1. News

চৰহা পোকৰ পৰা ৰক্ষা কৰক আপোনাৰ ধাননী পথাৰখন

KJ Staff
KJ Staff

সম্প্ৰতি ঘটি থকা ঘটনা-পৰিঘটনাসমূহৰ পৰা এটা কথা স্পষ্ট হৈছে যে প্ৰকৃতিয়ে কৃষকসকলক অপকাৰ কৰিবলৈ কোনোপ্ৰকাৰে চেষ্টা এৰি দিয়া নাই। যদি কেতিয়াবা বানে কৃষকৰ ধাননী পথাৰখন বালিয়ে পুতি পেলাইছে আন কেতিয়াবা কেতিয়াবা খৰাঙ বতৰে কৃষকে মূৰৰ ঘাম মাটিত পেলাই কৰা সেউজীয়া পথাৰখন হালধীয়া কৰি পেলাইছে। অসমৰ খেতিয়কসকলৰ ওপৰে এই দুই পৰ্বৰ খৰাং পৰ্বটো বৰ্তমানেও কোনো অব্যাহত আছে, কোনো ঠাইত চলি আছে। ইয়াৰ মাজতে আকৌ এইবাৰ ভুতৰ ওপৰত দানহ পৰা দি কৃষকৰ ধাননী পথাৰখনত দেখা গৈছে চৰহা পোক। চৰহা পোকৰ কবলত এতিয়া ৰাজ্যৰ শ শ বিঘা কৃষিভূমি।

কৃষকসলে ব্যক্তিগতভাৱে আৰু কৃষিবিভাগৰ তৰফৰ পৰা অঞ্চলবিশেষ চৰহা পোকসমূহ মৰাৰ ব্যৱস্থা কৰা হৈছে যদিও ঠাই বিশেষে এই পোকসমূহৰ আক্ৰমণ বৰ্তমানেও অব্যাহত আছে। আজিৰ এই আলোচনাত কৃষিবিশেষজ্ঞসকলে  চৰহা পোকসমূহৰ পৰা ৰক্ষা পাবলৈ আগবঢ়োৱা কেইটামান নিয়ন্ত্ৰণ পদ্ধতিৰ বিষয়ে আলোচনা কৰা হ’ল।

       পথাৰত প্ৰতিজোপা ধান গছত এটাতকৈ অধিক চৰহা পোকৰ পলু বা পূৰ্ণাঙ্গ গুবৰুৱা দেখাৰ লগে লগে তলত উল্লেখ কৰা নিৰিখত কীটনাশক ঔষধ ব্যৱহাৰ কৰিব লাগে৷

চৰহা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰয়োগ কৰিবলগীয়া কীচনাশকৰ সবিশেষ
চৰহা পোকৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ প্ৰয়োগ কৰিবলগীয়া কীচনাশকৰ সবিশেষ

চৰহা পোকৰ পৰা ৰক্ষা পাবলৈ প্ৰথমৰ পৰা মন কৰিবলগীয়া কেইটামান কথা :

