Prawn Farming : ব্যৱসায়িক ভিত্তিত মিছামাছ পালন আৰু ইয়াৰ লাভালাভ বহনক্ষম কৃষি পদ্ধতি! ই কেনেকৈ আমাৰ পৰৱৰ্তী প্ৰজন্মক সুৰক্ষিত কৰিব! Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক
Updated on: 28 December, 2022 4:31 PM IST

মঙলবাৰে বিশ্বনাথৰ পিছপৰা অঞ্চল কৈলাজুলীত গাহৰি পালকৰ মাজত গাহৰি পালনৰ লগত জড়িত আৱশ্যকীয় সামগ্ৰী যেনে- দানা, বুটজোতা, ছাতি, পানী উঠোৱা পাম্প, খনিজ পদাৰ্থ মিশ্রন বিতৰণ।

বিশ্বনাথ জিলাৰ পশুপালন ও পশু চিকিৎসা বিভাগ আৰু বিশ্বনাথ উপায়ুক্ত কাৰ্যালয়ৰ পৃষ্ঠপোষকতাত তথা গুৱাহাটীৰ ৰাণীস্হিত ৰাষ্ট্ৰীয় গাহৰি গৱেষণা কেন্দ্ৰৰ সক্রিয় সহযোগিতাত বিতৰণ কৰা হয় এই সামগ্ৰীসমূহ। পিছপৰা জনগোষ্ঠীয় উন্নয়ন পুজিৰ অধীনত ৯০ গৰাকী ক্ষুদ্ৰ গাহৰি পালকৰ মাজত বিতৰণ কৰা হয় এই সম্পদসমূহ।

লগতে পঢ়ক- 

Ash gourd farming : এবিঘা মাটিত কোমোৰাৰ খেতি কৰক

এই সামগ্ৰী প্ৰদান অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে বিশ্বনাথ জিলাৰ উপায়ুক্ত  মনীন্দ্ৰ নাথ নাকটে। উপস্থিত থাকে বিশিষ্ট বিজ্ঞানী ড০ কে বৰ্মন, ড০ প্রণৱ জ্যোতি দাস, বিশ্বনাথ মহকুমা পশুচিকিৎসা বিষয়া ডাঃ দিগন্ত শৰ্মা, পশুচিকিৎসা বিষয়া ডাঃ কংকণ বৰুৱা আৰু আঞ্চলিক কৃত্ৰিম গো-প্ৰজনন কেন্দ্ৰৰ পশুচিকিৎসা বিষয়া ডাঃ পাৰ্থ প্ৰতিম বৰা।

লগতে উপস্থিত থাকে লগতে স্বেচ্চাসেৱী সংগঠন CADAT ৰ বিষয়ববীয়া ক্রমে ধীৰেন ডেকা আৰু মনোৰঞ্জন হাজৰীকা। অনুষ্ঠানতে পেলনীয়া শাক-পাচলিৰ পৰা  পৰা 'ছাইলেজ' বনোৱাৰ ওপৰত বিজ্ঞানীসকলৰ দ্বাৰা কাৰিকৰী শিক্ষা প্ৰদান কৰা হয়।

লগতে পঢ়ক- 

গুৱাহাটীত অনুষ্ঠিত হ’ব দেশৰ জৈৱিক সামগ্ৰীৰ সৰ্ববৃহৎ বাণিজ্য মেলা

English Summary: Pig farmers get boots, umbrellas and water pumps in Bisawanath
Published on: 28 December 2022, 04:23 IST