Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 2 February, 2023 7:30 AM IST
tamulpur

গ্ৰামাঞ্চলৰ মহিলাসকলক আৰ্থিকভাৱে সবলীকৰণত বিশেষ গুৰুত্ব প্ৰদানৰ লক্ষ্যৰে বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থা এক্সন গ্ৰুপ ফৰ ৰুৰেল এডভেন্সমেন্ট চমুকৈ “আগ্ৰা”ই তামুলপুৰত বস্ত্ৰশিল্পৰ বিনামূলীয়া প্ৰশিক্ষণ আৰু বস্ত্ৰ উৎপাদনৰ দিহা কৰি থলুৱা কাপোৰৰ এখন বজাৰ দখল কৰিবলৈ প্ৰয়াস কৰিছে৷ ইয়াৰে অংশ হিচাপে আজি তামুলপুৰৰ বৰবেলবাৰীত আগ্ৰাৰ তৃতীয়টো থলুৱা বস্ত্ৰ উৎপাদন কেন্দ্ৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰা হয়। কেন্দ্ৰটোৰ শুভ উদ্বোধন কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে৷ তদুপলক্ষে স্থানীয় যুৱ সমাজকৰ্মী জিতেন মুছাহাৰীৰ সঞ্চালনাত এখন উদ্বোধনী সভা অনুষ্ঠিত হয়৷ সভাত আদৰণি ভাষণ ৰাখি “আগ্ৰা” নামৰ বেচৰকাৰী সংস্থাটোৰ পৰিচালিকা পাৰুল ভড়ালী বড়োৱে গাঁৱৰ খাটিখোৱা মহিলাসকলক প্ৰশিক্ষণৰ মাজেৰে দক্ষতা বৃদ্ধি কৰি থলুৱা কাপোৰ উৎপাদনৰ জৰিয়তে আৰ্থিক সকাহ দিবলৈ এই বস্ত্ৰ উৎপাদন কেন্দ্ৰটো মুকলি কৰা হৈছে বুলি কয়৷

সভাত উদ্বোধক বিটিআৰৰ চীফ প্ৰমোদ বড়োৱে গাঁৱৰ মহিলাসকলক লক্ষ্য কৰি থলুৱা বস্ত্ৰ উৎপাদনৰ গুৰুত্ব সন্দৰ্ভত কবলৈ গৈ কয় যে অসমৰ স্বাভীমান গামোচাই জি আই টেগ লাভ কৰিলে৷ এতিয়া দেশৰ আইন অনুসৰি ইয়াৰ উৎপাদন থলুৱা ভাৱে হ’ব লাগিব৷ বাহিৰৰপৰা গামোচা আনিব নোৱাৰিব৷ ইতিমধ্যে অসম চৰকাৰে এশ কোটি টকা থকা থলুৱা ভাৱে উৎপাদিত গামোচা, আৰনাই, দখনাকে ধৰি বিভিন্ন জাতি জনগোষ্ঠীৰ স্বাভিমানী জাতীয় গামোচা ক্ৰয় কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে৷

তেওঁ কয় যে, অচিৰেই অন্ততঃ মাৰ্চ মাহৰ ভিতৰতে বড়ো জনগোষ্ঠীৰ স্বাভিমান আৰনাই আৰু দখনাই জি আই টেগ লাভ কৰিব৷ এতিয়া বিহু, পূজা-পাতল, উৎসৱ-পাৰ্বন, আৰু নিৰ্বাচন আহি আছে৷ যথেষ্টখিনি গামোচাৰ প্ৰয়োজন হ’ব৷ গামোচাবোৰ বাহিৰৰ পৰা অহাটো বন্ধ হ’লে আমাৰ থলুৱা ভাৱে উৎপাদিত কাপোৰৰ চাহিদা বৃদ্ধি পাব৷ সেয়ে মহিলাসকলে থলুৱা কাপোৰ উৎপাদনত গুৰুত্ব দিয়াটো আজি প্ৰয়োজন হৈ পৰিছে বুলি তেওঁ উল্লেখ কৰে৷ ইপিনে গাঁৱৰ শিপীনিসকলক পৰিচয় পত্ৰও দি থকা হৈছে৷ তেওঁ বিটিআৰত তিনি লাখ শিপীনি থকাৰ কথা উল্লেখ কৰি বস্ত্ৰশিল্প উৎপাদনৰ কাৰণে ৬০ গৰাকী শিপিনীয়ে বিনামূলীয়াকৈ প্ৰশিক্ষণ ল’ব পৰাকৈ বিটিআৰত ষোল্লটাকৈ বস্ত্ৰশিল্প প্ৰশিক্ষণ তথা বস্ত্ৰ উৎপাদন কেন্দ্ৰ স্থাপনৰ কথা সদৰি কৰি পুনৰ কয়  যে তামুলপুৰতো এটি কেন্দ্ৰ স্থাপন কৰা হ’ব ৷

