1. News

মৰিগাঁৱত ‘স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে মিলেট’ শীৰ্ষক সজাগতা সভা

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Millet  awareness meeting in Morigaon
Millet awareness meeting in Morigaon

দেশত অব্যাহত আছে আন্ত:জাৰ্তিক মিলেট বৰ্ষ ২০২৩। সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন প্ৰান্তত মিলেটৰ খেতি, মিলেট, সন্দৰ্ভত সজাগতা সভা, কৰ্মশালা আয়োজন কৰি আহিছে ৰাজ্যৰ কৃষি বিভাগে। মিলেট মিছনৰ অংশ হিচাপে আজি অসম মিলেট মিছনৰ উদ্যোগত মৰিগাঁও জিলা কৃষি কাৰ্যালয়ে গছৰগুৰি কৃষি উন্নয়ন চক্ৰৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱা মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত 'অসমৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ বাবে মিলেট' শীৰ্ষক এখন সজাগতা সভা আয়োজন কৰে।

সজাগতা সভাখনত আন্তৰ্জাতিক মিলেট বৰ্ষৰ লগত সংগতি ৰাখি অনুষ্ঠিত সজাগতা সভাখনত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত মিলেটৰ প্ৰকাৰ, মিলেট খাদ্যৰ গুণাগুণ, মিলেটৰ উপকাৰিতা সম্পৰ্কে সজাগতাৰ সৃষ্টি কৰা হয়।

জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত সজাগতা সভাত অংশগ্ৰহণ কৰা প্ৰায় শতাধিকৰো অধিক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক- শিক্ষয়ত্ৰী সকলে মিলেটক খাদ্য হিচাপে গ্ৰহণ কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰে।

আনহাতে, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আজিৰ অনুষ্ঠানতে বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত জিলা কৃষি বিভাগৰ তৰফৰ গছপুলি বিতৰণ আৰু ৰোপন কৰা হয়। সজাগতা সভাখনত কৃষি উন্নয়ন বিষয়া গৌৰৱ কাশ্যপ, মিলেট বিশেষজ্ঞ দীপশিখা গগৈ, আঁচনি বিষয়া ড০ পুনম শইকীয়া, মেডিয়া বিশেষজ্ঞ গৌতম কুমাৰ নাথৰ লগতে সংশ্লিষ্ট বিষয়া- কৰ্মচাৰীসকল উপস্থিত থাকে।

লগতে পঢ়ক- 

প্লাষ্টিককলৈ বিশ্ব পৰিৱেশৰ দিনা কি ক'লে অৰণ্য মানৱ যাদৱ পায়েঙে!

English Summary: Millet for School Children' awareness meeting in Morigaon

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2025 Krishi Jagran Media Group. All Rights Reserved.