1. News

গুৱাহাটীত ১৬ দিনীয়া কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা-২০২৩

PANKAJ KHANIKAR
PANKAJ KHANIKAR

গুৱাহাটীত শনিবাৰৰ পৰা অনুষ্ঠিতত হৈছে দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা-২০২৩। ১৬ দিনীয়া কাৰ্যসূচীৰে মণিৰাম দেৱান বাণিজ্য কেন্দ্ৰত আয়োজন কৰা "দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় শীতকালীন বাণিজ্য মেলা"খন। বাণিজ্য মেলাখনত বাংলাদেশ, থাইলেণ্ড, আফগানিস্তানকে ধৰি দেশৰ বিভিন্ন ৰাজ্যৰ তথা ৰাজ্যখনৰ ব্যৱসায়ী বিপণী লগাইছে।

অসম বাণিজ্য উন্নয়ন সংস্থাৰ উদ্যোগত অনুষ্ঠিত বাণিজ্য মেলাখন শুভ উদ্বোধন কৰে ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাই। সভাখন উদ্বোধন কৰি বৰাই কয়- আত্মনিৰ্ভৰ অসম গঢ়াৰ যাত্ৰাৰ উদ্যমী সেনানীসকলক এই মেলাখনে তেওঁলোকৰ বাণিজ্য বৃদ্ধিৰ দিশত এক বিশেষ মঞ্চ প্ৰদান কৰিব বুলি মই দৃঢ় বিশ্বাসী। এইছেগতে অসম চৰকাৰৰ উদ্যোগ, বাণিজ্য আৰু ৰাজহুৱা প্ৰতিষ্ঠান বিভাগ আৰু অসম বাণিজ্য উন্নয়ন সংস্থাৰ সংশ্লিষ্ট সকলোকে এই পদক্ষেপৰ বাবে আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে অনুষ্ঠানটোৰ সফল সামৰণি আন্তৰিকতাৰে কামনা কৰিছোঁ।

মেলাখন উদ্বোধন কৰাৰ পাছতে কৃষিমন্ত্ৰী গৰাকীয়ে মেলাখনৰ বিপনীসমূহ পৰিদৰ্শন কৰে। বিপনীসমূহ পৰিদৰ্শন কৰি তেওঁ কয়- বাণিজ্য মেলাখনলৈ অহা বাংলাদেশ, থাইলেণ্ড, আফগানিস্তানকে ধৰি আমাৰ দেশ তথা ৰাজ্যখনৰ উদ্যমী ব্যক্তিসকলৰ বিপণীসমূহ পৰিদৰ্শন কৰিলোঁ। তেওঁলোকৰ সৈতে বাৰ্তালাপ কৰি মনৰ উৎসাহ আৰু দৃঢ়তা দেখি আপ্লুত হ'লোঁ। তেওঁলোকৰ ঔদ্যোগিক প্ৰয়াসৰ সফলতা কামনাৰে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।

লগতে পঢ়ক- 

Bottle Gourd Farming : ৰাজুমণি ভূঞাৰ জাতিলাও খেতিৰ কেইখনমান আলোকচিত্ৰ

উদ্বোধনী অনুষ্ঠানটোত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজা, পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, ৰয়েল ভূটানীজ কনচুলেট জেনেৰেল জিগমে থিনলে নামগ্যাল, বাংলাদেশৰ সহকাৰী উচ্চায়ুক্ত ৰুহুল আমিন, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, অসম বাণিজ্য উন্নয়ন সংস্থাৰ অধ্যক্ষ সুনীল ডেকা, উপাধ্যক্ষ মধুৰাম ডেকা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম পণ্যাগাৰ নিগমৰ উপাধ্যক্ষ ড° তপন দাস, অসম চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ যুটীয়া সচিব চাজ্জাদ আলম প্ৰমুখ্যে অন্যান্য বিশিষ্ট ব্যক্তিসকল আৰু ৰাইজ উপস্থিত থাকে।

লগতে পঢ়ক- 

Bottle Gourd Farming : ৰাজুমণি ভূঞাৰ জাতিলাও খেতিৰ কেইখনমান আলোকচিত্ৰ

English Summary: International Winter Trade Fair-2023

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.