ভাষণ প্ৰসংগত তেওঁ বিটিআৰৰ অৰ্থনৈতিক দিশৰ প্ৰতি লক্ষ্য ৰাখি কৃষি-ৰেচম- হস্ততাঁত বস্ত্ৰশিল্প আদিত অধিক গুৰুত্ব দি অহাৰ কথা সদৰি কৰি আগন্তুক দিনত বিটিআৰত এক ছাগলী মিছন আৰু অগৰু মিছন আৰম্ভ কৰিব বুলিও দোহাৰে৷ ছাগলী মিছনত তিনি হাজাৰ কৃষকৰ প্ৰতিগৰাকীকে দহটাকৈ ছাগলী আৰু একোটা সৰু ঘৰ প্ৰদান কৰি পশুপালনেৰে কৃষি অৰ্থনীতিৰ ভেটি সুদৃঢ় কৰাৰ প্ৰয়াস কৰাৰ উপৰি গ্ৰাম্য অৰ্থনীতিত এক ইতিবাচক প্ৰভাৱ পৰিব বুলি কয় বিটিআৰ চীফ প্ৰমোদ বড়োৱে৷ ইপিনে বিটিআৰৰ সাৰুৱা আৰু পাহাৰীয়া সম্ভৱনাপূৰ্ণ মাটিত অগৰুৰ উৎপাদন যথেষ্টখিনি উন্নত হোৱাৰ আাশা কৰিছে চীফ গৰাকীয়ে৷ সেয়ে অচিৰেই অগৰু মিছনৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীক কৃষিৰ প্ৰতি আগ্ৰহী কৰি তুলিব বুলিও তেওঁ সদৰি কৰে৷ অনুষ্ঠানত আগ্ৰা নামৰ বেচৰকাৰী সংস্থাৰ সভাপতি অভিজিত ভড়ালী, সম্পাদক প্ৰকাশ কলিতা আৰু গাঁৱৰ শিপীনি সকল,  ভিচিডিচিৰ অধ্যক্ষ, দলীয় নেতা-কৰ্মী,স্থানীয় ৰাইজ উপস্থিত আছিল৷ উল্লেখযোগ্য যে, আগ্ৰা নামৰ বেচৰকাৰী সংস্থাটোৱে ইতিমধ্যেই ত্ৰিশ গৰাকী মহিলাক কাপোৰ বোৱা, ৰং কৰা, আৰ্হি প্ৰস্তুত কৰা আদিৰ বিনামূলীয়াকৈ প্ৰশিক্ষণৰ দিহা কৰি উদ্বোধন কৰা বস্ত্ৰ উৎপাদনকেন্দ্ৰ টোৰ জৰিয়তে দহ খন আধুনিক প্ৰযুক্তিযুক্ত তাঁতশালত থলুৱা ভাৱে গামোচা, আৰনাই, দখনা, চাদৰ-মেখেলা, শ্বল দোপাত্তা আৰু এড়ী কাপোৰৰ লগতে পাট, মুগা আদি কাপোৰ উৎপাদন কৰিবলৈ দিহা কৰা হৈছে৷

লগতে পঢ়কঃ PM-PRANAM: জৈৱিক সাৰৰ প্ৰয়োগ বৃদ্ধি কৰিবলৈ প্ৰধানমন্ত্ৰী-প্ৰণাম আঁচনি

English Summary: Opening of handloom center at tamulpur
Published on: 01 February 2023, 05:49 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now