1. News

কুৰুৱাৰ এন চি কিৰাকাৰা চৰতো আৰম্ভ হোৱাৰ দিশে অন্য এক কৃষি প্রকল্প

KJ Staff
KJ Staff
দৌৰংগ সমবায় সমিতিৰ পাঁচ হাজাৰ বিঘা কৃষিভূমিক সামৰি  কৰা কৃষি প্ৰকল্পৰ শুভাৰম্ভণি
দৌৰংগ সমবায় সমিতিৰ পাঁচ হাজাৰ বিঘা কৃষিভূমিক সামৰি কৰা কৃষি প্ৰকল্পৰ শুভাৰম্ভণি

গৰুখুটি বহুমুখী কৃষি প্রকল্পই খিলঞ্জীয়া ৰাইজৰ মনত আশাৰ সঞ্চাৰ কৰাৰ পাছত একেটা সমষ্টিতে পুনৰ কুৰুৱাৰ এন চি কিৰাকাৰা চৰতো আৰম্ভ হোৱাৰ দিশে অন্য এক কৃষি প্রকল্প। গৰুখুঁটি বহুমুখী কৃষি প্ৰকল্পৰ  সাফল্যৰ পাছতেই দৌৰংগ সমবায় সমিতিৰ জৰিয়তে প্রায় পাঁচ হাজাৰ বিঘা কৃষিভূমিক সামৰি এই প্ৰকল্প স্থাপন কৰা হ’ব। এন চি কিৰাকাৰাত বহু হাজাৰ বিঘা ভূমি এতিয়াও বেদখলৰ কবলত আছে।

এনে পৰিপ্ৰেক্ষিতত কিছুদিন পূর্বে ছিপাঝাৰৰ ৰাজহ চক্ৰ বিষয়া কমলজিৎ শৰ্মাই আৰক্ষী বাহিনীৰ সৈতে পর্যবেক্ষণ কৰি আলোচনা ভিত্তিত প্রায় ৬,০০০ বিঘা ভূমি বেদখলমুক্ত কৰে। এই ৬,০০০ বিঘা ভূমিত ছিপাঝাৰ বিধানসভা সমষ্টিৰ খিলঞ্জীয়া যুৱকসকলক লগত লৈ এক কৃষি প্ৰকল্পৰ সূচনা কৰাৰ উদ্দেশ্যেই দেওবাৰে ভূমি পূজন কৰি শুভাৰম্ভ কৰাৰ লগতে বীজ সিঁচা প্রক্রিয়া সম্পন্ন হয়।

লগতে পঢ়ক- 

অসমৰ থলুৱা ফল-মূল আৰু পাচলিৰ সংৰক্ষণ আৰু মূল্য সংযোজন

বিধায়ক ড° ৰাজবংশীৰ লগত দৰঙৰ কৃষি বিষয়া জ্যোতিষ নাথো উপস্থিত থাকি বীজ সিঁচা পৰ্বৰ শুভাৰম্ভ কৰে। এই অনুষ্ঠানত দৰং বিজেপিৰ বিষয়ববীয়া মুকুন্দ ডেকা,  ছিপাঝাৰ মণ্ডল বিজেপিৰ সভাপতি দীপক নাথ প্ৰমুখ্যে ভিন্নগৰাকী লোক উপস্থিত থাকে।

ইফালে, এন চি কিৰাকাৰাৰ এই প্ৰস্তাৱিত কৃষি প্ৰকল্পৰ সমীপতে থকা কিংবদন্তি স্বৰূপ কুৰুৱা পাহাৰত অৱস্থিত ন-গোসাঁই থানখনো পৰ্যটনৰ এক আকৰ্ষণৰ কেন্দ্ৰবিন্দু কৰি তোলাৰ বিষয়েও বিধায়ক ড° ৰাজবংশীয়ে বন বিভাগ আৰু খণ্ড উন্নয়ন বিষয়া বিভাষ বৰাক লগত লৈ পৰ্যালোচনা কৰে।

লগতে পঢ়ক- 

অসম কৃষি বিশ্ববিদ্যালয়ে আঁজুৰি আনিলে ভাৰতীয় কৃষি অর্থনীতি সংস্থাৰ কেইবাটাও বঁটা

English Summary: Multi-agricultural project on 6,000 bighas of land in Sipajhar

Like this article?

Hey! I am KJ Staff. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.