1. News

Republic Day in Tamulpur : গণৰাজ্য দিৱস উপলক্ষ্য তামুলপুৰত কৃষকক সম্বৰ্ধনা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
তামুলপুৰত গণৰাজ্য দিৱসত কৃষকক সম্বৰ্ধনা
তামুলপুৰত গণৰাজ্য দিৱসত কৃষকক সম্বৰ্ধনা

আজি গণৰাজ্য দিৱস। দেশৰ  লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত চৰকাৰী আৰু বেচৰকাৰীভাৱে উদযাপন কৰা দেশৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস। তামুলপুৰত এইবাৰ উলহ-মালহেৰে আয়োজন কৰা হ’ল গণতন্ত্ৰ দিৱস। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত গণতন্ত্ৰ দিৱসত সন্মান জনোৱা হ’ল কেইবাগৰকী কৃষককো।

গণৰাজ্য দিৱসৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে ভাৰপ্ৰাপ্ত মহকুমধিপতি বিদ্যুত বিকাশ ভাগৱতীয়ে। পতাকা উত্তোলন কৰি ভাগৱতীয়ে দেশৰ স্বাধীনতা সংগ্ৰামীসকলক সোৱৰণ কৰে। এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠানটোত তামুলপুৰৰ বিধায়ক, এম চি এল এ, শিক্ষক-ছাত্ৰ-ছাত্ৰীসকলৰ লগতে অঞ্চলটোৰ গণ্য-মান্য ব্যক্তিসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

Ivy Gourd farming : এবাৰ ৰুলে ৫-৬ মাহৰ পাছতে ৫ বছৰলৈ দিব ফল

অনুষ্ঠানতে তামুলপুৰ মহকুমা প্ৰশাসনৰ তৰফৰ পৰা কৃষিক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে কৃষক সম্বৰ্ধনা জনায়। অজিত বৰ্মন ,গোলোক ওৱাৰী ,ৰূপম বড়ো, প্ৰনৱ দাস, বিপিন বড়ো, ভবেন বড়ো আৰু বলেন মণ্ডলক কৃষিক্ষেত্ৰখনক দেখুওৱাৰ পাৰদৰ্শিতাৰ বাবে গামোচা প্ৰমাণ পত্ৰ আৰু উপহাৰৰ টোপোলা প্ৰদান কৰে।

ইপিনে গণৰাজ্য দিৱসৰ সৈতে সংগতি ৰাখি কৃষি, পশুধন, ভূমি সংৰক্ষণ আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগে জনসাধাৰণৰাজত সজাগতা সৃষ্টিৰ বাবে একোখনকৈ প্ৰদৰ্শনীৰ দিহা কৰে ৷

লগতে পঢ়ক- 

Republic Day 2023 : মেড ইন ইণ্ডিয়াৰে এইবাৰ ৭৪ সংখ্যক গণতন্ত্ৰ দিৱস উদযাপন

English Summary: Republic Day celebrations in Tamulpur

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.