Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 21 July, 2022 3:13 PM IST
হাতীৰ বাবে ধান খেতি হাতীবন্ধুৰ

ৰাজ্যত দৈনিক বৃদ্ধি পাই আহিছে হাতী-মানুহৰ সংঘাত। বনৰীয়া জীৱ-জন্তুসমূহৰ বিচৰণ ভূমিসমূহ প্ৰতিদিনে কমি অহাটোৱেই ইয়াৰ মুখ্য কাৰণ। হাবিসমূহ কাটি মানুহে ঘৰ-বাৰী, কৃষি কৰ্ম কৰিবলৈ আৰম্ভ কৰিছে। ফলত সংকোচিত হৈ আহিছে বনাঞ্চলসমূহ।

যাৰবাবে জাক জাক হাতীৰ লগতে বিভিন্ন বনৰীয়া জন্তুসমূহ জনাঞ্চললৈ আগমণ ঘটে খাদ্যৰ সন্ধানত।  আৰু জনাঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰে। নিমিষতে জনাঞ্চলৰ খেতি, ঘৰবাৰী নিঃশেষ কৰি আহিছে  এই হাতীসমূহে। ইয়াৰ দ্বাৰা বিশেষ লোকচানৰ সন্মুখীন হৈ আহিছে ৰাজ্যৰ দুখীয়া কৃষক ৰাইজ। এইক্ষেত্ৰত ৰাজ্য চৰকাৰে হাতী-মানুহৰ সংঘাত ৰোধিবৰ বাবে যিধৰণে পদক্ষেপ গ্ৰহণ কৰিব লাগিছিল সেইধৰণে কিন্তু আজিকোপতি কোনো বিজ্ঞানসন্মত পদক্ষেপ গ্ৰহণ নকৰিলে  লগতে  অসমৰ এটা জাতীয় সংগঠনেও ।

হাতী আহিছে কৃষকৰ খেতি-পথাৰ, ঘৰ-দুৱাৰ নষ্ট কৰিছে সংবাদ মাধ্যমে বাতৰি পৰিৱেশন কৰিছে। বছ সিমানেই। কিন্তু এইক্ষেত্ৰত  নগাঁও-কাৰ্বি আংলং সীমান্তৱৰ্তী হাতীখালি ৰংহাং গাঁৱৰ ৰাইজ আৰু হাতীবন্ধু’ নামৰ সংগঠনটো ব্যতিক্ৰম। ২০১৮ চনৰ পৰা ৰংহাংবাসী আৰু হাতীবন্ধুৱে হাতীৰ বাবে বৃহত পৰিমাণৰ ভূমিত ধান খেতি কৰি হাতীৰ আক্ৰমণৰ বাবে নিজৰ খেতি-মাটিডৰাক সুৰক্ষা দি আহিছে।

পূৰ্বে ৰংহাংবাসীয়ে হাতীৰ উপদ্ৰৱৰ বাবে ধান খেতি কৰিব পৰা নাছিল হাতীৰ উপদ্ৰৱৰ বাবে। কিন্তু হাতীৰ বাবে খেতি কৰি হাতীৰ খাদ্য যোগান ধৰাৰ পাছৰ পৰা অৰ্থাত বিগতে ৪ বছৰে নিৰাপদে নিজৰ খেতিডৰা চপাবলৈ সক্ষম হৈছে। এইক্ষেত্ৰত বিশেষ ভূমিকা লৈ আহিছে দুলু বৰা নামৰ স্থানীয় প্ৰকৃতিপ্ৰেমী যুৱকজনে। বিগত বছৰসমূহৰ দৰে  এইবাৰো হাতীৰ বাবে ধানখেতি কৰিবলৈ সাজু হৈছে হাতীবন্ধু আৰু ৰংহাংবাসী।

হাতী বন্ধুৰ পথাৰত বনৰীয়া হাতীৰ ধান খোৱা দৃশ্য

যোৱা বছৰ ২০০ বিঘা মাটিত  মাটিত খেতি কৰিছিল কিন্তু এইবাৰ ২৩০ বিঘা মাটিত হাতীৰ বাবে খেতি কৰাৰ সংকল্প। শেহতীয়াকৈ তেওঁলোকে খেতিৰ বাবে প্ৰস্তুতিও চলাইছে। ধানৰ লগতে  অঞ্চলবাসীয়ে  হাতীৰ খাদ্য ঔটেঙা, নেপিয়াৰ আদি হাতীবন্ধুৱে পাহাৰীয়া অঞ্চলসমূহত ৰোপণ কৰিছে। উল্লেখ্য যে পূৰ্বৰ তুলনাত এইবাৰ ৩০ বিঘা মাটিত বেছিকৈ হাতীৰ বাবে খেতি আৰম্ভ কৰিছে।

লগতে পঢ়ক- ধান খেতিৰ বিকল্প কি? ধান ভাল নোহোৱা পথাৰখনত ধানৰ খেতিয়েই কৰি থাকিব নেকি?

English Summary: Paddy Cultivation for Elephants
Published on: 21 July 2022, 02:51 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now