1. News

Atal Gaurav Award : জয়মতী কৃষক উৎপাদক কোম্পানী'লৈ ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মান

PANKAJ KHANIKAR
PANKAJ KHANIKAR
জয়মতী কৃষক উৎপাদক কোম্পানী'লৈ ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মান
জয়মতী কৃষক উৎপাদক কোম্পানী'লৈ ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মান

ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। নাৰী শক্তিৰ প্ৰতীক 'জয়মতী কৃষক উৎপাদক কোম্পানী'লৈ ৰাষ্ট্ৰীয় পৰ্যায়ৰ সন্মান। প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীৰ সোঁৱৰণত গঠিত 'অটল ফাউণ্ডেশ্যনে’ অনুষ্ঠিত কৰা এক অনুষ্ঠানত শোণিত পুৰৰ কৃষক উৎপাদক কোম্পানী 'জয়মতী'ক প্ৰদান কৰে ‘ৰাষ্ট্রীয় অটল গৌৰৱৰ সন্মান'। দেশৰ ৰাজধানী নতুন দিল্লীৰ 'প্ৰধান মন্ত্ৰী সংগ্ৰহালয়ত অনুষ্ঠিত হয় অনুষ্ঠানটো। অনুষ্ঠানটোত অটল গৌৰৱ বঁটাৰে ৩৫ আৰু অটল আন্ত:ৰাষ্ট্ৰীয় বঁটাৰে ১১ গৰাকীক সন্মান জনোৱা হয়।

সামাজিক উন্নয়ন আৰু দেশৰ বিকাশত আগবঢ়োৱা উল্লেখযোগ্য অৱদানৰ বাবে ব্যক্তিবিশেষ তথা তথা সামাজিক প্ৰতিষ্ঠানসমূহক প্ৰদান কৰা হয় হয় এই ‘অটল গৌৰৱ সন্মান'। সম্বৰ্ধনা অনুষ্ঠানটোত কেন্দ্ৰীয় কেবিনেট মন্ত্রী অৰ্জুন ৰাম মেঘৱালৰ লগতে কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীৰ উপস্থিতিত জয়মতী কৃষক উৎপাদক কোম্পানী (FPC) অধ্যক্ষা কমল কুমাৰী বড়োৱে।  জয়মতী কৃষক উৎপাদক কোম্পানীৰ হৈ বঁটাটো গ্ৰহণ কৰে।

লগতে পঢ়ক- 

ৰাজ্যৰ পথাৰত ২৪x৭ পানী যোগানৰ বাবে মন্ত্ৰী অশোক সিংহল-অতুল বৰাৰ বৈঠক

 

জয়মতী কৃষক উৎপাদক কোম্পানীটোৰ এই সফলতাৰ বাবে শুভেচ্ছা জনাইছে ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰাই । শুভেচ্ছা জ্ঞাপন কৰিছে শোণিতপুৰ জিলা কৃষি বিষয়া পঙ্কজ কুমাৰ শইকীয়াই। উল্লেখ্য যে শোণিতপুৰ জিলাৰ পুঠিমাৰীত ৪৩৫ গৰাকী মহিলা সদস্যৰে গঠিত এটা কৃষক উৎপাদক কোম্পানী ‘জয়মতী’। মহিলা উৎপাদক কোম্পানীটোৱে শেহতীয়াকৈ ৰাজ্যৰ কৃষিখণ্ডত এক বিপ্লবৰ সূচনা কৰিবলৈ সক্ষম হৈছে। হাজাৰ হাজাৰ বিঘা মাটিত খেতি কৰে কৃষক উৎপাদক কোম্পানীটোৰ মহিলা কৃষকসকলে। সম্প্ৰতি নাৰী শক্তিৰ প্ৰতীকলৈ ৰূপান্তৰ হৈছে 'জয়মতী কৃষক উৎপাদক কোম্পানী।

উল্লেখ্য যে শেহতীয়াকৈ 'বিশ্ব বেংকৰ কেলেণ্ডাৰ ২০২৪' স্থান লাভ কৰিছে জয়মতী কৃষক উৎপাদক কোম্পানীৰ ফটো । চলিত বর্ষত ৰাজ্যৰ কৃষি মন্ত্ৰী অতুল বৰা আৰু অসম বিধানসভাৰ প্ৰতিনিধিৰ দলে কৃষক উৎপাদক কোম্পানীটোৰ কৃষিকাৰ্য পৰিদৰ্শন কৰি ভূয়সী প্ৰশংসা কৰিছিল ।

লগতে পঢ়ক- 

কৃষি জাগৰণ অসমৰ তৰফৰ পৰাও জয়মতী কৃষক উৎপাদক কোম্পানীলৈ শুভেচ্ছা

English Summary: Munjapara honors 35 with Atal Gaurav Award, 11 with Atal International Award

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.