1. News

ভাৰত-ভূটান সীমান্তক সেউজীয়া কৰাৰ লক্ষ্য স্থানীয় ৰাইজৰ লগতে বনকৰ্মীৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Indo-Bhutan border
Indo-Bhutan border

অহা ৫ জুন বিশ্ব পৰিৱেশ দিৱসৰ পূৰ্বেই ভাৰত-ভূটান সীমান্তত সীমান্তত ৫ হেক্টৰ ভূমিত গছপুলি ৰোপন কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ। মানাহ ৰাষ্ট্ৰীয় অভয়াৰণ্য তথা মানস ব্যাঘ্ৰ প্ৰকল্পৰ পূৱ প্ৰান্তৰ বাকসা জিলা বন প্ৰাধিকৰনৰ অন্তৰ্গত আৰু কুমাৰীকাটা আঞ্চলিক বন বিষয়া কাৰ্য্যালয়ৰ এলেকাধীন ১ নং ডোঙাৰগাঁওত বৃহস্পতিবাৰে বাকসা জিলা বন সংমণ্ডল প্ৰাধিকাৰী বিষয়া পি কে ব্ৰহ্মই উপস্থিতিত ৰোপন কৰা হয় গছৰ পুলি৷

স্থানীয় ৰাইজ, মানস চৌচি খংগুৰ ইকো ট্যুৰিজিয়াম ছচাইটিৰ বিষয় ববীয়া, গয়বাৰী ছয়পত্ৰী ফাউণ্ডেচন, ২৪ বাহিনী এছ এছ বি ৰ দল আৰু বগৰিখুঁটি বন শিবিৰৰ বনকৰ্মী সকলৰ সৈতে গছপুলি ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰে। গাঁওখনত বন বিভাগৰ দলটো উপস্থিত হোৱাৰ লগে লগে স্থানীয় কৃষ্টি দলে পৰম্পৰাগত ভাৱে আদৰণি জনোৱা পৰিলক্ষিত হয়।

সীমান্তৰ শেষৰখন গাঁওত প্ৰায় ৫ হেক্টৰ ভূমিত ৰোপন কৰা গছপুলি সমূহৰ প্ৰতি স্থানীয় লোকে যত্ন ল’বলৈ আহ্বান বাকসা জিলা বন সংমণ্ডল বিষয়াৰ। কুমাৰীকাটা আঞ্চলিক বন বিষয়া বীৰেন্দ্ৰ কুমাৰ বড়ো, স্থানীয় VCDCৰ অধ্যক্ষ নিতাই ভৌমিক, ২ নং পূব কুমাৰিকাটা VCDC ৰ অধ্যক্ষ শংকৰ দাস সহ স্থানীয় গাঁওবাসীৰ উপস্থিতিত বৃহস্পতিবাৰে দিনজোৰা গছপুলি ৰোপন কাৰ্যসূচীৰ পূৰ্বে এক সজাগতা সভা অনুষ্ঠিত কৰে বন বিভাগৰ লোক সকলে।

বন বভাগৰ আহ্বাহনৰ প্ৰতি সঁহাৰি জনাই গছপুলি ৰোপনৰ বাবে ওলাই আহিছে গাঁওখনৰ ৫ শতাধিকৰো অধিক পুৰুষ-মহিলাই। লগতে অনাগত দিনত গছপুলি সমূহৰ যত্ন লোৱাৰ কথাও স্বীকাৰ কৰিছে অঞ্চলবাসীয়ে। উল্লেখ্য যে সীমান্তৰ সেউজ পৰিৱেশ পুনৰ উদ্ধাৰৰ লক্ষ্যৰে আৰু গোলকীয় উষ্ণতা বৃদ্ধ ৰোধ কৰা আৰু পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যৰে সীমান্তৰ গাঁওবাসীক লৈ এই বিশেষ পদক্ষেপ বন বিভাগৰ ৷

লগতে পঢ়ক- 

মাকৈৰ উৎপাদন দুগুণ কৰিবলৈ ব্যৱহাৰ কৰক Power Weeder আৰু পানী পাম্প

English Summary: Planting on 5 hectares of land on the Indo-Bhutan border

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.