  • ধান চপোৱাৰ পাছত পথাৰত গজা গহৰা ধানপুলিবোৰ আৰু মুঢ়াৰ পৰা গজা পুলিবোৰ নষ্ট কৰিবৰ বাবে বহাগ বিহুৰ পাচৰ পৰাই মাটি দ’কৈ চহাব লাগে৷ ইয়াৰ ফলত চৰহা পোকৰ খাদ্যৰ অভাবহৈ বংশ বৃদ্ধিত বাধাগ্ৰস্ত হয় ৷
  • চৰহা পোক বিলাকে বছৰত ধান নথকা সময়ছোৱাত দলনি আৰু পিতনিত থকা দল, উৰিদল, বাহঁপতীয়া আদি ঘাঁহবিলাকত মাঘ মাহৰ পৰা বহাগ এই সময়ছোৱাত বংশ বৃদ্ধি কৰে ৷ এনে ধৰণৰ ঘাঁহবিলাক ৰ্মাচ মাহৰ ভিতৰত নষ্ট কৰিব লাগে৷
  • কঠীয়া তোলাৰ ৫-৭ দিনমান আগতে কাৰ্বফুৰন ৩-জি কঠীয়া তলীৰ প্ৰতি বৰ্গ মিটাৰত ৩ গ্ৰামকৈ ছতিয়াব লাগে ৷ ইয়াৰ লগতে তলী ডৰা জীপাই ৰখাৰ ব্যৱস্হা লব লাগে ৷ এনে ব্যৱস্থা গ্ৰহণ কৰিলে ধানৰ কঠীয়া বিলাক ২০-২৫ দিন পৰ্য্যন্ত প্ৰাৰম্ভিক কীট-পতঙ্গৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিব ৷
  • পৰাপক্ষত ব্যাপক অঞ্চলত চৰহা প্ৰতিৰোধী ধানৰ জাত ব্যৱহাৰ কৰিব লাগে ৷ মনোহৰ শালি, গুবিন্দ, বৰো-১, গেৰেম শালি আদি জাতৰ কিছু পৰিমাণে চৰহাৰ আক্ৰমণ প্ৰতিৰোধ কৰাৰ ক্ষমতা আছে ৷
  • ৰোৱাৰ আগতে কঠীয়া বিলাকৰ আগ কাটিব লাগে আৰু এই বিলাক ততালিকে গৰু-মহক খাবলৈ দি বা অন্য উপায়েৰে নষ্ট কৰিব লাগে ৷ কিয়নো চৰহা পোক আৰু অন্যান্য প্ৰায়বিলাক ধানৰ অনিষ্টকাৰী কীট পতঙ্গই পাতৰ আগ অংশত কণী পাৰে ৷
  • মাৰাত্মকভাবে চৰহা পোকে আক্ৰমণ কৰা ৰোৱাবিলাকৰ আগ অংশ কাটি নষ্ট কৰিব লাগে ৷ এনেদৰে কটা অংশ পথাৰত কেতিয়াও পেলাব নালাগে ৷ এনে কৰিলে পাতৰ পৰা পলুবোৰ ওলাই গৈ পুনৰ ধান গছত আক্ৰমণ কৰিব পাৰে৷
  • পথৰুৱা আলিত আৰু পথাৰৰ ওচৰে-পাজৰে ও মাজত থকা ঘাঁহজাতীয় সকলোবোৰ বন-বাত আঁতৰাই পৰিষ্কাৰ কৰি ৰাখিব লাগে৷ কাৰণ এনেধৰণৰ সকলোবোৰ বন-বাতেই চৰহা পোকৰ বিকল্প খাদ্য আৰু বংশ বৃদ্ধিৰ স্থল ৷
  • কেতবোৰ চৰাই, মকৰা, পতঙ্গভোজী কীট আদিয়ে চৰহা পোক ভক্ষণ কৰি প্ৰাকৃতিক ভাবে চৰহাৰ বংশ নিয়ন্ত্ৰণ কৰি ৰাখে ৷ গতিকে এনে ধৰণৰ পতঙ্গভোজী জীৱ বোৰক উৎসাহিত কৰিব পৰা ব্যৱস্থা কৰিব লাগে ৷
  • ঘৰৰ কাষৰ পথাৰবিলাক চৰহা পোকৰ আক্ৰমণ আৰম্ভ হলে লগে লগে হাঁহ চৰিবলৈ দিব লাগে ৷ হাঁহে এই পোক বিলাক খোৱাৰ উপৰিও অন্যান্য অনিষ্টকাৰী কীট-পতঙ্গও ভক্ষণ কৰে৷
  • জৈৱিক নিয়ন্ত্ৰণ উপায় হিচাবে বিউভেৰীয়া বেচিয়ানা নামৰ ভেঁকুৰবিধ চৰহা পোক নিয়ন্ত্ৰণৰ বাবে কামত লগোৱা হৈছে ৷ ইয়াক এক বিশেষ মধ্যমত বংশ বৃদ্ধি কৰা হয় ৷ প্ৰতি ৪০০-৭০০ লিটাৰ পানীত তিনি কিলোগ্ৰাম উক্ত ভেঁকুৰ বাহক মাধ্যমটি মিহলি কৰি প্ৰতি হেক্টৰ মাটিত ছতিয়াব লাগে৷

লগতে পঢ়ক- GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

English Summary: Paddy insect

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.