Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 10 October, 2022 10:26 AM IST
mulayam singh yadav passes away

সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক তথা নেতা মুলায়ম সিং যাদৱৰ মৃত্যু। শাৰীৰিক অসুস্থতাৰ বাবে ২২ ছেপ্টেম্বৰৰ পৰা চিকিৎসালয়ত ভৰ্তি হৈ আছিল নেতাগৰাকী। আজি গুৰুগ্ৰামৰ মেদান্তা হাস্পতালত চিকিৎসাধীন অৱস্থাত তেওঁৰ মৃত্যু হয়। মৃত্যুৰ সময়ত সমাজবাদী পাৰ্টিৰ নেতাজনৰ বয়স আছিল ৮২ বছৰ।

উল্লেখ্য যে স্বাস্থ্যৰ অৱনতি ঘটাৰ বাবে মুলায়ম সিং যাদৱক দেওবাৰে আইচিইউলৈ নিয়া হৈছিল। জানিব পৰা মতে যাদৱৰ উশাহ-নিশাহত সমস্যা আছিল আৰু আভ্যন্তৰীণ ঔষধৰ বিশেষজ্ঞ ডাঃ সুশীলা কাটাৰিয়াই হাৰিয়ানাৰ চিকিৎসালয়খনত তেওঁৰ চিকিৎসা কৰি আছিল।

মুলায়ম সিং যাদৱ এজন প্ৰখ্যাত ভাৰতীয় ৰাজনীতিবিদ আৰু সমাজবাদী পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল। তেওঁ একেৰাহে তিনিবাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী আছিল।ইয়াৰ লগতে তেওঁ ভাৰত চৰকাৰৰ প্ৰতিৰক্ষা মন্ত্ৰীও আছিল।

তেওঁ দীৰ্ঘকাল ধৰি বিধায়ক পদত আছিল আৰু লোকসভাৰ মৈনপুৰী সমষ্টিৰ লগতে আজমগড় আৰু সম্ভল সমষ্টিৰ সাংসদ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল।

মুলায়ম সিং যাদৱৰ মৃত্যুৰ বাতৰিয়ে সমগ্ৰ দেশতে শোকৰ ছাঁ পেলাইছে। বহু ৰাজনৈতিক নেতা আৰু যাদৱৰ সমৰ্থকসকলে টুইটাৰযোগে নেমতাজনৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে।

লগতে পঢ়কঃ নিবনুৱাৰ অনুপাতে দেশত নাই চৰকাৰী কিন্তু কি কৰিব!

English Summary: mulayam singh yadav death
Published on: 10 October 2022, 10:26 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now