
শিৱসাগৰ জিলা কৃষি বিভাগৰ 'অসম কৃষি বাণিজ্য আৰু ৰূপান্তকৰণ প্ৰকল্প আঁচনিৰ অধীনত আধুনিক যন্ত্ৰৰদ্বাৰা শালিধান চপোৱা উৎসৱ উদযাপন । ডিমৌ উন্নয়ন খণ্ডৰ অন্তৰ্গত দিহিংপৰীয়া সৰিয়হ উৎপাদক কোম্পানীৰ সহযোগত ১৩ ডিচেম্বৰত অনুষ্ঠিত হয় এই ধানকটা উৎসৱ।

অনুষ্ঠানতে ধান চপোৱা আধুনিক যন্ত্ৰটোৰে ধানকটাৰ শুভাৰম্ভ কৰে শিৱসাগৰ জিলা উপায়ুক্ত আদিত্য বিক্ৰম যাদৱে। ধানকটা মেচিনটোৰ শুভাৰম্ভ কৰি উপায়ুক্তগৰাকীয়ে কয়- কৃষি আধুনিকিকৰণৰ জৰিয়তে দেশৰ প্ৰধানমন্ত্ৰীৰ সপোন- কৃষকৰ আয় দুগুণ কৰাৰ লক্ষ্যত উপনীত হ’ব পৰা যাব।
লগতে পঢ়ক-
GI TAG কি? অসমৰ কোনবোৰ কৃষিজাত সামগ্ৰীয়ে লাভ কৰিছে আন্তঃৰাষ্ট্ৰীয় মান্যতা!

জিলাখনৰ কৃষকক কৃষি যান্ত্ৰিকীকৰণৰ ক্ষেত্ৰত অধিক আগ্ৰহী কৰি তোলাৰ উদ্দেশ্যে আয়োজন কৰা অনুষ্ঠানটিত শিৱসাগৰ জিলা কৃষি বিষয়া বলীন্দ্ৰ নাথ চেতিয়া, কৃষি তথ্য বিষয়া আচিফ বৰা, উদ্যান শস্যৰ মহকুমা কৃষি বিষয়া তথা এপাৰ্টৰ জিলা নডেল বিষয়া অমৃত শইকীয়া, আন্ত:ৰাষ্ট্ৰীয় ধান গৱেষণা কেন্দ্ৰৰ সৌৰভ জ্যোতি, শিৱসাগৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ বিষয় বিশেষজ্ঞ ড০ শোভাশ্ৰী দিহিঙ্গীয়া আদি উপস্থিত থাকে।

কৃষি বিভাগৰ মেডিয়া বিশেষজ্ঞ দেৱাশ্ৰী দীক্ষা শাণ্ডিল্যয়ে আঁত ধৰা অনুষ্ঠানটিত উপস্থিত থাকে নিতাইপুখুৰী, ডিমৌ, খেলুৱা, কোঁৱৰপুৰ, বৰপাত্ৰ, গৌৰীসাগৰৰ কৃষি উন্নয়ন বিষয়া সকল আৰু এপাৰ্টৰ আৰু আত্মাৰ কৰ্মচাৰীসকল৷
লগতে পঢ়ক-
Share your comments