1. News

Millet Lunch মেন্যুত কি? আজি সংসদ ভৱনত সুস্বাদু ব্যঞ্জনেৰে বিশেষ ভোজ

Mrigakshi Phukan
Mrigakshi Phukan
Millet lunch at parliament
Millet lunch at parliament

প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত আজি বিশেষ ভোজত বিশেষ ব্যঞ্জনৰ সোৱাদ ল’ব সাংসদ সকলে। কৃষি মন্ত্ৰালয়ে সংসদ ভৱনত আয়োজন কৰা ভোজত বিশেষ আহাৰেৰে আপ্যায়ণ কৰা হ’ব সাংসদসকলক।কেন্দ্ৰীয় কৃষি ৰাজ্যিক মন্ত্ৰী কৈলাশ চৌধুৰীয়ে কৰ্ণাটকৰ পৰা অহা বিশেষ ৰান্ধনীৰ দলে কৰা প্ৰস্তুতিৰ বুজ লয়। উল্লেখ্য যে দেশত উতপাদিত বিভিন্ন মোটা শষ্য যেনে- জোৱাৰ, বাজৰা, ৰাগী আদিৰে প্ৰস্তুত কৰা খাদ্য এই ভোজত খুওৱা হ’ব।

সন্ধিয়া, ৰাতিপুৱাৰ আৰু নৈশ ভোজনৰ বাবে বাজৰাৰে বিভিন্ন ধৰণৰ পুষ্টিকৰ আৰু সুস্বাদু খাদ্য সামগ্ৰী প্ৰস্তুত কৰা হৈছে।বিশেষকৈ মাৰৱাৰ অঞ্চলৰ মুখ্য খাদ্য শস্য "বাজৰা"ৰ পৰা এই খাদ্যসমূহ প্ৰস্তুত কৰা হয়। খাদ্যৰ তালিকাত আছে ৰাগীৰে প্ৰস্তুত কৰা ইডলী-দোচা, ৰাগী আৰু জোৱাৰৰ ৰুটী, বাজৰা আৰু জোৱাৰৰ খিচিৰি, বাজৰাৰ পায়স আদি। কেন্দ্ৰীয় কৃষি মন্ত্ৰী নৰেন্দ্ৰ সিং তোমাৰ আৰু কৃষি ৰাজ্যিক মন্ত্ৰী শোভা কাৰান্দলাজও ভোজৰ প্ৰস্তুতিৰ পৰিদৰ্শন কৰে।

এই প্ৰস্তুতি সন্দৰ্ভত কেন্দ্ৰীয় কৃষি ৰাজ্যমন্ত্ৰী কৈলাশ চৌধুৰীয়ে কয়, "প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকে ধৰি কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ সদস্যসকল আৰু লোকসভা আৰু ৰাজ্যসভাৰ সাংসদসকলো বাজৰাৰ পৰা তৈয়াৰ কৰা বিভিন্ন ব্যঞ্জনৰ মানদণ্ডৰ বিষয়ে অৱগত হ'ব।" ২০২১ চনৰ মাৰ্চ মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত ভাৰতে প্ৰদান কৰা প্ৰস্তাৱ সৰ্বসন্মতিক্ৰমে গ্ৰহণ কৰা হৈছে, যাৰ অধীনত ২০২৩ বৰ্ষক 'মোটা খাদ্যশস্যৰ আন্তৰ্জাতিক বৰ্ষ' হিচাপে ঘোষণা কৰা হৈছে। প্ৰস্তাৱটো ৭০ খনতকৈও অধিক দেশৰ দ্বাৰা সমৰ্থিত আছিল। এনে পৰিস্থিতিত এতিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত সকলোৱে অংশগ্ৰহণ কৰি দেশ আৰু বিশ্বৰ সাধাৰণ লোকসকলৰ ওচৰত বাজৰাক (মোটা শস্য) পৰিচয় কৰাই দিয়া সম্ভৱ হ’ব।

উল্লেখ্য যে, স্থায়ী উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি ভাৰত চৰকাৰে এই মিলেট বৰ্ষ পালনত অগ্ৰণী ভূমিকা গ্ৰহণ কৰিবলৈ ওলাইছে। মিলেট হ’ল ঘাঁহজাতীয় খাদ্যশস্য। ক্ষুদ্ৰ ক্ষুদ্ৰ দানাৰে ভৰ্ত্তি মিলেট হ’ল পুষ্টিৰ ভঁৰাল আৰু চাউল আৰু ঘেহুঁতকৈ বেছি পুষ্টিকাৰক। চাউল আৰু ঘেঁহুৰ তুলনাত বেছি বেছি আঁহযুক্ত হোৱাৰ বাবে মিলেটে তেজত গ্লুক’জৰ পৰিমাণ হ্ৰাস কৰি মধুমেহ ৰোগৰ দৰৱৰ কাম কৰে আৰু লগতে হজম শক্তি নিয়ন্ত্ৰণ কৰে। ফলত মিলেট খালে বহু দেৰিলৈকে নোখোৱাকৈ থাকিব পাৰি। এইবোৰৰ উপৰি মিলেট বিভিন্ন ভিটামিন আৰু খনিজ পদাৰ্থৰ উৎস। বিশেষকৈ মিলেটত প্ৰ’টিন, কেলছিয়াম, মেগনেছিয়াম, লৌহ পদাৰ্থ, জিংক, ভিটামিন B6, নিয়ামিন, ফলিক এচিড আদিৰ উৎকৃষ্ট উৎস।ইয়াত থকা লিগ্নানছ নামৰ পদাৰ্থই স্তনৰ কেঞ্চাৰ আৰু হৃদযন্ত্ৰৰ ৰোগো প্ৰতিৰোধ কৰে।

লগতে পঢ়কঃ ৰামলীলা মৈদানত একত্ৰিত হ’ল ৪০ হাজাৰ কৃষক

English Summary: Millet lunch at parliament

Like this article?

Hey! I am Mrigakshi Phukan. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.