Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 3 February, 2023 4:58 PM IST
Nilmoni Phookan letter

অৱশেষত খোলা হ’ল জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠিখন। ১৯ বছৰে বন্ধ খামত আবদ্ধ হৈ থকা চিঠিখন খোলা হ’ল গুৱাহাটী প্ৰেছ ক্লাবত। জ্ঞানপীঠ বিজয়ী কবি নীলমণি ফুকনৰ এই বন্ধ খামৰ চিঠিখনত কি আছে জানিবলৈ উতসুক হৈ আছিল অসমৰ জনতা। সাহিত্য জগতৰ বহু বিতৰ্কিত অধ্যায় এই চিঠিখনে মুকলি কৰিব বুলি অনুমান কৰিছিল বহুজনে। কবিৰ বিৰুদ্ধে হোৱা এক ষড়যন্ত্ৰৰ সবিশেষ এই চিঠিখনে মুকলি কৰিব বুলি ভবা হৈছিল। অৱশেষত বিতৰ্কিত খামটো খোলাৰ সময় আহি পালে। আজি অৰ্থাৎ ৩ ফেব্ৰুৱাৰীৰ দিনৰ ১১ বজাত খোলা হ’ল কবিগৰাকীয়ে লিখি থৈ যোৱা এই বন্ধ খামৰ চিঠিখন। বিশিষ্ট নিবন্ধকাৰ, সাংবাদিক নিত্য বৰাৰ হাতত থকা চিঠিখন খোলা হ’ল গুৱাহাটী প্ৰেছ ক্লাবত। সংবাদ মাধ্যমৰ সন্মুখতে ৰাজহুৱাভাৱে খোলা হ’ল এই খামটো। উল্লেখ্য যে, ২০০৪ চনৰ পৰাই বন্ধ খামত আবদ্ধ হৈ আছিল এই চিঠিখন। কাৰণ নিত্য বৰাৰ হাতত তুলি দিয়া চিঠিখনৰ খামৰ ওপৰত কবি নীলমণি ফুকনে লিখিছিল – ‘মই যোৱাৰ পাছতহে খুলিবা, বিশ্বাসটো ৰাখিবা’।

মহান কবিগৰাকীৰ বিয়োগৰ পাছত চিঠিখন খোলাৰ কথা আছিল যদিও পৰিয়ালৰ অনুৰোধমৰ্মে কবিগৰাকীৰ আদ্যশ্ৰাদ্ধৰ পিছত চিঠিখন খোলাৰ সিদ্ধান্ত লোৱা হয়। সেই অনুসৰি আজি দিনৰ ১১ বজাত গুৱাহাটী প্ৰেছ ক্লাবত খোলা হয় বহু প্ৰতীক্ষিত এই চিঠিখন। ১৯৭৩-৭৪ চনত এটা বিদেশী কবিতা অসমীয়ালৈ হুবহু অনুবাদ কৰি কুম্ভীলক বৃত্তিত নিয়োজিত হোৱাৰ অভিযোগ উঠিছিল কবি নীলমণি ফুকনৰ বিৰুদ্ধে। আমাৰ প্ৰতিনিধি আলোচনীত ড০ ভূপেন হাজৰিকাৰ সম্পাদনা কালত কবিতাটোৰ বিৰুদ্ধে লেখা প্ৰকাশ হৈছিল। ঘটনাটোৱে ফুকনৰ সাহিত্যিক জীৱন প্ৰভাৱিত কৰাই নহয়, প্ৰায় ইতি পেলাইছিল। সেই সময়ৰ আৰক্ষী অধীক্ষক KPS গিলে মিথ্যাচাৰটো প্ৰমাণ কৰিছিল আৰু সাহিত্য সভাৰ ভগৱতী প্ৰসাদ বৰুৱা সমিতিয়ে কবিগৰাকীক এই কলংকৰপৰা ওলাই অহাত সহায় কৰিছিল। কিন্তু সেই প্ৰমাণ অস্বীকাৰ কৰি এখন গ্ৰন্থত পুনৰ প্ৰকাশ হৈছিল কবিগৰাকী কুম্ভীলক বৃত্তি নিয়োজিত হোৱাৰ অভিযোগ। ঘটনাটোৰ সমগ্ৰ পৰিক্ৰমা সামৰি ২০০৪ চনত প্ৰতিদিন কাকতৰ সম্পাদক নিত্য বৰাই এটা প্ৰবন্ধ লিখিছিল। ইয়াৰ পাছতে নীলমণি ফুকনৰ কবিতাটোক কেন্দ্ৰ কৰি কেইবাখনো পত্ৰ প্ৰতিদিনত প্ৰকাশ পায়। তেতিয়া কাকতৰ কাৰ্যালয়ত উপষ্ঠিত হৈ নিত্য বৰাৰ হাতত বন্ধ খামৰ চিঠিখন ফুকনে দিছিল। ঘটনাক্ৰমে নিত্য বৰাক ফুকনে সাক্ষাত কৰাৰ সময়ত এজন ডেকা সাংবাদিক সেই ঠাইত উপস্থিত আছিল। তেওঁ চিঠিখনৰ কথাটো সাদিন কাকতত প্ৰকাশ কৰিছিল।

