1. News

কেৱল জয়মালাই নহয় ৩৩টাতকৈ অধিক হাতী বিক্ৰী ছিণ্ডিকেট চক্ৰৰ, প্ৰতিটো হাতী বিক্ৰী হয় ২৫ লাখ টকাত

Pranita Chutia
Pranita Chutia
Jayamala update:
Jayamala update:

সংবাদ শিৰোণামত এতিয়া কেৱল জয়মালা। জয়ামালাক মুকলি কৰিবলৈ অনুৰোধ সকলোৰে। ৰাজ্য চৰকাৰেও প্ৰচেষ্টা চলাইছে জয়ামালাক ঘূৰাই আনিবলৈ। কিন্তু প্ৰশ্ন হয় কেনেকৈ আৰু কিমান টকাত বিক্ৰী কৰা হৈছিল জয়মালাক? কাৰণ জয়মালা (Jaymala)ৰ ঘটনাই পোহৰলৈ আনিছে ৰাজ্যত চলি থকা হাতী ছিণ্ডিকেট (Elephant Syndicatee)ৰ ভয়ংকৰ তথ্য। কেৱল জয়মালাই নহয় এই পৰ্যন্ত তিনিচুকীয়া (Tinsukia)ৰ পৰাই ছিণ্ডিকেট চক্ৰই বিক্ৰী কৰিলে ৩৩টাতকৈ অধিক হাতী । জানিব পৰা মতে প্ৰতিটো হাতী বিক্ৰী হয় ২৫ লাখ টকাত।

জয়মালাক কেনেকৈ বিক্ৰী হৈছিল বহিঃৰাজ্যলৈ?
১৯৯৫ চনত সমগ্ৰ দেশতে গছ কটা নিষিদ্ধ কৰাৰ পাছত  অসমৰ বন বিভাগে অসমৰ বনাঞ্চলসমূহত ঘৰচীয়া হাতী মেলাত নিষেধাজ্ঞা জাৰি কৰাত হাতীৰ গৰাকীসকল বিমোৰত পৰিছিল। তেনে এক সন্ধিক্ষণতে অসম চৰকাৰৰ বন বিভাগৰ ছত্ৰছায়াত বহিঃৰাজ্যলৈ অসমৰ ঘৰচীয়া হাতী সমূহ প্ৰেৰণ কৰাৰ এক বৃহৎ প্ৰক্ৰিয়া আৰম্ভ হ'ল। তেনে এক পাকচক্ৰৰ বশৱৰ্তী হৈ ডুমডুমা বনাঞ্চলিক কাৰ্যালয়ৰ অধীনত ১৬টা ঘৰচীয়া হাতীৰ গৰাকীসকলে তামিলনাডুলৈ প্ৰেৰণ কৰিছিল। এই ১৬টা হাতীৰ ভিতৰত বৰ্তমান তামিলনাডু (Tamil Nadu)ত মাউতৰ পাশবিক অত্যাচাৰৰ বলি হৈ চিতকাৰ কৰি থকাৰ অৱস্থাত ভিডিও ভাইৰেল হোৱাৰ হাতীজনী কাকপথাৰ গীৰিণ মৰাণৰ ' জয়মালা'।

জয়মালাৰ দৰে বিক্ৰী কৰিছিল জানমনি, বনিত, বাবুল নামৰ আন তিনিটা হাতী। অভিযোগ মতে এটা ছিণ্ডিকেট চক্ৰই বিক্ৰী কৰিছে তিনিচুকীয়াৰ ৩৩টাতকৈ অধিক হাতী। বিভিন্ন দল-সংগঠনৰ অভিযোগ মতে এটা হাতী বিক্ৰী কৰে প্ৰায় ২৫ লাখ টকাত। জানিব পৰা মতে বৰ্তমানেও সক্ৰিয় হৈ আছে হাতী সৰবৰাহ কৰা ছিণ্ডিকেট চক্ৰ। গোপন সূত্ৰ মতে অসম- অৰুণাচলৰ সীমান্তপৰা ২০ টা হাতী সৰবৰাহ কৰিবৰ বাবে সাজু হৈছে ছিণ্ডিকেট চক্ৰটো।

বহিঃৰাজ্যলৈ সৰবৰাহ কৰা হাতীসমূহ পুনৰ অসমলৈ ঘুৰাই আনিবলৈ দাবী জনাইছে সদৌ মৰাণ ছাত্ৰ সন্থাই। অন্যহাতে তিনিচুকীয়াত হাতীৰ সৰবৰাহৰ এক বৃহৎ ছিণ্ডিকেট চক্ৰ সক্ৰিয় হৈ থকা বুলি বিস্ফোৰক অভিযোগ কৰিছে মৰাণ ছাত্ৰ সন্থাৰ সভাপতি নৱ মৰাণে।এনে পৰিস্থিতিত অসম চৰকাৰৰ বন বিভাগে হাতী সৰবৰাহকাৰী চক্ৰৰ বিৰুদ্ধে কি পদক্ষেপ গ্ৰহণ কৰে সেয়া লক্ষ্যণীয় হ'ব।

লগতে পঢ়কঃ অসমৰ উদঙীয়া গৰুৰ সমস্যা কৃষকৰ বাবে বানপানী, খৰাঙতকৈ কম নহয়

English Summary: JAYMALA UPDATE

Like this article?

Hey! I am Pranita Chutia. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.