1. News

Livestock and Poultry Fair : ৫ পৰা ৭ জানুৱাৰীলৈ পশুধন আৰু হাহঁ-কুকুৰা মেলা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Livestock and Poultry Fair -24
Livestock and Poultry Fair -24

আগন্তুক ৫, ৬ আৰু ৭ জানুৱাৰীত খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ত খেলপথাৰত পশুধন আৰু হাহঁ-কুকুৰা মেলা -২৪। ৰাজ্যৰ পশুপালন আৰু পশু চিকিৎসা বিভাগে আয়োজন কৰিছে মেলাখন। মেলাত ৰাজ্যৰ কেইবাগৰাকী প্রগতিশীল পশুপালকলৈ বঁটা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰিও পশুপালন খণ্ডৰ লগত জড়িত পশুপালক সকলৰ লগতে বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে অংশ গ্ৰহণ কৰিব।

ইতিমধ্যে ভালেসংখ্যক অনুষ্ঠান প্ৰতিষ্ঠানে আধুনিক তথ্য প্ৰযুক্তিসমূহৰ লগতে বিভিন্ন প্ৰজাতিৰ গৰু, ছাগলী, গাহৰি, হাঁহ- কুকুৰা আদি প্ৰদৰ্শন কৰিবলৈ সন্মতি প্ৰদান কৰিছে। মেলাত প্ৰতিদিনে প্ৰশিক্ষণ, আলোচনা চক্ৰ, কাৰিকৰি আলোচনাচক্ৰ আদি অনুষ্ঠিত হ’ব । ৫ জানুৱাৰীত দিনৰ ১১ বজাত মেলা আনুষ্ঠানিক ভাবে উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিস্ব শৰ্মাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকিব পশুপালন বিভাগৰ মন্ত্রী অতুল বৰাই।

লগতে পঢ়ক- 

Bottle Gourd Farming : ৰাজুমণি ভূঞাৰ জাতিলাও খেতিৰ কেইখনমান আলোকচিত্ৰ

মেলাত প্ৰতিদিনে বিভিন্ন ধৰণৰ প্ৰশিক্ষণ কর্মশালা আদি অনুষ্ঠিত হোৱাৰ লগতে নতুন নতুন প্রযুক্তিৰে নিৰ্মিত সা-সৰঞ্জামসমূহৰ লগতে পশুধন প্ৰদৰ্শন কৰা হ'ব। এই মেলাত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰৰ শ্ৰেষ্ঠ পশুপালক-কৃষকসকলক পুৰষ্কৃত কৰাৰ লগতে সৰ্বশ্ৰেষ্ঠ কৃষকগৰাকীক নগদ ১ লাখ টকাৰে পুৰস্কৃত কৰা হ'ব।

মেলাখনৰ বিষয়ে অধিক জানিবলৈ আগ্রহীসকলে জিলা পশুধন বিষয়া অথবা অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ কাৰ্যালয়ত যোগাযোগ কৰিব পাৰিব। ইয়াৰ উপৰি পশুপালন আৰু পশু চিকিৎসা বিভাগ আৰু অসম পশুধন আৰু হাঁহ-কুকুৰা নিগমৰ ৱেবছাইটৰ জৰিয়তেও বিতং তথ্য লাভ কৰিব।

লগতে পঢ়ক- 

Atal Gaurav Award : জয়মতী কৃষক উৎপাদক কোম্পানী'লৈ ৰাষ্ট্রীয় পৰ্যায়ৰ সন্মান

 

English Summary: Jan. 5, 6 and 7. Livestock and Poultry Fair -24

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.