উল্লেখ্য যে প্ৰতিদিন ডিজিটেলৰ সাংবাদিক মৃদুল সন্দিকৈয়ে উক্ত প্ৰসংগটো মনত ৰাখিছিল আৰু নীলমণি ফুকনৰ মৃত্যুৰ পাছত নিত্য বৰাৰ অনুমতি লৈ বন্ধ চিঠি সন্দৰ্ভত বাতৰি প্ৰকাশ কৰিছিল। ইয়াৰ পাছত কথাটোক লৈ সংবাদ মাধ্যমত ব্যাপক আলোচনা আৰম্ভ হৈছিল।

চিঠিত কি আছে?

পপ্ৰেছ ক্লাবত নিত্য বৰাই পাঠ কৰিলে প্ৰয়াত কবি নীলমণি ফুকনৰ বন্ধ খামৰ চিঠি।

চিঠিৰ শিৰোনাম-অন্য এক কলংকিত অধ্যায়ৰ বিষয়ে।

চিঠিখন ২৫ জুন, ২০০৪ চনত নিত্য বৰাই লিখা প্ৰবন্ধৰ উত্তৰ।

মৃদুপৱন বৰুৱা নামৰ লোকজনে তুলিছিল নীলমণি ফুকনৰ বিৰুদ্ধে অভিযোগ। আৰম্ভ হৈছিল কবিৰ বিৰুদ্ধে ষড়যন্ত্ৰ।

ভবেন বৰুৱা, বীৰেন্দ্ৰনাথ ভট্টাচাৰ্য, সত্যেন্দ্ৰনাথ শৰ্মা, মুনীন বৰকটকী, ভবেন্দ্ৰনাথ শইকীয়াই কবিক প্ৰতিবাদ কৰিবলৈ আৰু সাহিত্যক আগুৱাই নিবলৈ সাহস দিছিল।

ভবেন বৰুৱাৰ পৰামৰ্শ মতে সেই সময়ৰ আৰক্ষী অধীক্ষক কেপি এছ গিলক সাক্ষাত কৰি কোচিনৰ পৰা উলিওৱা ইক’ নামৰ পত্ৰিকা আৰু ৰাঘৱন প্ৰেছৰ সন্ধান পাইছিল কবি নীলমণি ফুকনে।

ঘটনাক্ৰ সন্দৰ্ভত ফুকনক নিৰ্দোষ বুলি উল্লেখ কৰি ভবেন বৰুৱাই লিখা এটা প্ৰবন্ধ প্ৰকাশ পাইছিল বাণী প্ৰকাশে উলিওৱা সংজ্ঞা নামৰ পত্ৰিকাখনত।

