1. News

হাইকান্দিৰ কৃষি মেলাত উজলিল Graduate Farmer ৰ ৰয়েল নাৰ্চাৰী

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Hailakandi Krishi Mela
Hailakandi Krishi Mela

হাইলাকান্দিত দুদিনীয়া কাৰ্যসূচীৰে হাইলাকান্দি কৃষি বিভাগৰ উদ্যোগত সম্পন্ন হ’ল কৃষি মেলা। কৃষি মেলাখনত জিলাখনৰ ভিন্নপ্ৰান্তৰ কৃষক, আত্মসহায়ক গোটৰ লগতে থলুৱা উদ্যোগীসকলে উতসাহেৰে অংশগ্ৰহণ কৰি কৃষিজাতসামগ্ৰীসমূহ বিক্ৰি কৰাৰ লগতে প্ৰদৰ্শনীও কৰে।

মেলাখনত বহু থলুৱা অংশগ্ৰহণ কৰে যদিও আকৰ্ষণৰ কেন্দবিন্দু হৈ Graduate Farmer ৰ ৰয়েল নাৰ্চাৰী। হাইলাকান্দিৰ একাংশ স্নাতক আৰু স্নাতকোত্তৰ ছাত্ৰীৰ দ্বাৰা গঠিত Graduate Farmer কাম-কাজ দেখি প্ৰশংসাৰে উপচায় বিভিন্নজনে। তেওঁলোকৰ ষ্টলখন আছিল উচ্চ মানৰ হাইব্ৰিড ফুল, ফলমূল, ঔষধি গছৰ পুলিৰ লগতে জৈৱিক সাৰ আৰু কীটনাশক, বাঁহৰ টুথব্ৰাছ, নিমৰ ফনী, বাঁহৰ হেণ্ডেলযুক্ত ৰিমাৰ ঝাড়ুকে ধৰি জৈৱিক কৃষিজাত সামগ্ৰী।

উচ্চশিক্ষিত যুৱক-যুৱতীৰে গঠিত সংগঠিত এই সংগঠনটোৱে বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে। কাৰণ যি সময়ত বহু শিক্ষিত যুৱক-যুৱতীয়ে চাকৰি নাই বুলি ঘৰতে নিৱনুৱা হৈ বহি আছে তেনেসময়ত এই যুৱক-যুৱতীসকলে নিজৰ শিক্ষাক উচিত কামত লগাই নিজে সংস্থাপন দিয়াৰ লগতে সমাজলৈ এটা বাৰ্তা দিছে।

জানিব পৰা মতে, গ্ৰেজুৱেট ফাৰ্মছ পঞ্জাৱ নেচনেল বেংকৰ দ্বাৰা পৰিচালিত প্ৰশিক্ষণ কেন্দ্ৰ পিএনবি আৰএছইটি কাচাৰৰ পৰা কৃষি উদ্যোগীকৰণ উন্নয়ন কাৰ্যসূচীৰ অধীনত প্ৰশিক্ষণপ্ৰাপ্ত কেইজনমান স্নাতকৰ কৃষি ব্যৱসায় ষ্টাৰ্ট-আপ।

লগতে পঢ়ক- 

Watermelon farming : শান্তিপুৰ জেংৰাইত তৰমুজৰ খেতি অনুজ দলেৰ

English Summary: Graduate Farmer's shines In the Hailakandi Krishi Mela

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.