Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 14 December, 2022 1:56 PM IST

শিৱসাগৰ জিলা কৃষি বিভাগৰ 'অসম কৃষি বাণিজ্য আৰু ৰূপান্তকৰণ প্ৰকল্প  আঁচনিৰ অধীনত  আধুনিক যন্ত্ৰৰদ্বাৰা শালিধান চপোৱা উৎসৱ উদযাপন ।  ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিহিংপৰীয়া সৰিয়হ উৎপাদক কোম্পানীৰ সহযোগত ১৩ ডিচেম্বৰত অনুষ্ঠিত হয় এই ধানকটা উৎসৱ।

অনুষ্ঠানতে ধান চপোৱা আধুনিক যন্ত্ৰটোৰে ধানকটাৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। ধানকটা মেচিনটোৰ শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে কয়-  কৃষি আধুনিকিকৰণৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন- কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যত উপনীত হ’ব পৰা যাব।

লগতে পঢ়ক- 

GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

জিলাখনৰ কৃষকক কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত  শিৱসাগৰ জিলা কৃষি বিষয়া বলীন্দ্ৰ নাথ চেতিয়া, কৃষি তথ্য বিষয়া আচিফ বৰা,  উদ্যান শস্যৰ মহকুমা কৃষি বিষয়া তথা এপাৰ্টৰ জিলা নডেল বিষয়া অমৃত শইকীয়া,  আন্ত:ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ সৌৰভ জ্যোতি, শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ ড০ শোভাশ্ৰী দিহিঙ্গীয়া আদি উপস্থিত থাকে।

কৃষি বিভাগৰ মেডিয়া বিশেষজ্ঞ দেৱাশ্ৰী দীক্ষা শাণ্ডিল্যয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে নিতাইপুখুৰী, ডিমৌ, খেলুৱা, কোঁৱৰপুৰ, বৰপাত্ৰ, গৌৰীসাগৰৰ কৃষি উন্নয়ন বিষয়া সকল আৰু এপাৰ্টৰ আৰু আত্মাৰ কৰ্মচাৰীসকল৷

লগতে পঢ়ক- 

অৱশেষত অসমৰ গামোচাই লাভ কৰিলে জি আই টেগৰ স্বীকতি

English Summary: PADDY HERVESTING MECHINE OPENING IN SIVSAGAR
Published on: 14 December 2022, 01:54 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now