1. News

বাৰিষাৰ পূৰ্বে মথাউৰি নিৰ্মাণ কৰিলে ৰাজ্যৰ বানপানী সমস্যা সমাধান নহয়

PANKAJ KHANIKAR
PANKAJ KHANIKAR
HIGH COURT ORDER ON ASSAM FLOOD
HIGH COURT ORDER ON ASSAM FLOOD

বান আৰু খহনীয়াই প্ৰতিবছৰে ৰাজ্যখনক জুৰুলা কৰি আহিছে। ইয়াৰ মূলতে ওচৰ-চুবুৰীয়া ৰাজ্যসমূহৰ পৰা বৈ অহা খৰস্ৰোতা নদীসমূহ আৰু ৰাজ্য চৰকাৰখনে সময়মতে মথাউৰি নিৰ্মাণ নকৰাটো। বাৰিষাৰ অসমত মথাউৰি বন্ধাক লৈ ৰজা ঘৰে, প্ৰজা ঘৰে হোৱা-দোৱা লাগে। মন্ত্ৰী-বিধায়কসকলে এইখিনি সময়তে ঠিকাদাৰৰক ধমক দিয়ে, ছাত্ৰ-সংগঠন, বিৰোধীয়ে আন্দোলন কৰে।

বাকী সময়খিনিত বিভাগীয় মন্ত্ৰী, ৰাজ্যৰ জাতীয় দল-সংগঠনৰ লগতে বিৰোধীৰ মনলৈ নাহে অসমৰ জলন্ত সমস্যাস্বৰূপ বানপানীৰ কথা। বাৰিষাৰ পূৰ্বে বালিৰে মাটিৰে বন্ধা মথাউৰিয়ে নদীৰ সোঁতক বাধা দিব নোৱাৰে ফলত বাৰিষাৰ প্ৰথমজাক বৰষুণতেই মথাউৰিসমূহ ধূলিসাত হয়। আৰু  দুৰ্ভোগ ভুগিব  লগা হয় সাধাৰণ জনতাই, বিশেষকৈ কৃষিকৰ্মৰ লগত জড়িত লোকসকলে।

ৰাজ্যৰ জলসম্পদ বিভাগটোৰ এনে কাৰ্যকলাপৰ প্ৰতি লক্ষ্য ৰাখি শেহতীয়াকৈ ৰাজ্যৰ বান আৰু খহনীয়া ৰোধৰ বাবে উচ্চ ন্যায়ালয়ে এক নিৰ্দেশনা জাৰি কৰিছে। ৰাজ্যৰ বান পৰিস্থিতি নিৰাময়ৰ বাবে আগতীয়াকৈ বিজ্ঞানসন্মত ব্যৱস্থা গ্ৰহণ কৰিবলৈ সকীয়াই দিছে ৰাজ্য চৰকাৰখনক। বৃহস্পতিবাৰে এই সম্পৰ্কে নিৰ্দেশনা জাৰি কৰিছে গুৱাহাটী উচ্চ ন্যায়ালয়ে।

কিন্তু ৰাজ্য চৰকাৰ তথা ৰাজ্যৰ জলপম্পদ বিভাগটোৱে গুৱাহাটী উচ্চ ন্যায়লয়ৰ এই নিৰ্দেশনাক কেনেদৰে গ্ৰহণ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰিব ৰাজ্যৰ পৰৱৰ্তী বাৰিষাৰ বানপানী। যদি পৰৱৰ্তী বছৰসমূহৰ দৰে এইবাৰো বাৰিষাৰ আগে আগে মঠাউৰি নিৰ্মাণ কৰিবলৈ  চৰকাৰ ৰৈ থাকে তেনেহলে পৰৱৰ্তী বাৰিষাত বানপানীৰ ৰাইজে জোলোকা জোলোকে পানী যে খাব লাগিব সেয়া খাটাং। 

লগতে পঢ়ক- পাঞ্জাৱত আজিৰে পৰা কিষাণ মেলা

English Summary: HIGH COURT ORDER ON ASSAM FLOOD

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.