-
-
চাংসাৰিত ৬০ বিঘা মাটিত আলু আৰু সৰিয়হ খেতি
চাংসাৰিৰ আঠিয়াবৈত “আকাংক্ষা কৃষি গোট” তথা স্থানীয় ৰাইজে ৰাজ্য চৰকাৰ আৰু বিজেপি কৃষক মৰ্চাৰ সহযোগত বৃহৎ অঞ্চলটোত ৬০ বিঘা মাটিত আৰম্ভ কৰিছে আলু আৰু সৰিয়হ খেতি।
তেওঁলোকে ইতিমধ্যে ৪টাকৈ বিদ্যুতচালিত জলসিঞ্চন আঁচনি পাবলৈ সক্ষম হৈছে। তাৰে আজি ২টা জলসিঞ্চন আঁচনিৰ শুভাৰম্ভ কৰে বিজেপিৰ কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচাৰ্যই।
লগতে পঢ়ক-
এই উপলক্ষে উপস্থিত হৈ কৃষক তথা যুৱ সতীর্থসকলক উৎসাহ যোগোৱাৰ লগতে কৃষি কৰ্মৰ বাবে সকলো ধৰণৰ সহায়ৰ আশ্বাস প্ৰদান কৰে উপ- সভাপতিগৰাকীয়ে। গোটটোৱে কৃষি বিপ্লৱৰ জৰিয়তে অঞ্চলটোৰ যুৱকসকলে নিজে স্বাৱলম্বী হোৱাৰ প্রয়াস এটি উৎকৃষ্ট নিদর্শন দাঙি ধৰিছে।
কৃষি কৰ্মৰ বাবে আগবাঢ়ি আহি এই অঞ্চলসমূহত বৃহৎ কৃষি বিপ্লৱ আৰম্ভ কৰা এই কৃষকসকলক শুভেচ্ছা জনাইছে কিষাণ মৰ্চাৰ উপ-সভাপতি ৰঞ্জিত ভট্টাচার্যই।
লগতে পঢ়ক-
English Summary: Potato and Mustered cultivation in Changsari
Share your comments