1. News

খহনীয়াত বিনিদ্ৰ ৰজনী মাজুলীৰ ভকত চাপৰিবাসীৰ। সাংসদ, বিধায়কৰ বিৰুদ্ধে ক্ষোভ খহনীয়াগ্ৰস্তৰ

PANKAJ KHANIKAR
PANKAJ KHANIKAR
Erosion in Vakatchapari
Erosion in Vakatchapari

বাৰিষা পাৰ হ’বৰ উপক্ৰম হ’ল যদিও খহনীয়া লগ এৰা নাই মাজুলীৰ ভকতচাপৰিবাসীক। খহনীয়াই শংকা কঢ়িয়াই আনিছে বৃহত্তৰ অঞ্চলটোলৈ। চপৰা-চপৰে কৃষিভূমি খহাই গ্ৰামাঞ্চল দিশে অগ্ৰসৰ হৈছে ব্ৰহ্মপুত্ৰ আৰু টুনী সুঁতি। এই খহনীয়া যদি অব্যাহ থাকে বিগত দিনত অঞ্চলটো ব্ৰহ্মপুত্ৰৰ বুকুত জাহ যাব বুলি জানিবলৈ দিছে অঞ্চলটোৰ লোকসকলে। ইফালে ভীমপাৰাৰ লগতে পকীমূৰী, চামগুৰি, আলিমূৰ আদি অঞ্চলৰ কাষেৰে বৈ যোৱা টুনী নৈ আৰু ব্ৰহ্মপুত্ৰৰ এটা চেৰাসুঁতিৰ বাবে বিস্তীর্ণ কৃষিপথাৰ খহনীয়াত জাহ যোৱাত খহনীয়াগ্ৰস্ত ৰাইজে মূৰে কপালে হাত দিছে।

ভকত চাপৰি আলিমূৰৰ পৰা গোৱালগাঁও সংযোগী মূল পথটো খহনীয়াত সম্পূৰ্ণৰূপে জাহ যোৱাত যাতায়াত ক্ষেত্ৰত ৰাইজে দুর্ভোগ ভোগ কৰি অহাৰ সমান্তৰালকৈ বিগত বৰ্ষত কেইবাটাও পৰিয়ালে ঘৰ-ভেটি হেৰুৱাই সৰ্বস্বান্ত হোৱাৰ পাছতো খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰৰ গা লৰা নাই। ৰাইজে খহনীয়া প্ৰতিৰোধৰ বাবে চৰকাৰক বাৰম্বাৰ দাবী জনাই আহিছে যদিও প্রতিশ্ৰুতিৰ বাহিৰে অঞ্চলটোৰ সুৰক্ষাৰ বাবে চৰকাৰে একো পদক্ষেপ গ্ৰহণ নকৰাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে।

লগতে পঢ়ক-

বহু উন্নত দেশত খহনীয়া নিয়ন্ত্ৰণ সুগন্ধি বিৰিণা ব্যৱহাৰ কৰি সুফল লাভ কৰিছে

উল্লেখ্য যে ভকত চাপৰিৰ ষোল্লখন গাঁৱৰ ৰাইজে ২০২১ চনত প্ৰাক্তন মুখ্যমন্ত্রী তথা মাজুলীৰ বিধায়ক সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রিত্ব লাভ কৰাৰ সময়ত সোণোৱালৰ উত্তৰসুৰী হিচাপে নিৰ্বাচিত কৰিবলৈ উপ-নির্বাচন অনুষ্ঠিত কৰা হৈছিল আৰু সেই নিৰ্বাচনত ভকত চাপৰিৰ গৰিষ্ঠ সংখ্যক লোকেই বৃহত্তৰ অঞ্চলটোৰ সুৰক্ষা বিচাৰি ভোট বর্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যদিও ভকত চাপৰিবাসীৰ ৰাইজৰ সমস্যা সমাধানৰ বাবে প্ৰতিশ্ৰুতি প্ৰদান কৰাৰ লগতে ভকত চাপৰিত বৃহৎ নির্বাচনী সভা অনুষ্ঠিত কৰি সেই সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মায়ো ৰাইজৰ মাজত প্ৰতিশ্ৰুতিৰ বন্যা বোৱাইছিল। উল্লেখযোগ্য যে উপ-নির্বাচনত ভুৱন গামে জয় লাভ কৰাৰ পাছত ভকত চাপৰিলৈ এবাৰো ঘূৰি চাবলৈ আহৰি নোহোৱা আৰু সাংসদ প্ৰদান বৰুৱাৰ লগতে জলসম্পদ বিভাগৰো চৰম অবহেলাত স্থানীয় ৰাইজ ক্ষুব্ধ হৈ পৰিছে।

দেখা গৈছে ব্ৰহ্মপুত্ৰৰ জলন্তৰ বৃদ্ধিৰ লগে লগেই ভীমপাৰাত খহনীয়াই ধাৰণ কৰা ভয়াৱহতাই ৰাইজৰ মাজত আতংকৰ সৃষ্টি কৰিছে। নিতৌ খহনীয়াত জাহ যোৱা ভীমপাৰাৰ বিস্তৰ কৃষিভূমিৰ লগতে জীৱন সম্পত্তি হেৰুৱাব খোজা স্থানীয় ৰাইজে চৰকাৰক খহনীয়া প্ৰতিৰোধৰ বাবে দাবী জনাইছে।

লগতে পঢ়ক-

বহু উন্নত দেশত খহনীয়া নিয়ন্ত্ৰণ সুগন্ধি বিৰিণা ব্যৱহাৰ কৰি সুফল লাভ কৰিছে

English Summary: majuli erosion

Like this article?

Hey! I am PANKAJ KHANIKAR. Did you liked this article and have suggestions to improve this article? Mail me your suggestions and feedback.

Share your comments

Latest feeds

More News

CopyRight - 2024 Krishi Jagran Media Group. All Rights Reserved.