Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 18 May, 2023 5:53 PM IST

পৰিত্যক্ত হৈ পৰি থকা ২৫৪ বিঘা ভূমি মুকলি কৰি বিগত বছৰৰ আগষ্ট মাহৰ পৰা মোমাই তামুলী বহুমুখী কৃষি পামৰ কাম আৰম্ভ কৰা হৈছিল। পৰিকল্পিতভাবে কৰা এই পামে বৰ্তমান কিছুদিনৰ পৰা প্ৰতি সপ্তাহত প্রায় পঞ্চাশ হেজাৰ টকাৰ কৃষিজাত বিভিন্ন উৎপাদন বিক্ৰী কৰিবলৈ সক্ষম হৈছে। পাম খনৰ ২৫৪ বিঘা ভূমিত মাটি মাহ, নেমু, ভেন্দি, তীয়হ আদিকে ধৰি ভালেমান শস্যৰ খেতি কৰা হৈছে। কোনো ধৰণৰ ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ এই পামে উৎপাদন কৰা শাক-পাচলিসমূহে স্থানীয় বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। ৪৩ গৰাকী সদস্যৰে গঠিত এই সমবায় সমিতিৰ প্ৰতি গৰাকী সদস্যৰ লগতে প্ৰতিদিনে এই পামত ৪০/৫০ গৰাকী স্থানীয় মহিলা ব্যস্ত হৈ থাকে এই পামত।

কোনোবাই যদি ফচল চিঙাত ব্যস্ত হৈ থাকে, তেন্তে আন কোনোবাই নতুন খেতিৰ বাবে মাটি সাজু কৰাৰ বাবে ব্যস্ত হৈ থাকে। একালৰ এৰাবাৰীখন এতিয়া পুৱাৰ পৰাই মুখৰিত হৈ থাকে। দিচাং নৈৰ গাতে লাগি থকা পাম খনৰ লগত নিবিড়ভাবে জড়িত হৈ থকা জিতু, পৰেশ, ৰূপম, প্ৰাঞ্জল আদিকে ধৰি এমুঠি যুৱকে এতিয়া এই পামখনকে জীৱন জীৱিকাৰ সম্বল ৰূপে সাৱটি লৈছে। পামখনত চলিত বছৰত কৃষি বিভাগ আৰু কৃষি বিজ্ঞান কেন্দ্ৰই যোগান ধৰা মিলেটৰ পৰীক্ষামূলক খেতি কৰা হৈছিল। এই ফচল এতিয়া চপাব পৰা হৈছে। কেইটামান দিন পূৰ্বে সৰিয়হৰ খেতি সামৰা পামখনত এতিয়া ভোট জলকীয়া, তামোল, নেমু আদিৰ হেজাৰ হেজাৰ পুলি ৰোপণ কৰা হৈছে। ইয়াৰ উপৰি ৩০ বিঘাভূমিত অসম চৰকাৰৰ অমৃত সৰুবৰ আঁচনিৰ অধীনত বিশাল পুখুৰী খান্দি মীন পালনৰ বাবে সাজু হৈছে মোমাই তামুলী সমবায় সমিতি।

একেদৰে ব্যৱসায়িকভাৱে মুৰ্গী পালন কৰাৰ লগতে পাম খনৰ সুন্দৰ নসৈৰ্গিক পৰিবেশৰ প্ৰতি আকৰ্ষিত হোৱা আলহী ঘৰ নিৰ্মান কৰিবলৈ আগবাঢ়িছে। কৃষি আৰু গ্ৰাম্য পৰ্যটনৰ সমাহাৰ ঘটাব বিচৰা এই পাম সুচাৰুভাৱে পৰিচালনা কৰাৰ ক্ষেত্ৰৰ সমষ্টিটোৰ বিধায়ক সুশান্ত বুঢ়াগোহাঁইয়ে এক ইতিবাচক ভূমিকা লৈছে। সমবায় সমিতিখনৰ সভাপতিৰ দায়িত্ব বিধায়ক বুঢ়াগোহাঁইয়ে কান্ধ পাতি লৈছে আৰু কৃষি কৰ্মৰ জৰিয়তে বিকল্প কৰ্মসংস্থাপন সৃষ্টি কৰি এক আদৰ্শ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম আৰম্ভ কৰিছে। বহু কেইটা দীর্ঘ ম্যাদী পৰিকল্পনা গ্ৰহণ কৰা এই পাম বৰ্তমান জিলাখনৰ এক আদৰ্শ কৃষি পামলৈ পৰিৱৰ্তিত হৈছে। পামখনত অনাগত সময়ত মুগা আৰু এৰী পালন কৰাৰ পৰিকল্পনা বাস্তৱায়িত কৰাৰ বাবে বৃহৎ পৰিমানে কেছেৰো আৰু নুনী গছ ৰোপণ কৰা হৈছে।

অতি কম সময়ৰ ভিতৰতে আশানুৰূপ ফলাফল লাভ কৰা পামখনে ইতিমধ্যে মুখ্যমন্ত্ৰীৰ পৰা ২৫ লাখ টকাৰ সাহাৰ্য লাভ কৰিছে। ইয়াৰ সমান্তৰালভাৱে জিলাখনৰ কৃষি বিভাগে পামখনক প্ৰয়োজনীয় সকলো দিহা-পৰামৰ্শ আগবঢ়াই আহিছে।

প্ৰতিবেদক- মুজাহিদ আলি, শিৱসাগৰ

লগতে পঢ়ক- 

ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই

English Summary: Momai Tamuli Agricultural Farm has brought hope to Shivsagar
Published on: 18 May 2023, 05:50 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now