পাছত অসমীয়া প্ৰতিদিন কাকতত নিত্য বৰাই এই প্ৰসংগত লিখা প্ৰবন্ধ আৰু কেইজনমান পত্ৰ লেখকৰ মনৰ খু-দুৱনি মাৰিবলৈ বিশেষ চিঠিখন লিখিছিল কবিয়ে। চিঠিখন নচপাবলৈ আৰু তেওঁৰ মৃত্যৰ পাছতহে খুলিবলৈ তেওঁ নিত্য বৰাক অনুৰোধ কৰিছিল।

চিঠিত কবিয়ে লিখিছে- '... প্ৰকৃততে মই একো কৰা নাছিলো। ভবেন বৰুৱাৰ প্ৰবন্ধ 'অসমীয়া সাহিত্যৰ নাইটমেয়াৰ' প্ৰকাশ হোৱাৰ ১৯ বছৰৰ পাছত শ্ৰীমান হোমেন বৰগোহাঞিৰ দ্বাৰা সম্পাদিত অসমীয়া সাহিত্যৰ বুৰঞ্জীৰ ষষ্ঠ খণ্ডত ১৯৯৬ত প্ৰকাশিত 'অসমীয়া কবিতাৰ কুৰিটা বছৰ' শীৰ্ষক প্ৰবন্ধত প্ৰদীপ আচাৰ্যই লিখা- ''স্পেনিছ কবি কেমিন'ৰ প্ৰভাৱ পৰা ‘টোপনিতো তেওঁ মোক খেদি ফুৰিছিল’ ৰসোতীৰ্ণ আৰু ইয়াৰ অনুসংগ আৰু পৰিমণ্ডল স্বকীয় অনুভূতিৰে সমুজ্জ্বল’'- দেখি মই হতবাক। কি কথা লিখে! কবিতাটোক লৈ হোৱা বিবাদ নিষ্পত্তি হোৱা বুলি ভাবিছিলো। কথাটো হোমেন বৰগোহাঞিক কম বুলি ভবা কথাটো সেই সময়ৰ সচিব টাবু টাইডক কৈছিলো। কথাটো শুনি তেওঁ ভাল পোৱা নাই যেন লাগিছিল। তেওঁ মোক ক’লে আপুনি মোক এখন দৰ্খাস্ত দিয়ক মই কাৰ্যনিৰ্বাহকত দিম। তাৰ পিছত কিছুদিন গ’ল, মই এদিন টাবু টাইডক লগ পাই সুধিলোঁ- মোৰ দৰ্খাস্তখনৰ কিবা হ’লনে?  তেওঁ ক’লে- মই শ্ৰী আচাৰ্যলৈ লিখিছোঁ।মই কেৱল জানিব বিচাৰিছোঁ কেমিনুৰ বুলি প্ৰচাৰ কৰা কবিতাটো ক’ত বা কেমিনুৰ কোনখন গ্ৰন্থত আছে?

এদিন মই প্ৰদীপ আচাৰ্যক লগ পাই সুধিলো- তেওঁ কেমিনুৰ কবিতাটো ক’ত পাইছে? তেওঁ কেৱল শ্ৰী টাইডৰ চিঠি পাইছোঁ বুলিহে ক'লে। শ্ৰী আচাৰ্যই টাইডৰ চিঠিখনৰ উত্তৰ দিছিল নে নাই, আৰু দিছিল যদি তাত কি লিখিছিল মই গম নাপালোঁ।‘

নিত্য বৰাক দিয়া কবি নীলমণি ফুকনৰ সম্পূৰ্ণ চিঠিখন-

লগতে পঢ়কঃ AGRICULTURE BUDGET: কৃষক, পশু/মীন পালক, কৃষি উদ্যোগীৰ বাবে নতুন আঁচনি ঘোষণা

English Summary: Opening of controversial letter by poet Nilmoni Phookan
Published on: 03 February 2023, 12:30 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now