1. News

কৃষি বিজ্ঞান কেন্দ্ৰৰ সহযোগত নাজিৰাত আচাৰ বনোৱা প্ৰশিক্ষণ

RAHUL ALI
RAHUL ALI
Pickle Making Training at Nazira
Pickle Making Training at Nazira

শিৱসাগৰ জিলাৰ নাজিৰাৰ নাৰী উন্নতি নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানৰ উদ্যোগত আৰু কৃষি বিজ্ঞান কেন্দ্ৰ শিৱসাগৰৰ সহযোগত নাজিৰাৰ বালিঘাট তিনিআলিত আজিৰে পৰা আচাৰ বনোৱা দুদিনীয়া এক প্ৰশিক্ষণ  অনুষ্ঠিত হৈছে। নাজিৰা বালিঘাটত তিনিআলিত অৱস্থিত লিনা প্ৰডাক্টত অনুষ্ঠিত এই প্ৰশিক্ষণ শিবিৰ আজি ONGC মহিলা সমিতিৰ উপদেষ্টা দ্বীপা শৰ্মাই আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে।এই দুদিনীয়া প্ৰশিক্ষণ কালত মহিলা উদ্যোগী সুভানা হাজৰিকাই প্ৰশিক্ষাৰ্থী সকলক কি দৰে থলুৱা ফল মূলৰ পৰা আচাৰ আৰু অন্যান্য সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰি সেই প্ৰশিক্ষণ প্ৰদান কৰে।

প্ৰশিক্ষণ কালত প্ৰশিক্ষাৰ্থী সকলক কেচা জলকীয়াৰ আচাৰ, নেমুটেঙাৰ আচাৰ, বেঙেনাৰ আচাৰ, ঔ টেঙাৰ আচাৰ আদিকে ধৰি একাধিক আচাৰ কি দৰে সহজে ঘৰতে বিশেষ মূলধন নোহোৱাকৈ তৈয়াৰ কৰিব পাৰে সেই দিশত প্ৰশিক্ষণ প্ৰদান কৰিছে। এই প্ৰশিক্ষণ কাৰ্যসূচীত জিলা খনৰ ভিন্ন প্ৰান্তৰ পৰা অহা ১৫ গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। প্ৰশিক্ষণ কাৰ্যসূচীৰ শুভাৰম্ভ অনুষ্ঠানত  অ'এনজিচিৰ অৰ্ফিচাচ মহিলা সমিতিৰ সভাপতি উপমা দাস আৰু উপ সভাপতি ময়ূৰাক্ষী মহন্ত, নাৰী উন্নতি নাজিৰাৰ  সভানেত্ৰী আমিনা বেগম, কৃষি বিজ্ঞান কেন্দ্ৰৰ বিজ্ঞানী ডঃ অৰুন্ধতী বৰদলৈ আদিৰ লগতে ভালেমান গণ্য মান্য ব্যক্তি উপস্থিত থাকে।

উল্লেখযোগ্য যে প্ৰশিক্ষণ প্ৰদান কৰা সুভানা হাজৰিকাই বিগত তিনি বছৰ ধৰি নিজৰ ঘৰতে প্ৰতিষ্ঠা কৰা লিনা প্ৰডাক্ট নামৰ আচাৰ উদ্যোগৰ পৰা নিজকে আত্মনিৰ্ভৰশীল কৰি তুলিছে। হাজৰিকাই চলিত বছৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ পৰা প্ৰগতিশীল মহিলা উদ্যোগীৰ বঁটা লাভ কৰিছিল। কৃষি জাগৰণৰ প্ৰতিনিধিৰ সৈতে হোৱা কথা বতৰা সুভানা হাজৰিকাই গাঁওৰ দৰিদ্ৰ মহিলাৰ সৱলীকৰণৰ ক্ষেত্ৰত আচাৰৰ ব্যৱসায়ে এক ডাঙৰ ভূমিকা লব পাৰে বুলি কয়। সামান্য কেইটামান টকাৰ সহায়তে এই ব্যৱসায় আৰম্ভ কৰিব পাৰে। আনহাতে আচাৰ প্ৰস্তুত কৰাৰ বাবে প্ৰয়োজনীয় কেঁচামাল কম মূল্য আৰু কম আয়সতে আহৰণ কৰিব পাৰি বাবে আমাৰ ৰাজ্যত এই ব্যৱসায় কৰাৰ ক্ষেত্ৰত অগ্ৰাধিকাৰ লাভ কৰে বুলি তেওঁ প্ৰকাশ কৰে।

কৃষি বিকাশ কেন্দ্ৰত মাত্ৰ তিনিটা দিনৰ প্ৰশিক্ষণ গ্ৰহণ কৰি হাজৰিকাই ২০১৯ চনৰ পৰা সফলতাৰে এই ব্যৱসায় কৰি আহিছে।এই ব্যৱসায়ৰ জৰিয়তে তেওঁ নিজৰ আৰ্থিক অৱস্থাৰ সলনি কৰিবলৈ সক্ষম হৈছে।তেওঁ বৰ্তমান বছৰি আচাৰ বিক্ৰী কৰিয়েই ৩ লাখৰো অধিক পৰিমাণৰ ধন উপাৰ্জন কৰে।হাজৰিকাই তেওঁৰ দৰেই মহিলা সকল আগুৱাই আহি হাতৰ কাষতে পোৱা ফলমূল,শাক পাচলিৰ পৰা আচাৰ তৈয়াৰ কৰা ব্যৱসায়ত মনোনিবেশ কৰাটো বিচাৰে।এনে কৰিলে অসমৰ বজাৰ দখল কৰি থকা বৃহৎ পুঁজিপতি গোষ্ঠীৰ আচাৰ কোম্পানীক স্থানীয় মহিলা উদ্যোগীয়ে প্ৰত্যাহ্বান জনাই বজাৰ দখল কৰিবলৈ সক্ষম হব পাৰিব বুলি প্ৰকাশ কৰে।

উল্লেখযোগ্য যে স্থানীয় ভাবে উৎপাদিত আচাৰ আৰু অন্যান্য সামগ্ৰী সমূহে সঠিক বিপননৰ অভাৱত বজাৰ দখল কৰাত প্ৰায়ে ব্যৰ্থ হয়।মহিলা উদ্যোগী হাজৰিকাই এই দিশত সঠিক প্ৰশিক্ষণৰ জৰিয়তে বজাৰৰ সৈতে সংযোগ স্থাপন কৰাটো এক গুৰুত্বপূৰ্ণ দিশ বুলি আঙুলিয়াই দিয়ে।

লগতে পঢ়ক-দেশৰ বিভিন্ন অঞ্চলত পাচলি আৰু অত্যাৱশ্যকীয় খাদ্য সামগ্ৰীৰ শেহতীয়া মূল্য

মুজাহিদ আলী, শিৱসাগৰ

ফোনঃ ৭০০২০৫৫২৫২

English Summary: Pickle Making Training at Nazira

Like this article?

Hey! I am RAHUL ALI. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.