Dragon Fruit Farming : ৩ লাখ টকা খৰচ কৰি আৰম্ভ কৰিলে ড্ৰেগন ফলৰ খেতি Goat farming : ২ মাহৰ প্ৰশিক্ষণ গ্ৰহণ কৰক, এবছৰত ৫-৬ লাখ টকা উপাৰ্জন কৰক আজি কৃষক দিৱস! জানো আঁহক কৃষক নেতা চৌধুৰি চৰণ সিঙৰ বিষয়ে কিছু কথা Coming Soon MFOI- 2023 : উপস্থিত থাকিব নীতিন গাডকাৰী, পুৰুষোত্তম ৰূপালা লগতে কৃষিখণ্ডৰে জড়িত ব্যক্তি Mobile Veterinary : আপোনাৰ পশুধন ৰোগত আক্ৰান্ত হ’লেই ফোন কৰক মিয়াজিকিৰ নকৰাকৈ আম খেতিৰ পৰাই লাখ টকা ঘটি আছে ধনীৰাম চেতিয়াই এইকেইখন আঁচনিৰ অধীনত মহিলা সকলে ব্যৱসায়ৰ বাবে লাভ কৰিব ঋণ ছাগলী আৰু গাহৰি পালনৰ বাবে ১০-৫০ লাখলৈ ঋণ। যোগাযোগ কৰক আজিয়েই আৰু বিশ্ব অভিলেখ লাগে, অসমত এখন ডাঙৰ গাহৰি ফাৰ্ম খুলি বিশ্ব অভিলেখ কৰক ৪০ শতাংশ ৰাজসাহাৰ্য! প্ৰধানমন্ত্ৰী মৎস্য সম্পদা যোজনাৰ অধীনত এই সুবিধাৰ লাভ উঠাওক মীনপালকে ২০২৩ বৰ্ষৰ অসম গৌৰৱ সন্মান লাভ কৰা কৃষক আৰু কৃষিখণ্ডৰে জড়িত ব্যক্তিসকল Super Cow : এজনী China Super Cow য়ে এদিনতে দিব ৫,৬০০ টকাৰ গাখীৰ Banana farming : কল খেতিৰে গাড়ী কিনিলে তামুলপুৰৰ মিকাছ বসুমতাৰীয়ে Black cumin cultivation এক হেক্টৰ মাটিত গড়ে ১০ কুইণ্টল পৰ্যন্ত বীজ উৎপাদন কৰক Queen Pineapple: অসমত ৰাণী আনাৰসৰ জৈৱিক খেতি আৰু ইয়াৰ সম্ভাৱনাসমূহ
Updated on: 27 October, 2023 12:12 PM IST
জাপানৰ কৃষিখণ্ডত অসমৰ যুৱপ্ৰজন্মৰ নিযুক্তিৰ সন্দৰ্ভত বৈঠক

গুৱাহাটী : কৃষি ক্ষেত্ৰৰ প্ৰতি যুৱপ্ৰজন্মৰ আকৰ্ষণ বৃদ্ধিয়ে এই খণ্ডৰ উৎকৰ্ষ সাধনত অৰিহণা যোগাব পাৰে। জাপানৰপৰা অহা এটা প্ৰতিনিধি দলে কৃষি তথা ইয়াৰ আনুষংগিক ক্ষেত্ৰৰ সৈতে জড়িত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে গুৱাহাটীৰ নভ'টেল হোটেলত বৃহস্পতিবাৰে এক মত বিনিময় কাৰ্যসূচীত অংশ লয়।

জাপানৰ কৃষি, বন আৰু মীন মন্ত্ৰ্যালয়ৰ নেতৃত্বত অহা এই দলটোত উপস্থিত থাকে বিভিন্ন স্বায়ত্তশাসিত তথা ব্যক্তিগত সংস্থাৰ সদস্যসকল। প্ৰতিনিধি দলটোৱে প্ৰয়োজনীয় দিশসমূহৰ বিষয়ে বিভিন্ন দিহা-পৰামৰ্শ আগবঢ়োৱাৰ লগতে নিযুক্তি প্ৰদানৰো কেতবোৰ বিষয় সন্দৰ্ভত আলোচনা কৰে।জাপানৰ এচএচডব্লিউ( SSW-Specified Skilled Worker), টিআইটিপি (TITP- (Technical Intern Training Program)ৰ অধীনত জাপানৰ কৃষি ক্ষেত্ৰত কাম কৰিব বিচৰা প্ৰশিক্ষিত সম্ভাৱনাময় প্ৰতিভাসকলৰ বাবে এখন উৎকৃষ্ট মঞ্চ গঢ়ি তোলাটোৱেই হৈছে এই কাৰ্যসূচীৰ অন্যতম মূল উদ্দেশ্য। 

লগতে পঢ়ক- 

Mustard with Bee farming : সৰিয়হ খেতিৰ লগত কেনেকৈ কৰিব মৌ-পালন

উক্ত কাৰ্যসূচীত উপস্থিত থকা কৃষি সঞ্চালক ভাস্কৰ পেগুৱে ভাষণ প্ৰসংগত জাপানত অসমৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে থকা সুযোগ-সম্ভাৱনাৰ বিষয়ে কয়। এই কাৰ্যসূচীত অসম কৃষি বিশ্ববিদ্যালয়, যোৰহাট আৰু নলবাৰী উদ্যান শস্য মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক, বিজ্ঞানী তথা বিভাগীয় বিষয়াসকলে অংশগ্ৰহণ কৰে।

উক্ত কাৰ্যসূচীত অধ্যাপক অশোক কুমাৰ চাওলা, উপদেষ্টা (এমইএ, জাপান), জাপানৰ নেশ্যনেল চেম্বাৰ অৱ এগ্ৰিকালচাৰৰ অতিৰিক্ত কাৰ্যবাহী সঞ্চালক আৰু জেনেৰেল মেনেজাৰ শ্বিন কুৰোটানি, কৃষি, বন আৰু মীন মন্ত্ৰ্যালয়ৰ ৰ্যুন'ছুকু টাগাৱা আৰু জাপানৰ নেশ্যনেল চেম্বাৰ অৱ এগ্ৰিকালচাৰৰ ক'হেই এঅ’কি উপস্থিত থাকে।

লগতে পঢ়ক- 

Amazing Jharu Cultivation: ডিলাইত ২৩ বছৰীয়া যুৱকৰ ফুল ঝাড়ুৰ খেতি

English Summary: Meeting on employment of Assamese youth in agriculture sector in Japan
Published on: 27 October 2023, 12:11 IST

কৃষি-সাংবাদিকতাত আপোনাৰ সমৰ্থন দেখুৱাওক

প্ৰিয় পৃষ্ঠপোষক, আমাৰ পাঠক হোৱাৰ বাবে আপোনাক ধন্যবাদ। আপোনাৰ দৰে পঢ়ুৱৈসকল কৃষি সাংবাদিকতাক আগুৱাই নিয়াৰ বাবে আমাৰ বাবে অনুপ্ৰেৰণা। মানদণ্ডৰ কৃষি সাংবাদিকতা প্ৰদান কৰি থাকিবলৈ আৰু গ্ৰাম্য ভাৰতৰ প্ৰতিটো কোণৰ কৃষক আৰু লোকসকলৰ ওচৰলৈ যাবলৈ আমাক আপোনাৰ সমৰ্থনৰ প্ৰয়োজন।

প্ৰতিটো অৱদান আমাৰ ভৱিষ্যতৰ বাবে মূল্যৱান।

Donate now