Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 23 December, 2023 10:37 AM IST

National Farmers day 2023 : আজি কৃষক দিৱস। দেশজুৰি কৃষকসকলক উৎসাহিত কৰিবৰ বাবে চৰকাৰী আৰু বেচৰকাৰীভাৱে আয়োজন কৰিছে কৃষক দিৱসৰ বিভিন্ন কাৰ্যসূচী। ভাৰতৰ প্ৰাক্তন প্ৰধান মন্ত্ৰী চৌধুৰী চৰণ সিঙৰ স্মৃতিত ২০০১ চনৰ পৰা প্ৰতি বছৰে ২৩ ডিচেম্বৰত ৰাষ্ট্ৰীয় কৃষক দিৱস পালন কৰি আহিছে সমগ্ৰ দেশে।

চৌধুৰী চৰণ সিঙ নিজে এজন কৃষকৰ সন্তান আছিল। সেইবাবে তেওঁ খেতিয়কৰ সমস্যাসমূহ ভালদৰে বুজিব পাৰিছিল। চৌধুৰী চৰণ সিঙে মাজে মাজে সভা পাতি আলোচনাৰ জৰিয়তে কৃষকক উৎসাহিত কৰিছিল। চৌধুৰী চৰণ সিং আছিল ভূমি সংস্কাৰৰ আঁৰৰ প্ৰধান ব্যক্তি। তেওঁ কৃষিখণ্ডৰ উন্নতিৰ বাবে দেশৰ আটাইতকৈ ডাঙৰ কৃষি ৰাজ্য উত্তৰ প্ৰদেশৰ পৰিৱৰ্তন আনিছিল।

লগতে পঢ়ক- 

১ কেজিৰ দাম ৩০০ পৰা ৪০০ টকা। পুলি ৰোৱা ৮ মাহৰ পাছতে পাব ফল

কূষিখণ্ডৰ বাবে তেওঁৰ কামবোৰৰ ভিতৰত উল্লেখযোগ্য আছিল-

ঋণ মুক্তি বিধেয়ক (১৯৩৯)

এই আইন খনৰ জৰিয়তে ঋণী কৃষক সকলে ধন বা ঋণ দাতাৰ পৰা সকাহ পাইছিল। এই আইন খনৰ বাবে কৃষক সকলৰ দ্বাৰা সংঘটিত আত্মহত্যাৰ সংখ্যাৰ ওপৰতো ইতিবাচক প্ৰতিফলন ঘটাইছিল।

ভূমি ধাৰণ আইন (১৯৬০)

চৰণ সিঙ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী হৈ থাকোতে এই পৰিৱৰ্তনশীল আইন খন কাৰ্যকৰী হৈছিল। আইন খনে এজন ব্যক্তিৰ ভূমি ধাৰণৰ সীমা নিৰ্ধাৰণ কৰি ৰাজ্যখনত একোতা নিশ্চিত কৰিছিল।

তদুপৰি চৌধুৰী চৰণ সিঙে ৰাজ্যখনৰ কৃষি মন্ত্ৰী হৈ থাকোঁতে ১৯৫০ৰ জমিদাৰী বিলুপ্তি আইনৰ বাবেও কাম কৰিছিল। সম্প্ৰতি দেশত বহু কৃষক নেতা আছে। কিন্তু চৌধুৰী চৰণ সিঙে যিদৰে কৃষকসকলৰ বাবে মনে প্ৰাণে কাম কৰিছিল তেনেদৰে কাম কৰা নেতা আজি তাৰিখত বিৰল। সম্প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে কৃষকসকলৰ আয় দুগুণ কৰাৰ লক্ষ্যৰে কাম কৰি আছে। বাস্তৱত কিন্তু কামৰ অগ্ৰগতি বৰ বেছি দেখিবলৈ পোৱা নাযায়। কাৰণ ২০২০-২০২১ বৰ্ষৰ এনচিবিৰ ৰিপৰ্ট মতে, দেশত কৃষকৰ আত্মহত্যাৰ সংখ্যা বাঢ়িছে। এই ঘটনাসমূহগে কৃষকসকলৰ প্ৰতি নেতাসকলৰ তথাকথিত আন্তৰিকতাকে স্পষ্ট কৰে। কিন্তু এইক্ষেত্ৰত ব্যতিক্ৰম আছিল চৌধুৰি চৰণ সিং। যাৰবাবে আজিও তেওঁ আমাৰ মাজত কৃষকৰ মাজত জীয়াই  আছে।

লগতে পঢ়ক- 

আজিৰে পৰা চাৰিদিনীয়াকৈ দিল্লীত নর্থ-ইষ্ট ফেষ্টিভেল

English Summary: National Farmers day 2023
Published on: 23 December 2022, 01:40 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now