল্লেখ্য যে এইবাৰ প্ৰথমবাৰৰ বাবে গণৰাজ্য দিৱসত ১০৫ এমএম ভাৰতীয় ফিল্ড গানেৰে গান চেলুট দিয়া হয়। ইয়াৰ পিছত, ১০৫ হেলিকপ্টাৰ গোটৰ চাৰিখন এমআই-১৭ ১ভি/ভি৫ হেলিকপ্টাৰে কৰ্তব্যপথত দৰ্শকৰ ওপৰত পুষ্প বৃষ্টি কৰে। ইয়াৰ লগে লগেই ৰাষ্ট্ৰপতিৰ অভিবাদনেৰে পেৰেড আৰম্ভ হ'য়।

ইফালে ৰাজ্যতো কটকটীয়া নিৰাপত্তাৰ মাজেৰে পালন কৰা হৈছে গণতন্ত্ৰ দিৱসৰ কাৰ্যসূচী। অসমত আলফাই গণৰাজ্য দিৱস উদযাপনৰ আহ্বান জনাইছে যদিও ৰাজ্যবাসীৰ মাজত গণৰাজ্য দিৱসৰ উচাহ দেখিবলৈ পোৱা গৈছে। ইফালে প্ৰশাসনে জনসাধাৰণক মুক্তমনে গণৰাজ্য দিৱস উদযাপন কৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক- 

অসমৰ কৃষি বাণিজ্যিকৰণৰ সম্ভাৱনা থকা বিভিন্ন দিশসমূহ

English Summary: Republic Day 2023 : Made in India celebrates its 74th Republic Day

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.