1. News

নতুন বছৰত ২৫ টকা বাঢ়িল বাণিজ্যিক চিলিণ্ডাৰৰ দাম

KJ Staff
KJ Staff
LPG
LPG

নতুন বছৰৰ আৰম্ভণিৰ লগে লগে মুদ্ৰাস্ফীতিৰ আন এক কুঠাৰাঘাত সহিবলৈ সাজু হওক সাধাৰণ ৰাইজ। কিয়নো, চৰকাৰী তেল কোম্পানীসমূহে ১ জানুৱাৰীৰ দিনাই গেছ চিলিণ্ডাৰৰ নতুন মূল্য মুকলি কৰিছে। উদ্বেগজনক কথাটো হ’ল, গেছ চিলিণ্ডাৰৰ মূল্য ২৫ টকা পৰ্যন্ত বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হৈছে। মন কৰিবলগীয়া যে, এই বৃদ্ধি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ দামত কৰা হৈছে আৰু ঘৰুৱা গেছ চিলিণ্ডাৰ পুৰণি হাৰতে উপলব্ধ হ’ব। দেওবাৰে ৰাজধানী দিল্লীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। বিভিন্ন চহৰত কিমান গেছ চিলিণ্ডাৰ পোৱা যাব জানো আহক-

বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি-

নতুন বছৰ আৰম্ভ হোৱাৰ লগে লগে, অৰ্থাৎ ২০২৩ চনৰ ১ জানুৱাৰীত বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি পাইছে। একে সময়তে ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। এনে পৰিস্থিতিত ঘৰুৱা বাজেটত ইয়াৰ বিশেষ প্ৰভাৱ নপৰিব। কিন্তু ৰেষ্টুৰেণ্ট, হোটেল আদিৰ খাদ্য ব্যয়বহুল হ’ব পাৰে। কাৰণ বাণিজ্যিক গেছ চিলিণ্ডাৰ এতিয়া যথেষ্ট ব্যয়বহুল হৈ পৰিছে। কালিৰেপৰা কাৰ্যকৰী হৈছে বাণিজ্যিক চিলিণ্ডাৰৰ নতুন হাৰ।

চাৰিওখন মেট্ৰ’ চহৰত কিমান দামত বাণিজ্যিক গেছ চিলিণ্ডাৰ উপলব্ধ হ’ব জানি লওক-

  • দিল্লী- প্ৰতি চিলিণ্ডাৰত ১,৭৬৯ টকা
  • মুম্বাই- প্ৰতি চিলিণ্ডাৰত ১,৭২১ টকা
  • কলকাতা- প্ৰতি চিলিণ্ডাৰত ১,৮৭০ টকা
  • চেন্নাই- প্ৰতি চিলিণ্ডাৰত ১,৯১৭ টকা

চাৰিওখন মেট্ৰ’তে ঘৰুৱা গেছ চিলিণ্ডাৰ কিমান দামত পোৱা যায় জানি লওক-

  • দিল্লী- প্ৰতি চিলিণ্ডাৰত ১০৫৩ টকা
  • মুম্বাই- প্ৰতি চিলিণ্ডাৰত ১০৫২.৫ টকা
  • কলকাতা- প্ৰতি চিলিণ্ডাৰত ১০৭৯ টকা
  • চেন্নাই- প্ৰতি চিলিণ্ডাৰত ১০৬৮.৫ টকা

যোৱা বছৰ গেছ চিলিণ্ডাৰ ১৫৩.৫ টকা দামৰ হৈছিলগৈ। উল্লেখ্য যে, দীৰ্ঘদিন ধৰি দেশত ঘৰুৱা গেছ চিলিণ্ডাৰৰ মূল্যৰ কোনো পৰিৱৰ্তন হোৱা নাই। শেষৰটো পৰিৱৰ্তন হৈছিল ২০২২ চনৰ ৬ জুলাইত। তেল কোম্পানীসমূহে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য ৫০ টকা পৰ্যন্ত বৃদ্ধি কৰিছিল। আনহাতে যোৱা এবছৰৰ কথা ক’লে ঘৰুৱা চিলিণ্ডাৰৰ মূল্য মুঠ ১৫৩.৫ টকা বৃদ্ধি পোৱা দেখা গৈছে৷ একে সময়তে ২০২২ চনত ঘৰুৱা এল পি জিৰ মূল্য চাৰিগুণ বৃদ্ধি হৈছে।

লগতে পঢ়কঃ আৰম্ভ হ’ল YIM ২০২৩, ভাৰতক মিলেটৰ গ্ল'বেল হাব কৰাৰ প্ৰস্তাৱ প্ৰধানমন্ত্ৰী মোদীৰ

English Summary: LPG price hike

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.